৫ অক্টোবৰৰ পৰা গুৱাহাটী-নিউ হাফলঙৰ মাজত দৈনিক চলাচল কৰিব ভিষ্টাডম ৰে'ল

author img

By

Published : Oct 4, 2021, 12:43 PM IST

Guwahati New Haflong vistadom train will travel daily from 5 oct to 17th oct

শাৰদীয় দুৰ্গা পূজাৰ সময়ত ভিষ্টাডম ৰে'লেৰে ডিমা হাছাওলৈ ভ্ৰমণ কৰাৰ কথা ভাৱিছে নেকি ? এতিয়া আৰু চিন্তা নাই । ৫ অক্টোবৰৰ পৰা ১৭ অক্টোবৰলৈ গুৱাহাটী-নিউ হাফলঙৰ মাজত দৈনিক চলাচল কৰিব ভিষ্টাডম ৰে'ল । পাহাৰীয়া জিলাখনলৈ যোৱাত পৰ্যটকে যাতে অসুবিধাৰ সন্মুখীন নহয়, তাৰ বাবে এই সিদ্ধান্ত লৈছে উত্তৰ-পূৱ সীমান্ত ৰে'লৱেই ।

ডিমা হাছাও, ৪ অক্টোবৰ: দুৰ্গোৎসৱৰ সময়ত পৰ্যটকে পাহাৰীয়া জিলা ডিমা হাছাওলৈ যোৱাত সুবিধা হোৱাকৈ সলনি কৰা হৈছে গুৱাহাটী-নিউ হাফলঙৰ মাজত ভিষ্টাডম ৰে'লৰ চলাচলৰ সময় । ৫ অক্টোবৰৰ পৰা ১৭ অক্টোবৰলৈ গুৱাহাটী-নিউ হাফলঙৰ মাজত দৈনিক চলাচল কৰিব ভিষ্টাডম ৰে'ল । উত্তৰ-পূৱ সীমান্ত ৰে'লৱেই এই কথা জানিবলৈ দিছে । উল্লেখ্য যে, অসমত গুৱাহাটী আৰু নিউ হাফলঙৰ মাজত যোৱা ২৮ আগষ্টত প্ৰথমবাৰৰ বাবে পৰ্যটকৰ বাবে ভিষ্টাডম ৰে'ল চলাচল আৰম্ভ হৈছিল ।

বৰ্তমান পৰ্যটকৰ বাবে এই বিশেষ ৰে'লখন সপ্তাহত বুধবাৰ আৰু শনিবাৰে চলাচল কৰে । পাহাৰীয়া জিলা ডিমা হাছাওলৈ এই ভিষ্টাডম ৰে'লখনৰ চলাচল আৰম্ভ হোৱাৰ পিছতে জিলাখনলৈ পৰ্যটকৰ সংখ্যা বৃদ্ধি পাইছে । প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ ডিমা হাছাও জিলাৰ বিষয়ে ৰাজ্যৰ বহু লোকে ইমানদিনে বিষদভাৱে জানিব পৰা নাছিল । অসমত যে ইমান এখন ধুনীয়া ঠাই আছে সেইকথা এতিয়া প্ৰায় সকলোৱে অৱগত হৈছে ।

Guwahati New Haflong vistadom train will travel daily from 5 oct to 17th oct
৫ অক্টোবৰৰ পৰা গুৱাহাটী নিউ হাফলঙৰ মাজত দৈনিক চলাচল কৰিব ভিষ্টাডম ৰে'ল

কিয়নো, বিগত কেইটামান মাহত জিলাখনৰ পৰ্যটন ক্ষেত্ৰৰ বিষয়ে সংবাদ মাধ্যম, ছ'চিয়েল মিডিয়া আদিৰ জৰিয়তে ব্যাপক প্ৰচাৰ চলিছে । লাহে লাহে জিলাখনৰ সুন্দৰ সেউজীয়া প্ৰাকৃতিক পৰিৱেশৰ বিষয়ে জানিব পাৰি ভিন্ন প্ৰান্তৰ পৰ্যটকে জিলাখনলৈ ভ্ৰমণ কৰাৰ বাবে আগ্ৰহী হোৱা দেখা গৈছে ।

উল্লেখ্য যে, শাৰদীয় দুৰ্গা পূজা আৰু পৰ্যটকৰ আগমণ বৃদ্ধি হোৱাৰ পৰিপ্ৰেক্ষিতত সপ্তাহত দুদিন চলাৰ পৰিৱৰ্তে এতিয়া ভিষ্টাডম ৰে'ল দৈনিক চলাচল কৰোৱাৰ সিদ্ধান্ত লৈছে উত্তৰ-পূৱ সীমান্ত ৰে'লৱেই । ৫ অক্টোবৰৰ পৰা ১৭ অক্টোবৰলৈ ভিষ্টাডম ৰে'ল দৈনিক চলাচল কৰাই পৰ্যটকক সেৱা আগবঢ়াবলৈ সাজু হৈছে উত্তৰ-পূৱ সীমান্ত ৰে'ল কৰ্তৃপক্ষই । ৫ অক্টোবৰৰ পৰা ১৭ অক্টোবৰলৈ এই ৰে'লখন গুৱাহাটীৰ পৰা ৰাতিপুৱা ৬.৩৫ বজাত যাত্ৰা কৰি ১১.৫৫ বজাত নিউ হাফলং পাবগৈ । আনহাতে, বিয়লি ৫ বজাত নিউ হাফলঙৰ পৰা যাত্ৰা কৰি নিশা ১০.৪৫ বজাত গুৱাহাটী পাব বুলি জানিবলৈ দিয়ে উত্তৰ-পূৱ সীমান্ত ৰে'ল কৰ্তৃপক্ষই ।

লগতে পঢ়ক:অৱশেষত কংগ্ৰেছৰ পৰা নিলম্বন শ্বেৰমানক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.