পৃথক জিলা গঠনৰ দাবীত 12 ঘন্টীয়া ডিমা হাছাও জিলা বন্ধৰ আহ্বান

author img

By

Published : Nov 6, 2021, 10:25 PM IST

Dima Hasao bandh

পুনৰ দাবী উত্থাপিত হৈছে ডিমা হাছাও জিলাক দ্বিখণ্ডিত কৰাৰ ৷ ডিমা হাছাও জিলাক দ্বিখণ্ডিত কৰি পৃথক দুখন জিলা গঠনৰ দাবীত বন্ধৰ আহ্বান জনাইছে ইণ্ডিজেনাচ পিপলছ ফৰামে ৷ সংগঠনটোৰ এক প্ৰেছ বিবৃতিত উল্লেখ কৰা অনুসৰি, অহা 8 নৱেম্বৰত পুৱা 5 বজাৰ পৰা বিয়লি 5 বজালৈ বন্ধ থাকিব ডিমা হাছাও জিলা ৷

ডিমা হাছাও, 6 নভেম্বৰ: ডিমা হাছাও জিলাক দ্বিখণ্ডিত কৰি পৃথক দুখন জিলা গঠনৰ দাবীত অহা 8 নৱেম্বৰত ডিমা হাছাও জিলা বন্ধৰ আহ্বান জনাইছে ইণ্ডিজেনাচ পিপলছ ফৰামে । দীর্ঘ দিনৰ পৰা ইণ্ডিজেনাচ পিপলছ ফৰাম নামৰ সংগঠনটোৱে পৃথক জিলা গঠনৰ দাবী জনাই আন্দোলন অব্যাহত ৰাখিছে ৷

উল্লেখ্য যে, 2010 চনৰ 30 মাৰ্চ পূৰ্বৰ উত্তৰ কাছাৰ পাৰ্বত্য জিলাৰ নাম সলনি কৰি ডিমা হাছাও জিলা কৰাৰ পিছৰে পৰা ডিমা হাছাও জিলাক দ্বিখণ্ডিত কৰাৰ দাবী উত্থাপন হৈ আহিছে ৷ তদুপৰি ভাৰতীয় সংবিধানৰ 244(2) আৰু 275(1) অনুচ্ছেদ অনুসৰি পৃথক জিলা আৰু পৃথক স্বায়ত্ব শাসিত পৰিষদ গঠনৰ দাবী জনাই আহিছে ইণ্ডিজেনাচ পিপলছ ফৰামে ।

ইমানেই নহয় পৃথক জিলা গঠনৰ ইচ্ছু লৈ ৰাজ্য চৰকাৰৰ লগত ইণ্ডিজেনাচ পিপলছ ফৰামৰ বহুবাৰ বৈঠক অনুষ্ঠিত হৈছে ৷ ইয়াৰ পিচতো ৰাজ্য চৰকাৰে তেওঁলোকৰ দাবীক লৈ ইমান গুৰুত্ব নিদিয়া নাই বুলি অভিযোগ তুলিছে সংগঠনটোৱে ৷ ইয়াৰ পৰিপেক্ষিততে অহা 8 নৱেম্বৰত পৃথক জিলা গঠনৰ দাবীত 12 ঘণ্টাৰ ডিমা হাছাও জিলা বন্ধ ঘোষণা কৰিছে সংগঠনটোৱে ৷ পুৱা 5 বজাৰ পৰা বিয়লি 5 বজাৰলৈ এই বন্ধ ঘোষণা কৰিছে সংগঠনটোৱে ৷

লগতে পঢ়ক: T20 ক্ৰিকেট বিশ্ব কাপৰ জুৱাৰ বিৰুদ্ধে তিনিচুকীয়া আৰক্ষীৰ অভিযান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.