Mini Switzerland in trouble : সংকটত উত্তৰ-পূৱ ভাৰতৰ মিনি চুইজাৰলেণ্ড

author img

By

Published : May 18, 2022, 12:08 PM IST

Mini Switzerland in trouble

ডিমা হাছাও জিলাৰ হাফলঙৰ প্ৰাকৃতিক বৈশিষ্ট্যৰ বাবে সকলোৱে ইয়াক 'মিনি চুইজাৰলেণ্ড' বুলি কয় । কিন্তু শেহতীয়াকৈ প্ৰকৃতিৰ ৰোষত পৰিছে হাফলং । বানপানী আৰু ভূমিস্খলনৰ ফলত ধ্বংসস্তুপত পৰিণত হৈছে হাফলঙৰ বহু অঞ্চল (Flood and landslide affects Haflong)। বৰ্তমান কেনে পৰিৱেশে বিৰাজ কৰিছে হাফলঙত ?

নিউজ ডেস্ক, 18 মে’: প্ৰাকৃতিক সৌন্দৰ্য্যৰে ভৰপূৰ ডিমা হাছাও জিলাৰ হাফলং । যাৰ বাবে ইয়াক সকলোৱে 'উত্তৰ-পূব ভাৰতৰ মিনি চুইজাৰলেণ্ড' বুলিও কয় (Haflong is called Mini Switzerland in NE India)। সাগৰ পৃষ্ঠৰ পৰা প্ৰায় ৬৮০ মিটাৰ উচ্চতাত অৱস্থিত এই হাফলং চহৰ । ডিমা হাছাও জিলাৰ মুখ্য কাৰ্যালয় হিচাপে পৰিগণিত হাফলং চহৰ ৰাজ্যখনৰ মুখ্য চহৰ গুৱাহাটীৰ পৰা প্ৰায় ৩৪৫ কিলোমিটাৰ দূৰত অৱস্থিত ।

'উত্তৰ-পূব ভাৰতৰ মিনি চুইজাৰলেণ্ড' সম্পৰ্কে কিছুমান তথ্য

হাফলং নামটো দুটা ডিমাছা শব্দৰ পৰা উদ্ভৱ হৈছিল, হাফলৌ যাৰ অৰ্থ হৈছে 'হোৱাইট এণ্ট হিলক', আনহাতে কিছু সংখ্যক লোকে বিশ্বাস কৰে যে ই হেংকলঙ শব্দৰ পৰা আহিছে যাৰ অৰ্থ হৈছে 'সমৃদ্ধ ভূমি' । ডিমাছা, মাৰ, নগা, কাৰ্বি, খেলমা আৰু মিজোকে ধৰি কেইবাটাও জাতি-জনগোষ্ঠীৰ লোকে একেলগে এই ঠাইত বাস কৰে । যিয়ে এই ঠাইখিনিক এক সুকীয়া বৈচিত্ৰ্য প্ৰদান কৰে । 'মাইবং' পূৰ্বৰ ডিমাছা কছাৰী ৰাজ্যৰ প্ৰাচীন ৰাজধানী আছিল, যি ১৬ শতিকাৰ মাজভাগৰ পৰা ১৮ শতিকাৰ মাজভাগলৈ ৰাজত্ব কৰিছিল । ডিমাছা ভাষাত মাইবং শব্দটোৰ অৰ্থ হৈছে 'যথেষ্ট খাদ্য'।

সাধাৰণতে হাফলঙত প্ৰচলিত ভাষাবোৰ হ'ল হিন্দী, ডিমাছা, মাৰ, জেমি নগা, কুকি, খাচী, বিয়াটে, বাংলা, অসমীয়া, নেপালী আৰু কংগোল (Languages prevalent in Haflong)৷ হাফলং হ্ৰদটো পাহাৰীয়া অঞ্চলটোৰ কেন্দ্ৰত অৱস্থিত আৰু ই অসমৰ অন্যতম বৃহৎ প্ৰাকৃতিক জলাশয় ।

