ডিমা হাছাওত সপ্তম আৰু অষ্টম শ্ৰেণীৰ ডিমাছা পাঠ্যপুথি মুকলি

author img

By

Published : Aug 30, 2022, 12:49 PM IST

Dimahasao

ডিমা হাছাও জিলাৰ বিদ্যালয়সমূহত সপ্তম আৰু অষ্টম শ্ৰেণীলৈ ডিমাছা ভাষাৰ পাঠ্যপুথিৰে পাঠদান আৰম্ভ (Teaching begins with Dimasa language textbooks)। সোমবাৰে জিলাখনৰ বিদ্যালয়সমূহ আৰু ছাত্ৰ-ছাত্ৰীসকলক প্ৰদান কৰা হয় পাঠ্যপুথিসমূহ । পাঠ্যপুথি মুকলি অনুষ্ঠানত মুখ্য কাৰ্যবাহী সদস্য দেৱলাল গাৰ্লোছাসহ কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত ।

হাফলং,৩০ আগষ্ট : এতিয়াৰে পৰা ডিমা হাছাও জিলাৰ বিদ্যালয়সমূহত সপ্তম আৰু অষ্টম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলে মাতৃভাষা ডিমাছাতে শিক্ষা গ্ৰহণ কৰিব পাৰিব । ইতিমধ্যে ডিমাছা সাহিত্য সভাই সপ্তম আৰু অষ্টম শ্ৰেণীৰ বাবে ডিমাছা পাঠ্যপুথি 'Buphangsa' প্ৰকাশ কৰিছে (Dimasa textbook released)। সোমবাৰে ডিমাছা সাহিত্য সভাৰ হাফলং কাৰ্যালয়ত এই ডিমাছা পাঠ্যপুথি অনুষ্ঠানিকভাৱে উন্মোচন কৰে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেৱলাল গাৰ্লোছাই ।

ডিমা হাছাওত সপ্তম আৰু অষ্টম শ্ৰেণীৰ ডিমাছা পাঠ্যপুথি মুকলি

এই পাঠ্যপুথি উন্মোচন অনুষ্ঠানত উপস্থিত থাকে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ অধ্যক্ষ ৰানু লাংথাচা, কাৰ্যবাহী সদস্য বিজিত লাংথাচা, ডিমাছা সাহিত্য সভাৰ কেন্দ্ৰীয় কমিটিৰ সভাপতি ৰমেশ থাওচেনসহ বিভিন্নজন । পাহাৰীয়া জিলাখনৰ বিদ্যালয়সমূহৰ প্ৰধান শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীৰ হাতত এই পাঠ্যপুথি তুলি দিয়ে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেৱলাল গাৰ্লোছাই । ইফালে এই পাঠ্যপুথি উন্মোচন কৰি দেৱলাল গাৰ্লোছাই সাংবাদিকৰ আগতে কয় যে ইয়াৰ পূৰ্বে ডিমা হাছাও জিলাৰ বিদ্যালয়সমূহত প্ৰথম শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীলৈ ডিমাছা ভাষাৰ পাঠ্যপুথি প্ৰকাশ কৰা হৈছিল আৰু বিদ্যালয়সমূহত ছাত্ৰ-ছাত্ৰীসকলে ডিমাছা পাঠ্যপুথিৰে শিক্ষা গ্ৰহণ কৰি আছে ।

এতিয়া সপ্তম আৰু অষ্টম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ বাবে ডিমাছা পাঠ্যপুথি আৰম্ভ কৰা হৈছে আৰু অহা দিনত নৱম, দশম আৰু একাদশ, দ্বাদশ শ্ৰেণীলৈকে ডিমাছা পাঠ্যপুথি প্ৰকাশ কৰা হ'ব বুলি তেওঁ উল্লেখ কৰে । তেওঁ উল্লেখ কৰা মতে এই ক্ষেত্ৰত ডিমাছা সাহিত্য সভাই কাম কৰি গৈছে । এই ক্ষেত্ৰত ৰাজ্য চৰকাৰ আৰু অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যৰ শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে সহায় সহযোগিতা আগবঢ়াইছে বুলিও গাৰ্লোছাই উল্লেখ কৰে ।

লগতে পঢ়ক :জৱাহৰ নৱোদয় বিদ্যালয়ত ৰেগিঙৰ নামত ছাত্ৰক উপৰ্যুপৰি প্ৰহাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.