কনিষ্টবল হাবিবুৰ ৰহমান হত্যাকাণ্ডৰ সাক্ষ্য প্ৰদানৰ বাবে সাজু প্ৰত্যক্ষদৰ্শী বিকাশ থাওচেন

author img

By

Published : Aug 31, 2022, 1:15 PM IST

Dima hasao

ডিমা হাছাও জিলা কংগ্ৰেছে (Dima Hasao District Congress) অসম আৰক্ষীৰ কনিষ্টবল হাবিবুৰ ৰহমান হত্যাকাণ্ডত (Assam Police constable murder case) অভিযুক্ত তৎকালীন উগ্ৰপন্থী নেতা তথা বৰ্তমান উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেৱলাল গাৰ্লোছাক (Congress Demanded removal of CEM Devlal Garlosa) এই পদৰ পৰা অপসাৰণৰ দাবী জনাইছে ।

ডিমা হাছাও, ৩১ আগষ্ট : ডিমা হাছাও জিলাত 2007 চনত অসম আৰক্ষীৰ কনিষ্টবল হাবিবুৰ ৰহমান হত্যাকাণ্ডই নতুন মোৰ লৈছে (Constable Habibur Rahman murder in Dima Hasao) । উক্ত হত্যাকাণ্ডৰ একমাত্ৰ প্ৰত্যক্ষদৰ্শী বিকাশ থাওচেনে আদালতত সাক্ষ্য প্ৰদানৰ বাবে সাজু হৈছে । উল্লেখ্য, সোমবাৰে ৰাজ্যৰ বিভিন্ন সংবাদ মাধ্যমত বিস্ফোৰক তথ্য দাঙি ধৰিছিল এই হত্যাকাণ্ডৰ গোচৰৰ একমাত্ৰ সাক্ষী গাড়ীচালক বিকাশ থাওচেনে (sole witness in murder case) ।

ইয়াৰ পিচতে ডিমা হাছাও জিলাৰ ৰাজনীতি উত্তাল হৈ পৰিছে । ডিমা হাছাও জিলা কংগ্ৰেছে (Dima Hasao District Congress) অসম আৰক্ষীৰ কনিষ্টবল হাবিবুৰ ৰহমান হত্যাকাণ্ডত (Assam Police constable murder case) অভিযুক্ত তৎকালীন উগ্ৰপন্থী নেতা তথা বৰ্তমান উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেৱলাল গাৰ্লোছাক (North Cachar Hill Autonomous Council CEM) এই পদৰ পৰা অপসাৰণৰ দাবী জনাইছে (Congress Demanded removal of CEM Devlal Garlosa) ।

কনিষ্টবল হাবিবুৰ ৰহমান হত্যাকাণ্ডৰ সাক্ষ্য প্ৰদানৰ বাবে সাজু প্ৰত্যক্ষদৰ্শী বিকাশ থাওচেন

সোমবাৰে গুৱাহাটীত ৰাজ্যৰ বিভিন্ন সংবাদ মাধ্যমক অসম আৰক্ষীৰ কনিষ্টবল হাবিবুৰ ৰহমানৰ হত্যাকাণ্ডত উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেৱলাল গাৰ্লোছা জড়িত আছিল বুলি বিস্ফোৰক তথ্য দাঙি ধৰিছিল । উল্লেখ্য, 2007 চনত হোৱা এই হত্যাকাণ্ডৰ প্ৰত্যক্ষদৰ্শী তথা একমাত্ৰ সাক্ষী হৈছে গাড়ীচালক বিকাশ থাওচেন । বিকাশ থাওচেনে সোমবাৰে সংবাদ মাধ্যমৰ আগতে জনায় যে হাবিবুৰ ৰহমান হত্যাকাণ্ডত আদালতত সাক্ষ্য নিদিয়াৰ বাবে তেওঁৰ পৰিয়াল আৰু তেওঁক অপহৰণ কৰি তেওঁক হত্যা কৰাৰ ভাবুকি দিছিল দেৱলাল গাৰ্লোছাই (CEM Devlal Garlosa) ।

