মাইবাং ডেজিগনেটেড কেম্পৰ হত্যাকাণ্ডৰ লগত জড়িত 5 গৰাকী DNLA ৰ সদস্যক গ্ৰেপ্তাৰ

author img

By

Published : Dec 7, 2021, 8:32 PM IST

DNLA members arrested

DNLA উগ্ৰপন্থী সংগঠনৰ মাইবাং ডেজিগনেটেড কেম্পত সোমবাৰে সংগঠিত হত্যাকাণ্ডৰ লগত জড়িত 5 গৰাকী লোকক আটক কৰিছে ডিমা-হাচাও জিলাৰ আৰক্ষীয়ে (DNLA members arrested) ৷ এই হত্যাকাণ্ডৰ লগত জড়িত আছিল ডিমাছা নেচনেল লিবাৰেচন আৰ্মীৰ ডেপুটি চিএনচি প্ৰীতমজিৎ জিডোং ৷

ডিমা হাছাও, 7 ডিচেম্বৰ : ডিমা হাছাও জিলাত দুই গৰাকী নিৰীহ লোক আৰু এগৰাকী DNLA ৰ সদস্যৰ হত্যাৰ লগত জড়িত ডিমাছা নেচনেল লিবাৰেচন আৰ্মীৰ ডেপুটি চিএনচি(DNLA Deputy Commander-in-Chief) প্ৰীতমজিৎ জিডোঙৰ লগতে আন চাৰি গৰাকী DNLA ৰ সদস্যক গ্ৰেপ্তাৰ কৰিছে ডিমা হাছাও আৰক্ষীয়ে (DNLA members arrested)। DNLA উগ্ৰপন্থী সংগঠনৰ মাইবাং ডেজিগনেটেড কেম্পত সোমবাৰে সংগঠিত হত্যাকাণ্ডৰ লগত জড়িত আছিল গ্ৰেপ্তাৰ হোৱা এই 5 গৰাকী DNLA ৰ সদস্য(DNLA members linked to Maibang designated camp murder) । প্ৰীতমজিৎ জিডোঙৰ উপৰি আন 4 গৰাকী সদস্যৰ নাম ক্ৰমে, জুদিনান হাফলংবাৰ, ডিফ্লজিং লাংথাছা, নৱজিৎ ফংলো আৰু নতুনজয় নুনিছা ৷

ডিমা হাছাও জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ইন্দ্ৰনীল বৰুৱাই জানিবলৈ দিয়া মতে, দেওবাৰ নিশা DNLA উগ্ৰপন্থী সংগঠনৰ 5 গৰাকী সদস্যই কেম্পৰ পৰা ওলাই আহি লাংটিঙৰ পৰা 6 গৰাকী ব্যক্তিক উঠাই আনি তেওঁলোকৰ ওপৰত অমানৱীক অত্যাচাৰ চলায় ৷ লগতে লাঠিৰে মৰিয়াই মৰিয়াই দুগৰাকী ব্যক্তিক হত্যা কৰে(DNLA extremist group attack) ৷

5 গৰাকী DNLA ৰ সদস্যক গ্ৰেপ্তাৰ

অতিৰিক্ত আৰক্ষী অধীক্ষকে কয়, এই হত্যাকাণ্ডৰ খবৰ লাভ কৰাৰ পাছতে সোমবাৰে বিয়লি মাইবাঙত থকা DNLA উগ্ৰপন্থী সংগঠনৰ ডেজিগনেটেড কেম্পত উপস্থিত হৈ দুগৰাকী লোকৰ মৃতদেহ উদ্ধাৰ কৰাৰ লগতে চাৰি গৰাকী লোকক গুৰুতৰভাৱে আঘাটপ্ৰাপ্ত অৱস্থাত উদ্ধাৰ কৰা হয় ৷ ইয়াৰ লগতে এই কেম্পতেই DNLA ৰ আৰু 5 গৰাকী সদস্যক সংকটজনক অৱস্থাত উদ্ধাৰ কৰি হাফলং অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ৷

লগতে পঢ়ক : DNLA extremist group ৰ আক্ৰমণত নিহত দুজন

উল্লেখ্য যে, ইয়াৰ মাজৰে চিকিৎসাধীন হৈ থকা অপৰাজ লাংথাছা নামৰ এগৰাকী DNLA উগ্ৰপন্থী সংগঠনৰ সদস্যৰ মৃত্যু হোৱা বুলি জানিবলৈ দিছে আৰক্ষীৰ শীৰ্ষ বিষয়া গৰাকীয়ে ৷ বৰ্তমান কিয় এই হত্যাকাণ্ড ঘটনা সংঘটিত হ'ল, সেই সন্দৰ্ভত এতিয়ালৈকে জানিব পৰা হোৱা নাই যদিও ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত আছে বুলি জানিবলৈ দিছে অতিৰিক্ত আৰক্ষী অধীক্ষক ইন্দ্ৰনীল বৰুৱাই ।

ইপিনে, জানিব পৰা মতে কিছুদিন আগতে DNLA ৰ মাইবাং ডেজিগনেটেড কেম্পৰ পৰা 5 গৰাকী DNLA ৰ সদস্য পলায়ন কৰিছিল ৷ ইয়াৰ পিছতে 5 গৰাকী সদস্যক ধৰি আনি কেম্পৰ এটা বন্ধ কোঠাত অমানৱীয় অত্যাচাৰ চলোৱা হয় (Murder in DNLA designated camp)। আৰক্ষী বিষয়া গৰাকীয়ে সদৰী কৰা মতে, আৰক্ষীৰ জেৰাত DNLA উগ্ৰপন্থী সংগঠনৰ ডেপুটি চিএনচি প্ৰীতমজিৎ জিডোং আৰু ধৃত চাৰি গৰাকী সদস্যই হত্যাৰ ঘটনা স্বীকাৰ কৰিছে ।

মঙলবাৰৰ বিয়লি DNLA উগ্ৰপন্থী সংগঠনৰ 5 গৰাকী সদস্যক আদালত হাজিৰ কৰা হয় ৷ ইয়াৰ পাছতে আদালতে প্ৰীতমজিৎ জিডোঙৰ লগতে গ্ৰেপ্তাৰ হোৱা আন চাৰি DNLA ৰ সদস্যক জেল হাজোতলৈ প্ৰেৰণ কৰে ৷

লগতে পঢ়ক : Demand to repeal AFSPA: উত্তৰ-পূৰ্বাঞ্চলত ৬ বছৰত সেনা-উগ্ৰপন্থীৰ ১৬১৭ টা সংঘর্ষজনিত ঘটনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.