ডিমা হাছাও জিলাক বিভক্ত কৰাৰ দাবী সাম্প্ৰদায়িক নহয় : আই পি এফ

author img

By

Published : Sep 16, 2022, 10:06 PM IST

demand of separation of dima hasao

শুকুৰবাৰে ইণ্ডিজেনাচ ষ্টুডেন্টচ ফ’ৰামৰ (Indigenous students forum) কাৰ্যালয়ত ইণ্ডিজিনাচ পিপলছ্ ফ’ৰাম (Indigenous Peoples forum) আৰু ইণ্ডিজিনাচ ষ্টুডেন্টচ ফ’ৰামে এখন যৌথ সংবাদমেলৰ আয়োজন কৰে ৷ ডিমা হাছাও জিলাক দুভাগ কৰি দুখন জিলা গঠনৰ (demand of separation of dima hasao) ইণ্ডিজিনাচ পিপলছ্ ফ’ৰামৰ দাবী কোনো পধ্যেই সাম্প্ৰদায়িক নহয় বুলি কয় সংগঠনটোৰ বিষয়-ববীয়াই ।

ডিমা হাছাও, 16 ছেপ্টেম্বৰ: ডিমা হাছাও জিলাক দুভাগ কৰি দুখন পৃথক জিলা গঠনৰ দাবী সাম্প্ৰদায়িক নহয় বুলি আজি এক সংবাদমেল যোগে সদৰী কৰে ইণ্ডিজেনাচ পিপলছ্ ফ’ৰামৰ(Indigenous Peoples forum) সদস্য তথা কুকি ষ্টুডেন্টচ অৰ্গেনাইজেচনৰ সাধাৰণ সম্পাদক ডেভিড চাংছনে । শুকুৰবাৰে ইণ্ডিজেনাচ ষ্টুডেন্টস ফৰামৰ কাৰ্যালয়ত ইণ্ডিজিনাচ পিপলছ্ ফ’ৰাম আৰু ইণ্ডিজিনাচ ষ্টুডেন্টচ ফ’ৰামে (Indigenous students forum) এখন যৌথ সংবাদমেলৰ আয়োজন কৰে ৷

কুকি ষ্টুডেন্টচ অৰ্গেনাইজেচনৰ (Kuki students organization) সাধাৰণ সম্পাদক ডেভিড চাংছনে কয় যে, ডিমা হাছাও জিলাক দুভাগ কৰি দুখন জিলা গঠনৰ ইণ্ডিজিনাচ পিপলছ্ ফ’ৰামৰ দাবী কোনো পধ্যেই সাম্প্ৰদায়িক নহয় (separation of dima hasao) । যি সকলে পৃথক জিলা গঠনক সাম্প্ৰদায়িক বুলি প্ৰচাৰ কৰিছে আচলতে তেওঁলোক হ’ল সাম্প্ৰদায়িক । যেতিয়া উত্তৰ কাছাৰ পাৰ্বত্য জিলাৰ নাম সলনি কৰি ডিমা হাছাও কৰা হৈছিল তেতিয়া জিলাৰ নাম সাম্প্ৰদায়িক দৃষ্টি ভংগীৰে হোৱা নাছিল নেকি বুলি প্ৰশ্ন উত্থাপন কৰে চাংছনে ।

তেওঁ লগতে কয়, ‘‘আমি কোনো জাতি-জনগোষ্ঠীৰ বিৰুদ্ধে গৈ পৃথক জিলাৰ দাবী কৰা নাই আৰু আমি কাৰো ভূমি দখল কৰিব বিচৰা নাই ৷ আমি সংবিধানৰ ভিতৰত থাকি পৃথক জিলা গঠনৰ দাবী কৰিছোঁ’’ ।

ডিমা হাছাও জিলাক বিভক্ত কৰাৰ দাবী সাম্প্ৰদায়িক নহয়

লগতে পঢ়ক: প্ৰসংগ জয়মালা: তামিলনাডু চৰকাৰলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জাননী

ইপিনে সাংবাদমেলত ইণ্ডিজিনাচ পিপলছ্ ফ’ৰামৰ কাৰ্যকৰী সভাপতি সমসুদেনৱে জেমিয়ে কয়, 2010 চনৰ 30 মাৰ্চ ৰাজ্য চৰকাৰে উত্তৰ কাছাৰ পাৰ্বত্য জিলাৰ নাম সলনি কৰি ডিমা হাছাও জিলা কৰাৰ পিছৰে পৰা ইণ্ডিজিনাচ পিপলছ্ ফ’ৰামে ডিমা হাছাও জিলাক দুভাগ কৰি দুখন জিলা গঠন কৰাৰ দাবী জনাই আহিছো । এই পৃথক জিলা গঠনৰ দাবীৰ ইছ্যুলৈ তদানীন্তন ৰাজ্য চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব পি পি বাৰ্মাৰ নেতৃত্বত এখন কমিটি গঠন কৰা হৈছিল ৷ ইয়াৰ পিছতে পৃথক জিলা ইছ্যুলৈ বহুবাৰ চৰকাৰ লগতে আলোচনা অনুষ্ঠিত হলেও পৃথক জিলা গঠনৰ দাবী লৈ চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰা নাই’’ ।

