DNLT ৰ 36 ঘণ্টীয়া বন্ধত ডিমা হাছাওৰ জনজীৱন স্তব্ধ

author img

By

Published : Sep 14, 2022, 5:25 PM IST

Updated : Sep 14, 2022, 6:27 PM IST

DNLT ৰ 36 ঘণ্টীয়া বন্ধত ডিমা হাছাওৰ জনজীৱন বিধ্বস্ত

জিলা প্ৰশাসনে সমগ্ৰ পাহাৰীয়া জিলাখনত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলাৰ লগতে হাফলং চহৰত সকলো চৰকাৰী কাৰ্যালয় আৰু শিক্ষা প্ৰতিষ্ঠান বেংক আদিকে ধৰি দোকান-পোহাৰ, বজাৰ খোলা ৰখাৰ নিৰ্দেশ দিয়ে যদিও হাফলং আৰু মাইবাঙত দোকান-পোহাৰ, বজাৰ সকলো বন্ধ আছিল ।

হাফলং,14 ছেপ্টেম্বৰ: অসমৰ অন্যতম পাহাৰীয়া জিলাক পুনৰ অশান্ত কৰাৰ লক্ষ্যৰে নতুনকৈ আত্মপ্ৰকাশ কৰা ডিমাছা নেচনেল লিবাৰেচন ট্ৰাইবেল(DNLT) নামৰ সংগঠনটোৱে আহ্বান জনোৱা 36 ঘণ্টীয়া ডিমা হাছাও(Dima Hasao district)) আৰু কাৰ্বি-আংলং জিলা বন্ধৰ ফলত ডিমা হাছাও জিলাৰ জনজীৱন বিপৰ্যস্ত হৈ পৰে যদিও এই বন্ধৰ কোনো প্ৰভাৱ নপৰিল কাৰ্বি আংলং জিলাত ।

মঙলবাৰ বিয়লি 5 বজাৰ পৰা বৃহস্পতিবাৰৰ পুৱা 5 টা বজালৈ 36 ঘণ্টাৰ বাবে এই বন্ধৰ আহ্বান জনোৱা হৈছিল ৷ এই নতুন উগ্ৰপন্থী সংগঠনটোৱে আহ্বান জনোৱা বন্ধৰ সময়ত ডিমা হাছাও জিলাৰ সদৰ চহৰ হাফলঙৰ লগতে মাইবাং মহকুমাত ব্যাপক প্ৰভাৱ পৰে ।

জিলা প্ৰশাসনে সমগ্ৰ পাহাৰীয়া জিলাখনত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলাৰ লগতে হাফলং চহৰত সকলো চৰকাৰী কাৰ্যালয় আৰু শিক্ষা প্ৰতিষ্ঠান বেংক আদিকে ধৰি দোকান-পোহাৰ, বজাৰ খোলা ৰখাৰ নিৰ্দেশ দিয়ে যদিও হাফলং আৰু মাইবাঙত দোকান-পোহাৰ, বজাৰ সকলো বন্ধ আছিল ।

কিন্তু উমৰাংচ'সহ কিছু ঠাইত বন্ধৰ প্ৰভাৱ নপৰিল ৷ ইপিনে হাফলঙত জিলা উপায়ুক্তৰ কাৰ্যালয়, উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদ সচিবালয় আৰু কিছুমান চৰকাৰী কাৰ্যালয় খোলা আছিল যদিও বেংক, পোষ্ট অফিচ আৰু একাংশ চৰকাৰী কাৰ্যালয় সম্পূৰ্ণভাবে বন্ধ আছিল ।

উল্লেখ্য যে নতুনকৈ আত্মপ্ৰকাশ কৰা ডিমাছা নেচনেল লিবাৰেচন ট্ৰাইবেল নামৰ এই উগ্ৰপন্থী সংগঠনটোৱে সোমবাৰে এক বিবৃতিযোগে জনাইছিল যে ডিমা হাছাও জিলা ডিমাছা সকলৰ কাৰণে ৷ কোনো অৱস্থাতে ডিমা হাছাও জিলাক দুভাগ কৰি দুখন জিলা গঠন কৰিবলৈ দিয়া নহ'ব ।

লগতে পঢ়ক: টিংখাঙৰ এখন প্ৰাথমিক বিদ্যালয়ৰ এখন বিশেষ আবেদন লৈ হৈছে চৰ্চা

Last Updated :Sep 14, 2022, 6:27 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.