বন বিভাগৰ ফিটনেছ টেষ্টৰ সময়তে প্ৰাণ হেৰুৱালে এজন বনকৰ্মীয়ে

author img

By

Published : Nov 9, 2021, 6:54 PM IST

Forester passes away in DimaHasao

ডিমা হাছাও জিলাত চলি থকা বন বিভাগৰ ফিটনেছ টেষ্টৰ মাজতে সংঘটিত হ'ল এক শোকাৱহ ঘটনা । খোজকাঢ়ি থকা অৱস্থাতে প্ৰাণ হেৰুৱালে বিজেছ থাওচেন নামৰ এজন বনকৰ্মীয়ে । বিজেছ থাওচেনৰ মৃত্যুৱে শোকৰ ছাঁ পেলাইছে সমগ্ৰ জিলাখনতে ।

ডিমা হাছাও, ৯ নৱেম্বৰ : সেইদিনা আছিল সোমবাৰ । পুৱা প্ৰায় ৬.১৫ বাজিছিল । ডিমা হাছাও জিলাত চলি থকা বন বিভাগৰ ফিটনেছ টেষ্টৰ দ্বিতীয় পৰ্যায়ৰ খোজকঢ়া কাৰ্যসূচী আৰম্ভ হৈছিল । ফিটনেছ টেষ্টত আন কৰ্মচাৰীসকলৰ সৈতে অংশ লৈছিল ফৰেষ্টাৰ-১ বিজেছ থাওচেনেও ।

বন বিভাগৰ ফিটনেছ টেষ্টৰ সময়তে প্ৰাণ হেৰুৱালে এজন ফৰেষ্টাৰে

সেয়াই আছিল বিজেছৰ জীৱনৰ অন্তিম সময় । মাত্ৰ ২ মিনিট খোজকাঢ়ি যোৱাৰ পাচতে মাটিত ঢলি পৰিছিল বিজেছ । লগে লগে হুৱাদুৱা লাগিল ফিটনেছ টেষ্টত অংশগ্ৰহণ কৰা লোকসকলৰ মাজত । ততাতৈয়াকৈ তেওঁক হাফলং অসামৰিক চিকিৎসালয়লৈ নিয়া হয় ।

কিন্তু দুৰ্ভাগ্যবশতঃ চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে । অৱশ্যে, খোজকাঢ়ি থকাৰ সময়তে কিয় বিজেছে এনেদৰে মৃত্যুক আঁকোৱালি ল'লে সেই কাৰণ এতিয়াও নিশ্চিত হোৱা নাই ।

আনহাতে, হাফলং অসামৰিক চিকিৎসালয়ত উপস্থিত হৈ বন বিভাগৰ এগৰাকী বিষয়াই এই ঘটনাত শোক প্ৰকাশ কৰি কয় যে, এয়া অতি দুখজনক ঘটনা । তেওঁ লগতে কয় যে, ফিটনেছ টেষ্টৰ বাবে ২ ঘণ্টাৰ ভিতৰত ৭ কিলোমিটাৰ পথ খোজকাঢ়িব লাগে ফৰেষ্টাৰসকলে । দেওবাৰে প্ৰথম পৰ্যায়ৰ ফিটনেছ টেষ্ট অনুষ্ঠিত হয় । সোমবাৰে দ্বিতীয় পৰ্যায়ৰ ফিটনেছ টেষ্ট অনুষ্ঠিত হ'বলগীয়া আছিল ।

কিন্তু ফিটনেছ টেষ্ট আৰম্ভ হোৱাৰ সময়তে এই মৰ্মান্তিক ঘটনা সংঘটিত হয় । উল্লেখ্য যে, ৰাজ্যত বন বিভাগক শক্তিশালী কৰি তোলাৰ উদ্দেশ্যেৰে ফৰেষ্টাৰসকলৰ ফিটনেছ টেষ্ট আৰম্ভ হৈছে । ডিমা হাছাও জিলাতো তিনিটা পৰ্যায়ত দেওবাৰৰ পৰা ফৰেষ্টাৰসকলৰ এনে ফিটনেছ টেষ্ট আৰম্ভ হৈছে ।

লগতে পঢ়ক:পুত্ৰক হত্যা কৰি শৌচালয়ৰ গাঁতত পুতি থ'লে পিতৃ-মাতৃয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.