PMNDP in Assam: হাফলং অসামৰিক চিকিৎসালয়ত ডায়েলাইছিছ কেন্দ্ৰ উদ্বোধন
Published: Mar 18, 2023, 2:21 PM


PMNDP in Assam: হাফলং অসামৰিক চিকিৎসালয়ত ডায়েলাইছিছ কেন্দ্ৰ উদ্বোধন
Published: Mar 18, 2023, 2:21 PM
হাফলং অসামৰিক চিকিৎসালয়ত বিনিমূলীয়া ডায়েলাইছিছ কেন্দ্ৰ উদ্বোধন কৰে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্যই (Half Long Civil Hospital)। ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ অধীনত এই বিনিমূলীয়া ডায়েলাইছি কেন্দ্ৰটো স্থাপন কৰা হৈছে ।
হাফলং, ১৮ মাৰ্চ: প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় ডায়েলাইছিছ অভিযানৰ অধীনত হাফলং অসামৰিক চিকিৎসালয়ত ৰাজ্যৰ 37 সংখ্যক ডায়েলাইছিছ কেন্দ্ৰটো উদ্বোধন কৰা হয় (Inauguration of Dialysis centre at Half Long Civil Hospital)। বৃহস্পতিবাৰ বিয়লি উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেৱলাল গাৰ্লচাই হাফলং অসামৰিক চিকিৎসালয়ত এই ডায়েলাইছিছ কেন্দ্ৰটো উদ্বোধন কৰে (CEM of North Cachar Hill Autonomous Council)। প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় ডায়েলাইছিছ অভিযানৰ অধীনত ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনে হাফলং অসামৰিক চিকিৎসালয়ত এই ডায়েলাইছিছ কেন্দ্ৰটো স্থাপন কৰে । চেন্নাইৰ এপ'ল হাস্পাতাল এণ্টাৰপ্ৰাইজ লিমিটেডৰ সহযোগত ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ অধীনত ইতিমধ্যে ৰাজ্যত 36 টা ডায়েলাইছিছ কেন্দ্ৰ স্থাপন কৰা হৈছে ।
বৃহস্পতিবাৰে হাফলং অসামৰিক চিকিৎসালয়ত এই ডায়েলাইছিছ কেন্দ্ৰটো আনুষ্ঠানিকভাৱে উদ্বোধন কৰি উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেৱলাল গাৰ্লচাই কয় যে 2016-17 চনত কেন্দ্ৰীয় বাজেটত ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ অধীনত হাফলং অসামৰিক চিকিৎসালয়ত এই ডায়েলাইছিছ কেন্দ্ৰটো স্থাপনৰ কথা ঘোষণা কৰা হৈছিল (Prime Ministers National Dialysis Programme)। বৃহস্পতিবাৰে ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ অধীনত এই ডায়েলাইছিছ কেন্দ্ৰটো মুকলি কৰিবলৈ সুযোগ পাই আনন্দিত হোৱা বুলি কয় ।
তেওঁ পুনৰ কয় যে হাফলং অসামৰিক চিকিৎসালয়ত এতিয়াৰ পৰা ৰোগীসকলে বিনিমূলীয়া ডায়েলাইছিছৰ সুবিধা লাভ কৰিব । এই ব্যয় বহুল ডায়েলাইছিছ ধনৰ অভাৱত বহু লোকে কৰাব নোৱাৰি অৱশেষত মৃত্যুমুখত পৰিবলগীয়া হৈছে । কিন্তু প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় ডায়েলাইছিছ অভিযানৰ অধীনত এতিয়া দৰিদ্ৰ সীমাৰ তলত বসবাস কৰা ৰোগীসকল আৰু আৰ্থিকভাৱে দুৰ্বল ৰোগী সকলক হাফলং অসামৰিক চিকিৎসালয়ৰ ডায়েলাইছিছ এই লোকসকলকৰ বাবে সহায়ক হ'ব বুলি মন্ত্যব কৰে দেৱলাল গাৰ্লচাই।
এই ডায়েলাইছিছ কেন্দ্ৰটো উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ অধীনৰ স্বাস্থ্য বিভাগৰ দায়িত্বত থকা কাৰ্যনিৰ্বাহ সদস্য চেমুয়েল চাংছন,স্বায়ত্তশাসিত পৰিষদৰ প্ৰধান সচিব টি টি ডাওলাগাপু ,উপ সচিব ৰেবেকা চাংছন আৰু স্বাস্থ্য আৰু পৰিয়াল কল্যান বিভাগৰ যুটীয়া সঞ্চালক দুলেশ্বৰ গগৈ।উল্লেখ্য় যে বৃক্কৰ ৰোগত আক্ৰান্তসকলক ডায়েলাইছিছৰ প্ৰয়োজন । যিসকল ৰোগীয়ে ধনৰ অভাৱত এই সেৱাৰ পৰা বঞ্চিত হৈ আহিছিল সেইসকলৰ বাবে বিনামূলীয়া ডায়েলেছিছ সেৱা আগবঢ়াবলৈ এই আঁচনি গ্ৰহণ কৰা হৈছে ।
