পৃথক জিলা গঠনৰ প্ৰসংগকলৈ ডিমা হাছাও উত্তপ্ত হোৱাৰ আশংকা

author img

By

Published : Sep 13, 2022, 10:19 PM IST

congress reacts to creation of separate districts

পৃথক জিলা গঠনৰ প্ৰসংগকলৈ ডিমা হাছাওত উত্তপ্ত পৰিস্থিতি সৃষ্টি হোৱাৰ আশংকা কৰিছে ডিমা হাছাও জিলা কংগ্ৰেছে (Congress fears Dima Hasao heated up) । হাফলং ৰাজীৱ ভৱনত এখন সংবাদমেল আয়োজন এই শংকা প্ৰকাশ কৰে কংগ্ৰেছে(Dima Hasao District Congress Press Conference) ।

ডিমা হাছাও, ১৩ ছেপ্টেম্বৰ: ডিমা হাছাও জিলাক দুভাগ কৰি দুখন পৃথক জিলা গঠনৰ প্ৰসংগকলৈ পাহাৰীয়া জিলাত অশান্তিৰ সৃষ্টি হব পাৰে বুলি আশংকা প্ৰকাশ কৰে ডিমা হাছাও জিলা কংগ্ৰেছে । মঙলবাৰে হাফলং ৰাজীৱ ভৱনত এখন সংবাদমেল আয়োজন কৰি ডিমা হাছাও জিলা কংগ্ৰেছৰ নৱনিযুক্ত সভাপতি সমৰজিত হাফলংবাৰে এই আশংকা প্ৰকাশ কৰে(Dima Hasao District Congress Press Conference) ।

সংবাদমেলত কংগ্ৰেছৰ জিলা সভাপতি গৰাকীয়ে কয়, দীৰ্ঘদিনৰ পৰা পাহাৰীয়া জিলাত অশান্তিময় পৰিৱেশ বিৰাজ কৰিছিল । সেয়া এতিয়া লাহে লাহে ঠিক হ'বলৈ আৰম্ভ কৰিছে । কিন্তু ডিমা হাছাও জিলাক দুভাগ কৰি দুখন পৃথক জিলা গঠনৰ বাবে ইণ্ডিজিনাচ পিপলছ ফৰাম(Indigenous Peoples Forum)ৰ দাবীক লৈ আকৌ ভুল বুজাবুজিৰ সৃষ্টি হ'বলৈ ধৰিছে(Congress fears Dima Hasao heated up) । সংবাদমেলত সমৰজিত হাফলংবাৰে কয় য়ে যি সময়ত সংবিধান বনোৱা হৈছিল তেতিয়া এই পাহাৰীয়া জিলাখনক সংবিধানৰ ষষ্ঠ অনুসূচীত চামিল কৰা হৈছিল ।

পৃথক জিলা গঠনৰ প্ৰসংগকলৈ ডিমা হাছাও উত্তপ্ত হোৱাৰ আশংকা

সংবাদমেলত তেওঁ কয়, সংবিধানক সন্মান জনাই দেশ আৰু চৰকাৰ চলা উচিত । কিন্তু বৰ্তমান বিজেপি চৰকাৰখনে গণতন্ত্ৰ আৰু সংবিধান মানি নচলে । তেওঁ লগতে কয় যে ষষ্ঠ অনুসূচীৰ অধীনত থকা স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচিত জন প্ৰতিনিধিৰ লগত আলোচনা অবিহনে আৰু স্বায়ত্ব শাসিত পৰিষদৰ NOC নিদিলে নতুন জিলা গঠন কেতিয়া হ'ব নোৱাৰে । এই ক্ষেত্ৰত উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ বিভিন্ন জাতি জনগোষ্ঠীৰ যিসকল নিৰ্বাচিত জনপ্ৰতিনিধি আছে তেওঁলোক কিয় মৌনতা অৱলম্বন কৰিছে বুলি প্ৰশ্ন উত্থাপন কৰে ।

সমৰজিত হাফলংবাৰে লগতে এই ক্ষেত্ৰত চৰকাৰে উত্তৰ কাছাৰ স্বায়ত্ব শাসিত পৰিষদৰ মতামত লৈছে নেকি বুলিও প্ৰশ্ন কৰে । জনতাক উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচিত জন প্ৰতিনিধি সকলে এই প্ৰশ্ন কৰিব লাগে । তেওঁ লগতে কয় সকলো বিসম্বাদ পাহৰি সকলো একেলগ হৈ সংবিধানৰ 244 (A) অনুচ্ছেদৰ অধীনত পৃথক ৰাজ্যৰ দাবীৰ আন্দোলনক আগুৱাই লৈ যোৱা উচিত ।

লগতে তেঁও ষষ্ঠ অনুসূচীত চৰকাৰৰ হস্তক্ষেপ বন্ধ কৰাৰ দাবী জনাই সমৰজিত হাফলংবাৰে অভিযোগ উত্থাপন কৰি কয় য়ে চৰকাৰে ষষ্ঠ অনুসূচীৰ অধীনত থকা স্বায়ত্ব শাসিত পৰিষদৰ ক্ষমতা হ্ৰাস কৰিব বিচাৰিছে । পৃথক জিলা গঠনৰ বিষয়ত উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ মতামত লৈ চৰকাৰৰ সিদ্ধান্ত গ্ৰহণ কৰা উচিত আৰু সকলোৱে এক লগে বহি আলোচনাৰ জৰিয়তে সমস্যাৰ সমাধান কৰা উচিত বুলি মন্ত্যব কৰে ডিমা হাছাও জিলা কংগ্ৰেছৰ সভাপতি সমৰজিত হাফলংবাৰে ।

লগতে পঢ়ক: হিমন্ত বিশ্ব শৰ্মা উশৃংখল কল্পজ্ঞানী মুখ্যমন্ত্ৰী : অখিল গগৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.