Youth Dead in Road Accident: ডিমা হাছাওৰ 27 নং ৰাষ্ট্ৰীয় ঘাইপথত দুৰ্ঘটনাত পতিত হৈ যুৱতীৰ মৃত্যু

author img

By

Published : Aug 5, 2022, 1:09 PM IST

A young girl died in road accident on NH 27

অভিশপ্ত 27 নং ৰাষ্ট্ৰীয় ঘাইপথ ৷ ডিমা হাছাও জিলাৰ শিলচৰ-সৌৰাষ্ট্ৰ ইষ্ট-ৱেষ্ট কৰিডৰ তথা 27 নং ৰাষ্ট্ৰীয় ঘাইপথত এক শোকাৱহ পথ দুৰ্ঘটনাত মৃত্যু হয় এগৰাকী যুৱতীৰ (Girl killed in tragic road accident) ৷ জুলাই মাহৰ চাৰিটা দিনতে 27 নং ৰাষ্ট্ৰীয় ঘাইপথত দুৰ্ঘটনাত পতিত হৈ চাৰিগৰাকী লোকৰ মৃত্যু হয় (4 Dead in Road Accident)৷

ডিমা হাছাও, 5 আগষ্ট: মৃত্যুদূতলৈ পৰিণত হৈছে 27 নং ৰাষ্ট্ৰীয় ঘাইপথ ৷ জুলাই মাহৰ চাৰিটা দিনতে 27 নং ৰাষ্ট্ৰীয় ঘাইপথত দুৰ্ঘটনাত পতিত হৈ চাৰিগৰাকী লোকৰ মৃত্যু হয় (4 Dead in Road Accident)৷ ডিমা হাছাও জিলাৰ শিলচৰ-সৌৰাষ্ট্ৰ ইষ্ট-ৱেষ্ট কৰিডৰ তথা 27 নং ৰাষ্ট্ৰীয় ঘাইপথত এক শোকাৱহ পথ দুৰ্ঘটনাত মৃত্যু হয় এগৰাকী যুৱতীৰ (Girl killed in tragic road accident) ৷

বৃহস্পতিবাৰে মাইবঙৰ গুইলুং গাঁৱৰ পৰা এগৰাকী যুৱকৰ লগত এগৰাকী যুৱতীয়ে স্কুটীৰে আহি থকাৰ অৱস্থাতেই পিছে পিছে আহি থকা এখন মিনি ট্ৰাকে খুন্দিয়াই (Girl Dead in Road Accident) ৷ এই দুৰ্ঘটনাত থিতাতে মৃত্যু হয় হাফলং চৰকাৰী মহাবিদ্যালয়ৰ কলা শাখাৰ স্নাতক বৰ্ষৰ ছাত্ৰী কিলিউবিউলে কুয়াম নামৰ যুৱতীগৰাকী (21)৷ জানিব পৰা মতে স্কুটীখন কেদেলুংবে ৰিয়ামে নামৰ এজন যুৱকে চলাই আহিছিল আৰু তেওঁৰ পিছফালে বহি আছিল কিলিউবিউলে নামৰ যুৱতীগৰাকী ৷

স্থানীয় লোকে দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হোৱা ৰিয়ামে নামৰ যুৱকজনক হাফলং অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰায় ৷ ইপিনে দুৰ্ঘটনা সংঘটিত কৰি মিনিট্ৰাকখন ঘটনাস্থলীৰ পৰা দ্ৰুতগতিত পলায়ন কৰে ৷

উল্লেখ্য যে ইয়াৰ পূৰ্বে 7 নং ৰাষ্ট্ৰীয় ঘাইপথৰ মাইবাং মহকুমাৰ কালাচান্দত এখন টাটা মোবাইল বাহনৰ লগতে মটৰ চাইকেলৰ মুখামুখি সংঘৰ্ষত 24 বছৰীয়া শুভ্ৰদীপ বাতাৰি নামৰ যুৱক এজনৰ মৃত্য হৈছিল ৷ আনহাতে যোৱা দুই মাহত এই 27 নং ৰাষ্ট্ৰীয় ঘাইপথত 10 গৰাকী লোকে দুৰ্ঘটনাত প্ৰাণ হেৰুৱাব লগা হৈছে (10 Dead in Road Accident)৷

লগতে পঢ়ক: কাজিৰঙাত ভয়ংকৰ পথ দুৰ্ঘটনা: চাৰি যুৱকৰ কৰুণ মৃত্যু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.