ডিমা হাছাও জিলা হৈছে এক শান্তিপূৰ্ণ স্থান আৰু পৰ্যটনৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু । মনোৰম বৰাইল পৰ্বতমালাৰ গৰ্ভত থকা অসমৰ পাহাৰীয়া জিলাখনলৈ বিশেষকৈ গ্ৰীষ্মকালত বহু পৰ্যটকৰ সমাগম হয় । ডিমা হাছাওৰ বিষয়ে গুগলত অনুসন্ধান কৰিলে দেখিব ইয়াৰ মনোৰম সৌন্দৰ্য, ঐতিহ্যবহনকাৰী ৰেলপথ, পৰ্বত, ডাৱৰ আৰু বৰষুণৰ ছবিবোৰ । শেহতীয়াকৈ মুকলি কৰা গুৱাহাটীৰ পৰা হাফলঙলৈ যোৱা ভিষ্টাড'ম ৰেলখনৰ বিষয়েও যথেষ্ট সমল পোৱা যায় (Vistadome train in Haflong)।

উত্তৰ-পূব ভাৰতৰ মিনি চুইজাৰলেণ্ডৰ বৰ্তমানৰ দুখ লগা ছবি

ধাৰাসাৰ বৰষুণ আৰু ভূমিস্খলনৰ ফলত অসমৰ ডিমা হাছাও জিলাৰ হাফলং ষ্টেচন সম্পূৰ্ণৰূপে প্লাবিত হৈছে (Landslide at Haflong railway station)। ইয়াৰ ফলত উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ (NFR) এই শাখাৰ অধীনত ৰে'ল সেৱা প্ৰভাৱিত হৈছে । পাহাৰীয়া জিলাখন যাতায়ত ব্যৱস্থা, ৰেলসেৱা আৰু ইণ্টাৰনেট সেৱাৰ পৰা বিচ্ছিন্ন হৈ পৰিছে (Flood affects Haflong)।

জিলাখনৰ বহুতো অঞ্চলত বিদ্যুৎ সংযোগো কৰ্তন হৈছে । এতিয়ালৈকে, ডিমা হাছাও জিলাৰ মুখ্য কাৰ্যালয় হাফলঙৰ সমীপৰ হোকাই পুঞ্চি গাঁৱত তিনিগৰাকী লোকৰ মৃত্যু হোৱাৰ খবৰ পোৱা গৈছে । অৱশ্যে, দুৰ্যোগৰ ভয়াৱহতা দেখি অধিক প্ৰাণ হানিৰ সম্ভাৱনা কৰা হৈছে ।

জিলাখনৰ কেইবাটাও পথ খহি পৰিছে, ৰে'লপথ ধ্বংস হৈছে আৰু কেইখনমান গুৰুত্বপূৰ্ণ দলং ভাগি গৈছে । যাৰ বাবে জিলাখন অসমৰ বাকী অংশৰ পৰা বিচ্ছিন্ন হোৱা দেখা গৈছে । হাফলঙৰ স্থানীয় লোক আৰু সাংবাদিকসকলে কোৱা মতে জিলাখনৰ বহুতো দূৰৱৰ্তী গাঁও সম্পূৰ্ণৰূপে বিচ্ছিন্ন হৈ পৰিছে কিয়নো সেইবোৰ অঞ্চলত হোৱা ভূমিস্খলনৰ বাবে বিদ্যুৎ আৰু ইণ্টাৰনেট সেৱা কৰ্তন কৰা হৈছে । আনকি সেই অঞ্চলৰ মানুহৰ সৈতে যোগাযোগ কৰাৰ কোনো উপায়য়ো নোহোৱা হৈছে । এই পৰিস্থিতিটোৱে অধিক লোকৰ মৃত্যু আৰু প্ৰাণহানিৰ ভয়ংকৰ সম্ভাৱনা কঢ়িয়াই আনিছে ।

নদীৰ বুকুৰ শিল, বালি আদি অনিয়ন্ত্ৰিতভাৱে খনন বা নিষ্কাষণ কৰাৰ ফলতে অঞ্চলটোত বানপানীয়ে ভয়াৱহ ৰূপ ধাৰণ কৰা বুলি ধাৰণা কৰা হৈছে । পূৰ্বেও, এনে ধৰণৰ খনন চলিছিল কিন্তু সেইবোৰ সাধাৰণ শ্ৰমিকে হাতেৰে কৰিছিল । বৰ্তমান নৈত গধুৰ যন্ত্ৰপাতিৰ সহায়ত খনন চলোৱা হয় । যাৰ বাবে নৈৰ তলৰ অংশ দুৰ্বল হোৱাৰ লগতে ভাৰসাম্য হেৰুৱাইছে ।

লগতে পঢ়ক :Train service cancelled : ডিমা হাছাওত ৰেল যাত্ৰীৰ মাজত হাহাকাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.