ডিমা হাছাওলৈ যাব বিচৰা নাই ট্ৰাক চালক : অত্যাৱশ্যকীয় সামগ্ৰীৰ নাটনিৰ আশংকা

author img

By

Published : Aug 31, 2021, 10:34 PM IST

no-truck-driver-is-willing-to-go-to-dima-hasao-after-the-26th-august-incident

ডিমা হাছাও জিলাত উগ্ৰপন্থীৰ আক্ৰমণৰ ঘটনাত 5 গৰাকী নিৰপৰাধী ট্ৰাক চালক নিহত হোৱাৰ পিছত জিলাখনলৈ এতিয়া কোনো ট্ৰাক চালকেই যাবলৈ মান্তি হোৱা নাই ৷ সম্প্ৰতি অত্যাৱশ্যকীয় সামগ্ৰীৰ আহৰণৰ ক্ষেত্ৰত সমস্যাৰ সন্মুখীন হোৱাৰ দিশে আগবাঢ়িছে জিলাখন ৷

ডিমা হাছাও, 31 জানুৱাৰী : 2008 চনৰ পিচতে ডিমা হাছাও জিলাত যোৱা 26 আগষ্ট বৃহৎ উগ্ৰপন্থীৰ আক্ৰমণৰ ঘটনা সংঘটিত হয় ৷ মঙলবাৰ বিয়লি হাফলংৰ জিলা উপায়ুক্ত কাৰ্যালৰ সভা কক্ষত এখন সংবাদমেল সম্বোধন কৰি জিলা উপায়ুক্ত পল বৰুৱাই কয় যে, যোৱা 26 আগষ্ট ডিমা হাছাও জিলাৰ দিয়ুংমুখ আৰক্ষী থানাৰ অন্তৰ্গত ৰেঞ্জাৰবিল অঞ্চলত যি উগ্ৰপন্থীৰ আক্ৰমণৰ ঘটনা সংগঠিত হয় 2008 ৰ পিচতে এয়াই ডিমা হাছাওত উগ্ৰপন্থীৰ আক্ৰমণৰ আটাইতকৈ ডাঙৰ ঘটনা ৷

ডিমা হাছাওলৈ যাব বিচৰা নাই ট্ৰাক চালক : অত্যাৱশ্যকীয় সামগ্ৰীৰ নাটনিৰ আশংকা

ইয়াৰ লগতে, এই উগ্ৰপন্থীৰ আক্ৰমণৰ ঘটনাত 5 গৰাকী নিৰপৰাধী ট্ৰাক চালক নিহত হোৱা ঘটনাক অত্যন্ত দুখঃজনক ঘটনা বুলি আখ্যা দিয়ে জিলা উপায়ুক্ত গৰাকীয়ে । ইয়াৰোপৰি তেওঁ কয় যে, এই উগ্ৰপন্থী আক্ৰমণৰ ঘটনাৰ পিছত আমি 5 বছৰ পিচুৱাই পৰিছো । আমি ভাবিছিলো ডিমা হাছাও জিলাত শান্তি ঘূৰি আহিছে কিন্তু 2021 চনৰ 26 আগষ্টৰ এই ঘটনাৰ পিছত ডিমা হাছাও জিলাত কোনেও আহিব নিবিচাৰিব ৷

তেওঁ লগতে কয় যে, বন্দুক হাতত লৈ কোনো সমস্যাৰ সমাধান নহয় ৷ একমাত্ৰ ৰাজনৈতিক আলোচনাৰ জৰিয়তে হে সমস্যাৰ সমাধান সম্ভৱ । তেওঁ কয় যে, এনে অশান্তিৰ পৰিবেশত কোনো ডাঙৰ কোম্পানীয়ে জিলাখনত বিনিয়োগ কৰিবৰ বাবে চিন্তা ভাৱনা নকৰিব ।

ইয়াৰোপৰি সম্প্ৰতি ডিমা হাছাও জিলাত এক আতংকময় পৰিবেশ সৃষ্টি হৈছে বুলিও তেওঁ মন্তব্য কৰি কয় যে, আমাৰ হাতত অত্যাৱশ্যকীয় সামগ্ৰীৰ এক সপ্তাহৰ ষ্টক আছে । কিন্তু এই ঘটনাৰ পিছতে ট্ৰাক চালক সকলে ডিমা হাছাও জিলালৈ যোৱাৰ বাবে এতিয়া ভয় কৰিছে তাৰ বাবে এতিয়া অতিৰিক্ত নিৰাপত্তা ব্যৱস্থা কৰি অত্যাৱশ্যকীয় সামগ্ৰী জিলাখনলৈ নিব লাগিব আৰু ইয়াৰ বাবে বহু পৰিশ্ৰম কৰিব লাগিব ।

লগতে পঢ়ক : ছাত্ৰ-ছাত্ৰীৰ জীৱন ধ্বংসৰ চক্ৰান্তত নামিছে চৰকাৰ : দিব্যজ্যোতি শৰ্মা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.