ডিমাচা জনগোষ্ঠীয় পানীয় জুডিমা কি ?

author img

By

Published : Sep 26, 2021, 10:10 PM IST

geographical-indication-for-dimasa-liquor-judima

জুডিমা পানীয়ই জিঅ’গ্রাফিকেল ইণ্ডিকেচন লাভ কৰাৰ পিচতে য়াডেম আৰু ডিমাজিক হাছাও সংগঠনৰ সংবাদমেল । ডিমাচা জনগোষ্ঠীৰ এই বিশেষ পানীয় বিধৰ বিষয়ে সবিশেষ জানো আহক ৷

ডিমা হাছাও, 26 ছেপ্টেম্বৰ : ডিমাচা জনগোষ্ঠীৰ পৰম্পৰাগত পানীয় জুডিমাই ভৌগলিক স্বীকৃতি লাভ কৰাৰ পিছতে এতিয়া ডিমা হাছাও জিলাত বিশেষ কৈ ডিমাচা জনগোষ্ঠীৰ মাজত ইয়াক লৈ আনন্দমুখৰ পৰিৱেশ হোৱা দেখা গৈছে । বিশেষকৈ এই ডিমাচা জনগোষ্ঠীৰ এই পৰম্পৰাগত জুডিমা এক বিশেষ পানীয় ৷ ডিমাচা জনগোষ্ঠীৰ মানুহৰ জন্ম-মৃত্যুৰ পৰা আৰম্ভ কৰি বিভিন্ন ধর্মীয় আচাৰ-অনুষ্ঠানৰ লগত জড়িত জুডিমা ।

ডিমাচা জনগোষ্ঠীয় পানীয় জুডিমালৈ স্বীকৃতি

জন্ম-মৃত্যু-বিয়া আৰু ডিমাচা জনগোষ্ঠীৰ পূজা আদিকে ধৰি বিভিন্ন অনুষ্ঠানত এই পানীয়বিধ অত্যন্ত জৰুৰী বুলি মন্তব্য কৰে গুৱাহাটী বিশ্ব বিদ্যালয়ৰ সহকাৰী অধ্যপক উত্তম বাথাৰিয়ে । দেওবাৰ বিয়লি হাফলং দিবৰাই গাঁৱত এখন যুটীয়া সংবাদমেল পাতি য়াডেম ট্ৰাষ্ট আৰু ডিমাজিক হাছাওৰ সদস্য সকলে জুডিমা পানীয়বিধ ভৌগোলিক স্বীকৃতি পোৱাৰ বাবে সমগ্ৰ ডিমাচা জনগোষ্ঠীৰ লোক সকলক ধন্যবাদ জনায় ।

সংবাদমেলত উত্তম বাথাৰিয়ে কয়, 2016 চনত য়াডেম ট্ৰাষ্ট আৰু ডিমাজিক হাছাও নামৰ সংগঠনে জুডিমাৰ ভৌগলিক স্বীকৃতিৰ বাবে আহ্বান জনাইছিল । ইয়াৰ পিচতে ডিমাচা জনগোষ্ঠীৰ এই পৰম্পৰাগত পানীয়বিধ এতিয়া স্বীকৃতি লাভ কৰে ।

তেওঁ কয়, জুডিমা ভৌগোলিক স্বীকৃতি লাভ কৰাৰ ফলত এতিয়া পানীয়বিধ ব্ৰেণ্ডিঙৰ ক্ষেত্ৰত সহায়ক হ’ব আৰু অৰ্থনৈতিক উন্নয়ন ক্ষেত্ৰত মহিলা সকলৰ বাবে সহায়ক হ’ব ৷ এই জুডিমা প্ৰস্তুত কৰাৰ কৌশলটো সংৰক্ষণ কৰি ৰখাৰ ক্ষেত্ৰত অধিক সহায়ক হ’ব । উত্তম বাথাৰিয়ে সংবাদ মাধ্যমৰ আগতে কয়, ডিমাচা সমাজৰ সংস্কৃতিৰ লগত জড়িত জুডিমা পানীয় ডিমাচা সমাজত জন্মৰ পৰা আৰম্ভ কৰি মৃত্যু, বিয়া আৰু প্ৰতিটো ধৰ্মীয় ৰীতি নিয়মতে প্ৰয়োজনীয় ।

ডিমাচাৰ বাহিৰে এই জুডিমা কোনোৱে তৈয়াৰ কৰিব নোৱাৰে বুলি মন্তব্য কৰি তেওঁ কয়, জুডিমা তৈয়াৰ কৰাৰ ক্ষেত্ৰত এক বিশেষ ধৰণৰ পাত ঠেমৰা পাত আৰু বাইৰিং মাইজু ব্যৱহাৰ কৰা হয় ৷ ইয়াৰ লগতে ব্যৱহাৰ হয় বিভিন্ন উদ্ভিদ আৰু পানী । ডিমাচা জনগোষ্ঠীৰ লোক সকলে বিশেষ কৈ এই জুডিমা প্ৰস্তুত কৰাৰ ক্ষেত্ৰত এই বাইৰিং মাইজৰ খেতি কৰে বাইৰিং মাইজু হৈছে এক বিশেষ ধৰণৰ চাউল ।

তেওঁ লগতে কয় এই জুডিমা প্ৰস্তুত কৰাৰ সময়ত পৰিষ্কাৰ পৰিচ্ছন্ন হৈ থকা অত্যন্ত জৰুৰী ৷ জুডিমা প্ৰস্তুত কৰাৰ সময়ত যদি আপুনি বেয়া চিন্তা কৰে তেনেহলে এই জুডিমা বেয়া হৈ যায় বুলি বিশ্বাস আছে । উল্লেখযোগ্য যে, অসম কৃষি বিদ্যালয়ৰ গৱেষকৰ এটা দলে দীৰ্ঘদিন গৱেষণা আৰু পৰ্যবেক্ষণ কৰাৰ পিছতে ডিমাজিক হাছাও আৰু য়াডেম ট্ৰাষ্টৰ আবেদনৰ ভিত্তিতত জুডিমাই ভৌগলিক স্বীকৃতি লাভ কৰে ।

লগতে পঢ়ক : অসমক অশান্ত কৰিবলৈ পি এফ আইৰ ৭ কোটি টকীয়া পৰিকল্পনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.