যোৱা 11 ছেপ্টেম্বৰ ৰাজ্য চৰকাৰৰ লগত ইণ্ডিজিনাচ পিপলছ্ ফ’ৰামৰ এখন বৈঠক অনুষ্ঠিত হৈছিল আৰু এই বৈঠকত ৰাজ্য চৰকাৰে ইণ্ডিজিনাচ পিপলছ্ ফ’ৰামৰ পৃথক জিলাৰ দাবীত কোন কোন অঞ্চল অন্তৰ্ভুক্ত হ’ব সেয়া দেখুওৱাৰ কাৰণে এজন অৱসৰপ্ৰাপ্ত বিচাৰপতি আৰু এজন অৱসৰপ্ৰাপ্ত আই এ এছ বিষয়াক দ্বায়িত্ব দি এখন সমিতি গঠন কৰি দিয়ে বুলি সংবাদমেলত সমসুদেনৱে জেমিয়ে মন্তব্য কৰে ৷ ইতিমধ্যে ইণ্ডিজিনাচ পিপলছ্ ফ’ৰামৰ প্ৰস্তাৱিত পৃথক জিলা গঠন সন্দৰ্ভত আমি মেপ দিয়া হৈছে ৷ যাৰ বাবে অনতিপলমে চৰকাৰে পৃথক জিলা গঠনৰ দাবী পূৰণ কৰাৰ বাবে নিৰ্দেশনা জাৰি কৰাৰ দাবী জনায় সমসুদেনৱে জেমিয়ে ।

লগতে পঢ়ক: হিমন্ত বিশ্ব শৰ্মাক দাগ থকা কাপোৰৰ লগত তুলনা জয়ৰাম ৰমেশৰ

আনহাতে, ইণ্ডিজিনাচ ষ্টুডেন্টচ ফ’ৰামৰ সভাপতি ডেভিড কেভমে সংবাদমেলত পিআৰচি ভেৰিফিকেচন সন্দৰ্ভত কয় যে, 128 ৰোল অসম অট’নমাছ ডিষ্ট্ৰিক্ট 1951 ৰোলৰ অধীনত কোনো লোক যদি 12 বছৰ পাহাৰীয়া জিলাখনত বসবাস কৰে তেনেহলে তেওঁৰ পিআৰচি পোৱাৰ অধিকাৰ আছে ৷ এগৰাকী ব্যক্তিয়ে নিজেই তেওঁৰ পিআৰচি লৈ সন্দেহ ব্যক্ত কৰি উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ ৰাজহ বিভাগত তেওঁৰ পিআৰচি খন ভেৰিফিকেচন কৰাৰ বাবে জমা দিছিল ৷ ইয়াৰ পিছতেই এই নকল পিআৰচিৰলৈ সমস্যাৰ সৃষ্টি হৈছিল ৷

পিআৰচি ভেৰিফিকেচনৰ নামত উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদে পিআৰচিৰ লগতে 1970 চনৰ উত্তৰ কাছাৰ স্বায়ত্ব শাসিত পৰিষদৰ ভোটাৰ তালিকা জমা দিয়াৰ বাবে নিৰ্দেশনা জাৰি কৰিছিল ৷ ইয়াৰ পিছতে এই নিৰ্দেশ সলনি কৰি 1970-71 চনৰ ভোটাৰ তালিকা জমা দিয়াৰ নিৰ্দেশ জাৰি কৰে ৷ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদ কৰ্তৃপক্ষই তাৰ পিচতে আকৌ এবাৰ নিৰ্দেশনা সলনি কৰি এতিয়া আৰু এখন নিৰ্দেশনা জাৰি কৰিছে ৷

উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ ৰাজহ বিভাগে 1975 চনৰ পৰা 1996 চনৰ ভোটাৰ তালিকা জমা দিয়াৰ কথা নিৰ্দেশনাত উল্লেখ কৰিছে ৷ এই সন্দৰ্ভত কেভমে কয়, ‘‘আমি পিআৰচি ভেৰিফিকেচনৰ বিৰোধিতা কৰা নাই ৷ উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদে যদি পিআৰচি ভেৰিফিকেচন কৰিব বিচাৰে তেনেহ’লে ঘৰে ঘৰে গৈ পিআৰচি ভেৰিফিকেচন কৰিব লাগে ৷ কাৰণ এই পিআৰচি ভেৰিফিকেচন ইছ্যুলৈ পাহাৰীয়া জিলাৰ সকলো জনগোষ্ঠীৰ লোক ব্যাপক সমস্যাৰ সন্মুখীন হৈছে ।

লগতে পঢ়ক: বিদ্য়ুৎ মাচুল চৰকাৰে বঢ়োৱা নাই: মুখ্যমন্ত্ৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.