প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিনত ডিমা হাছাওতো ক'ভিড ভেকচিনৰ কাৰ্যসূচী

author img

By

Published : Sep 16, 2021, 10:54 PM IST

covid-vaccine-to-be-presented-at-dima-hasao-on-pm-modis-birthday

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিন উপলক্ষ্যে ৰাজ্যৰ অন্যৰ প্ৰান্তৰ লগতে ডিমা হাছাও জিলাতো 62 টা ক'ভিড ভেকচিন কেন্দ্ৰত প্ৰদান কৰা হ'ব ক'ভিড ভেকচিন ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্ম দিনত ৰাজ্যত 8 লাখ লোকক ক'ভিডৰ দ্বিতীয় পালি ভেকচিন প্ৰদানৰ বাবে ৰাজ্য চৰকাৰে লক্ষ্য নিৰ্ধাৰণ কৰিছে ৷

ডিমা হাছাও,16 ছেপ্টেম্বৰ: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিনত ৰাজ্যত ক'ভিড-19 ৰ মেগা ভেকচিন কৰ্মসূচী হাতত লৈছে ৰাজ্যৰ স্বাস্থ্য বিভাগে ৷ বৃহস্পতিবাৰে হাফলং জিলা উপায়ুক্তৰ কাৰ্যালয়ত এখন সংবাদমেল সম্বোধন কৰি ডিমা হাছাও জিলাৰ জিলা উপায়ুক্ত পল বৰুৱাই কয় যে,প্ৰধানমন্ত্ৰীৰ 71 সংখ্যক জন্মদিনত 17 ছেপ্টেম্বৰত সমগ্ৰ ৰাজ্যৰ লগতে ডিমা হাছাও জিলাত এই মেগা ভেকচিন কৰ্মসূচী অনুষ্ঠিত হ'ব ৷

সংবাদমেলত জিলা উপায়ুক্ত গৰাকীয়ে কয় যে, শুকুৰবাৰে ডিমা হাছাও জিলাত 62 টা ক'ভিড ভেকচিন কেন্দ্ৰত 21 জুনৰ পৰা 23 জুনলৈ যি সকলক ক'ভিড ভেকচিনৰ প্ৰথম পালি দিয়া হৈছিল তেওঁলোকক 17 ছেপ্টেম্বৰ ভেকচিনৰ দ্বিতীয় পালি দিয়া হ'ব ৷ এই বিশেষ ভেকচিন প্ৰদান কৰ্মসূচী তদাৰক কৰিব ৰাজ্যৰ পাৰ্বত্য এলেকাৰ উন্নয়ন মন্ত্ৰী তথা ডিমা হাছাও জিলাৰ অভিভাৱক মন্ত্ৰী যোগেন মহনে ৷

লগতে পঢ়কঃ APDCL ৰ পৰীক্ষাত খেলিমেলি সন্দৰ্ভত গুৱাহাটী বিশ্ববিদ্যালয়ত তদন্তকাৰী দল

সংবাদমেলত জিলা উপায়ুক্ত পল বৰুৱাই কয় যে, 17 ছেপ্টেম্বৰ দিনটোত ডিমা হাছাও জিলাত 8 হাজাৰ লোকক ভেকচিনৰ দ্বিতীয় পালি প্ৰদান কৰাৰ লক্ষ্য ধাৰ্য কৰা হৈছে ৷ তাৰ বাবে যি সকলৰ ইতিমধ্যে ভেকচিনৰ দ্বিতীয় পালি লোৱাৰ সময় হৈছে তেঁওলোকক 17 ছেপ্টেম্বৰ দিনত জিলাৰ ক'ভিড ভেকচিন কেন্দ্ৰত আহি ভেকচিন লোৱাৰ আহ্বান জনায় জিলা উপায়ুক্ত গৰাকীয়ে৷

ইপিনে জিলা উপায়ুক্ত গৰাকীয়ে সংবাদমেলত সদৰী কৰে ইতিমধ্যে ডিমা হাছাও জিলাত 90 হাজাৰ 587 গৰাকী লোকক ক'ভিড ভেকচিনৰ প্ৰথম পালি প্ৰদান কৰা হৈছে ৷ 26 হাজাৰ 862 গৰাকী লোকক দ্বিতীয় পালি প্ৰদান কৰা হৈছে ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্ম দিনত ৰাজ্যত 8 লাখ লোকক ক'ভিডৰ দ্বিতীয় পালি ভেকচিন প্ৰদানৰ বাবে ৰাজ্য চৰকাৰে লক্ষ্য নিৰ্ধাৰণ কৰিছে ৷

লগতে পঢ়কঃ ৰাজ্যৰ ৬৬ লাখ লোকে এতিয়াও লোৱা নাই প্ৰথম পালি ক'ভিড ভেকচিন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.