২৯ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ'ব জাতিংগা মহোৎসৱ

author img

By

Published : Sep 20, 2021, 4:09 PM IST

Jatinga Festival

পক্ষীৰ কাকলিৰে মুখৰিত হৈ পৰিছে পাহাৰীয়া জিলা ডিমা হাছাওৰ জাতিংগা । দেশ-বিদেশৰ পৰা বিভিন্ন প্ৰজাতিৰ পক্ষীৰ আগমণ ঘটিছে জাতিংগালৈ । ২৯ ছেপ্টেম্বৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে জিলাখনত অনুষ্ঠিত হ'ব জাতিংগা মহোৎসৱ । প্ৰতি বছৰে ছেপ্টেম্বৰ মাহত জাতিংগা মহোৎসৱ অনুষ্ঠিত কৰা হয় ।

ডিমা হাছাও, ২০ ছেপ্টেম্বৰ: জাকে জাকে পৰিভ্ৰমী পক্ষীৰ আগমণ ঘটিছে ডিমা হাছাও জিলাৰ জাতিংগালৈ । দেশ বিদেশৰ পৰা অহা বিভিন্ন প্ৰজাতিৰ পক্ষীৰ কাকলিত মুখৰ হৈছে পাহাৰীয়া জিলাখন । প্ৰতি বছৰৰ দৰে এইবাৰো জাতিংগা মহোৎসৱৰ আয়োজন কৰা হৈছে ডিমা হাছাওত । ক'ভিড প্ৰট'কল মানি ২৯ আৰু ৩০ ছেপ্টেম্বৰত জাতিংগাত অনুষ্ঠিত কৰা হ'ব জাতিংগা মহোৎসৱ ।

সোমবাৰে উত্তৰ কাছাৰ স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেৱলাল গাৰ্লচাই এখন সাংবাদমেল সম্বোধন কৰি পৰ্যটন বিভাগৰ উদ্যোগত জাতিংগা মহোৎসৱ অনুষ্ঠিত কৰা হ'ব বুলি জানিবলৈ দিয়ে । তেওঁ কয় যে, ২৯ ছেপ্টেম্বৰত জাতিংগাৰ ৰেটজলত পৰ্যটকৰ বাবে হোম ষ্টে-ৰ উদ্বোধন কৰা হ'ব । হোম ষ্টে-ৰ বাবে চাৰিটা নতুন কটেজ নিৰ্মাণ কৰা হৈছে । ইয়াৰ উপৰিও উমৰাংচুৰ পানিমৰত পৰ্যটকৰ বাবে অতিথিশালা আৰু কটেজ নিৰ্মাণ কৰা হৈছে ।

২৯ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ'ব জাতিংগা মহোৎসৱ

সংবাদমেলত দেৱলাল গাৰ্লচাই পাহাৰীয়া জিলাখনৰ পৰ্যটনস্থলী, মন্দিৰ, নামঘৰ, গীৰ্জা আদিৰ বাহিৰ-ভিতৰ পৰিস্কাৰ কৰি ৰাখিবলৈ জিলাখনৰ ৰাইজক আহ্বান জনায় । তেওঁ কয় যে, ডিমা হাছাও জিলাৰ পৰ্যটনৰ ক্ষেত্ৰৰ উন্নয়নৰ বাবে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদ যোৱা পাঁচ বছৰ ধৰি বিভিন্ন কাম কৰি আছে আৰু এই ক্ষেত্ৰত ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰে সকলো ধৰণৰ সহযোগিতা আগবঢ়াই আহিছে ।

তেওঁ ভিষ্টাডম ৰে'লৰ প্ৰসংগ উত্থাপন কৰি কয় যে, এই ভিষ্টাডম ৰে'ল সেৱা আৰম্ভ হোৱা বাবে হাফলং, জাতিংগা, উমৰাংচু তথা মাইবাঙত পৰ্যটকৰ সংখ্যা বৃদ্ধি হৈছে । গাৰ্লচাই কয় যে, অক্টোবৰ মাহ পৰ্যন্ত হাফলঙৰ সকলো হোটেল, অতিথিশালাৰ বুকিং হৈ আছে । তেওঁ লগতে কয় যে, দেশ-বিদেশৰ পৰ্যটকক আকৰ্ষিত কৰাৰ উদ্দেশ্যেৰে হাফলং চহৰত থকা হ্ৰদ সজাই তোলা হৈছে । হ্ৰদৰ ওপৰত জীপ লাইনিঙৰ কামো আৰম্ভ হ'ব বুলি তেওঁ জানিবলৈ দিয়ে ।

লগতে এম্পিথিয়েটাৰ নিৰ্মাণৰ কামো চলি আছে আৰু এই এম্পিথিয়েটাৰত পাহাৰীয়া জিলাখনৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ লোক সংস্কৃতি প্ৰদৰ্শন কৰা হ'ব বুলি জানিবলৈ দিয়ে দেৱলাল গাৰ্লচাই । জাতিংগা মহোৎসৱৰ লগতে চলিত বৰ্ষৰ নৱেম্বৰ মাহত উমৰাংচুত অনুষ্ঠিত হ'ব ফেলকণ ফেষ্টিভেল । লগতে এইবাৰ টুংজে গাঁৱৰ চেলকেল পিকত বিশ্ব পৰ্যটন দিৱস পালন কৰা হ'ব ।

লগতে পঢ়ক:সামৰিক পোছাক দাহনৰে ভংগ KPLT

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.