HSLC Results 2023 : হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল; ৰাজ্যৰ ভিতৰত তৃতীয় স্থানত ডিমা হাছাও

author img

By

Published : May 23, 2023, 10:10 AM IST

hslc examination 2023

চিৰাং আৰু শিৱসাগৰ জিলা যথাক্ৰমে এই বছৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণৰ হাৰৰ ক্ষেত্ৰত ৰাজ্যৰ ভিতৰত প্ৰথম আৰু দ্বিতীয় স্থানত আছে ৷ ইয়াৰ বিপৰীতে ৰাজ্যৰ অন্যান্য জিলাবোৰক পিছপেলাই ডিমা হাছাও জিলাই তৃতীয় স্থান পাবলৈ সক্ষম হয় (Dima Hasao in 3rd position in HSLC 2023) ।

হাফলং, 22 মে’ : ডিমা হাছাও জিলাৰ কোনো ছাত্ৰ-ছাত্ৰীয়ে চলিত বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত শীৰ্ষ দহৰ তালিকাত স্থান কৰিব নোৱাৰিলেও পৰীক্ষাত উত্তীৰ্ণৰ হাৰৰ ক্ষেত্ৰত ৰাজ্যৰ ভিতৰতে তৃতীয় স্থানত আছে অসমৰ অন্যতম পাহাৰীয়া জিলাখন (Dima Hasao in 3rd position in HSLC 2023) ।

সামান্য নম্বৰৰ কাৰণে হাইস্কুল শিক্ষান্ত পৰীক্ষাত শীৰ্ষ দহটাৰ তালিকাত স্থান পাবলৈ সক্ষম নহ’ল ডিমা হাছাও জিলাৰ মাইবাং এভাৰগ্ৰিন হাইস্কুলৰ ছাত্ৰ সিদ্ধান্ত চক্ৰৱৰ্তী । 96.50 শতাংশ নম্বৰ পাই সিদ্ধান্ত চক্ৰৱৰ্তীয়ে ডিমা হাছাও জিলাৰ ভিতৰত প্ৰথম স্থান লাভ কৰিছে ৷ তেওঁ মাত্ৰ 8 নম্বৰৰ বাবে শীৰ্ষ দহৰ তালিকাত স্থান পাবলৈ সক্ষম হোৱা নাই । সিদ্ধান্তৰ প্ৰাপ্ত নম্বৰ হৈছে 600 ভিতৰত 579 ।

আনহাতে এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৰাজ্যত উত্তীৰ্ণৰ হাৰ 72.69 ৷ ইয়াৰ লগতে ডিমা হাছাও জিলাত উত্তীৰ্ণৰ হাৰ 88.12 শতাংশ । বিগত বছৰত উত্তীৰ্ণৰ হাৰ আছিল 81.31 শতাংশ (hslc examination 2023) ।

লগতে পঢ়ক : Assam HSLC result 2023: উত্তীৰ্ণৰ ক্ষেত্ৰত অসমৰ ভিতৰত প্ৰথম স্থানত চিৰাং জিলা

অন্যান্য বছৰৰ দৰে এইবাৰো অসমৰ অন্যতম পাহাৰীয়া জিলা ডিমা হাছাওত চৰকাৰী বিদ্যালয়ৰ পৰা আৰম্ভ কৰি বেচৰকাৰী বিদ্যালয়সমূহেও ভাল ফলাফল কৰিবলৈ সক্ষম হৈছে হাইস্কুল শিক্ষান্ত পৰীক্ষাত । জিলাখনৰ অধিকাংশ বেচৰকাৰী বিদ্যালয়ত উত্তীৰ্ণৰ হাৰ 100 শতাংশ (HSLC 2023) ।

হাফলং চহৰৰ ডনবস্ক’ উচ্চ মাধ্যমিক বিদ্যালয় আৰু হাফলং চেইণ্ট এগনেছ উচ্চ মাধ্যমিক বিদ্যালয়ত উত্তীৰ্ণৰ হাৰ 100 শতাংশ ৷ সমান্তৰালকৈ মাইবাং এভাৰগ্ৰিন হাইস্কুলত উত্তীৰ্ণৰ হাৰ 100 শতাংশ । ইপিনে ডিমা হাছাও জিলাত এই বছৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিল মুঠ 3216 গৰাকী ছাত্ৰ-ছাত্ৰী ৷ ইয়াৰ মাজতে 2834 গৰাকী ছাত্ৰ-ছাত্ৰী উত্তীৰ্ণ হৈছে । ইয়াৰ মাজতে প্ৰথম বিভাগত 1095 গৰাকী, দ্বিতীয় বিভাগত 1427 গৰাকী আৰু তৃতীয় বিভাগত 312 গৰাকী ছাত্ৰ-ছাত্ৰী উত্তীৰ্ণ হৈছে ।

লগতে পঢ়ক : CM Himanta Biswa Sarma: শিক্ষা সংস্কাৰৰ উদ্দেশ্য হঠাৎ ঘোষণা মেট্ৰিকৰ ফলাফল; মুখ্যমন্ত্ৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.