ডিমা হাছাওত অগ্নিকাণ্ড সংঘটিত

author img

By

Published : Nov 4, 2021, 1:37 PM IST

জুইত জাহ গ'ল এটি পৰিয়ালৰ সমস্ত

দেৱালীৰ প্ৰাকক্ষণত বুধবাৰে নিশা হাফলঙত সংঘটিত হয় এক অগ্নিকাণ্ড ৷ কালীপূজাত ব্যস্ত থকা এটি পৰিয়ালৰ বাসগৃহ সহ সা-সম্পত্তি জাহ গ’ল জুইত ৷

ডিমা হাছাও, 4 নৱেম্বৰ : পোহৰৰ উৎসৱ দিপাৱলীৰ পূৰ্বে বুধবাৰৰ নিশা হাফলঙত সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ড ৷ অগ্নিকাণ্ডত জাহ গ'ল এটা পৰিয়ালৰ সকলো সা-সম্পত্তি ৷ হাফলঙৰ ডিমালিক ৰাজিত সংঘটিত হয় এই অগ্নিকাণ্ডৰ ঘটনা ৷ বিধ্বংসী জুয়ে নিমিষতে ৰাজেশ ছেত্ৰীৰ বাসগৃহতো পৰিণত কৰে ধ্বংসস্তুপত ৷

ঘটনাৰ বিৱৰণী অনুসৰি, জিলাখনৰ ডিমালিক ৰাজি অঞ্চলত অনুষ্ঠিত এখন কালীপূজাত সকলো লোক ব্যস্ত হৈ থকাৰ সময়তে অগ্নিকাণ্ডটো সংঘটিত হয় ৷ অৱশ্যে এই ঘটনাৰ আঁৰৰ ৰহস্য এতিয়াও পোহৰলৈ অহা নাই ৷

স্থানীয় ৰাইজে সন্দেহ কৰা মতে, বিদ্যুতৰ শ্ব’ৰ্ট চাৰ্কিটৰ ফলতে অগ্নিকাণ্ডটো সংঘটিত হয় ৷ ইপিনে ঘটনাটো সংঘটিত হোৱাৰ লগে লগেই অগ্নিনিৰ্বাপক বাহিনীক খবৰ দিয়া হৈছিল যদিও অগ্নিনিৰ্বাপক বাহিনী আহি পোৱাৰ আগতেই সম্পূৰ্ণৰূপে জাহ যায় ৰাজেশ ছেত্ৰী নামৰ লোকজনৰ বাসগৃহ সহ সকলো সা-সম্পত্তি ।

লগতে চাওক: কানপুৰত নতুনকৈ ২৫ গৰাকী আক্ৰান্ত হ'ল জিকা ভাইৰাছত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.