যাৰ বাবে তেওঁ এই হত্যাকাণ্ডৰ সাক্ষী দিয়াৰ পৰা বিৰত আছিল । বৰ্তমানে ৰাজ্য চৰকাৰে বিকাশ থাওচেনৰ পৰিয়াল আৰু তেওঁক পিএছঅ' প্ৰদান কৰিছে যাৰ বাবে এই হত্যাকাণ্ডৰ গোচৰত তেওঁ এতিয়া আদালতত সাক্ষ্য দিয়াৰ বাবে সাজু হৈছে । ইতিমধ্যে অসম আৰক্ষীৰ ওচৰত এই সন্দৰ্ভত সাক্ষ্য প্ৰদান কৰিছে । সোমবাৰে বিকাশ থাওচেনে সংবাদ মাধ্যমৰ আগত কয় যে 2007 চনত প্ৰয়াত প্ৰফুল্ল ফংলোৱে তেওঁৰ গাড়ী ভাড়াত লৈছিল লংকালৈ যোৱাৰ বাবে । সেই সময়ত তৎকালীন উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যনিৰ্বাহক সদস্য ভদ্ৰমণি লাংথাচাৰ পিএছঅ' হাবিবুৰ ৰহমানক লগত লয় ।

উক্তদিনা দিয়ুংমুখলৈ যোৱাৰ পিচতে তেওঁক কোৱা হৈছিল এখন জংঘলৰ পথেৰে যোৱাৰ বাবে । এই জংঘলৰ পথেৰে কিছু দূৰ যোৱাৰ পিচতে তিনি-চাৰিজনীয়া উগ্ৰপন্থী সদস্য তাত উপস্থিত আছিল । আনহাতে, তেতিয়াৰ ডিএইচডি জুৱেল গোটৰ উপ-মুখ্য সেনাধ্যক্ষ তথা বৰ্তমানৰ উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্যও তাত উপস্থিত আছিল আৰু তেতিয়া প্ৰয়াত প্ৰফুল্ল ফংলো গাড়ীৰ পৰা নামি তেওঁলোকৰ লগত কথা পাতি এটা জোতাৰ বাকচত 1000 টকীয়াৰ বৃহৎ পৰিমাণৰ ধন তেওঁলোকক দিছিল ।

ইয়াৰ পিচতে অসম আৰক্ষীৰ কনিষ্টবল হাবিবুৰ ৰহমানৰ হাতত থকা কাৰ্বাইনটো লৈ উক্ত আগ্নেয়াস্ত্ৰৰেই কনিষ্টবল হাবিবুৰ ৰহমানক গুলীয়াই কাৰ্বাইনটো লৈ পলাই গৈছিল দেৱলাল গাৰ্লোছা । বিকাশ থাওচেনে দিয়া তথ্য মতে, তেওঁৰ চক্ষুৰ সন্মুখতে দেৱলাল গাৰ্লোছাই অসম আৰক্ষীৰ কনিষ্টবল হাবিবুৰ ৰহমানক গুলীয়াই হত্যা কৰিছিল । বৰ্তমান এই হত্যাকাণ্ড সন্দৰ্ভত এটা গোচৰ হাফলং চি জে এম আদালতত চলি আছে । বিকাশ থাওচেনৰ এই বিস্ফোৰক তথ্যৰ পিচতে এতিয়া বিপদ বাঢ়িছে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেৱলাল গাৰ্লোছাৰ ।

ইফালে মঙলবাৰে এই সন্দৰ্ভত হাফলং ৰাজীৱ ভৱনত এখন সংবাদমেল সম্বোধন কৰি ডিমা হাছাও জিলা কংগ্ৰেছৰ (Dima Hasao congress press conference) মুখপাত্ৰ সমৰজিত হাফলংবাৰে কয়, সোমবাৰে ৰাজ্যৰ বিভিন্ন সংবাদ মাধ্যমত দিয়া গাড়ীচালক বিকাশ থাওচেনৰ বিবৃত্তি মতে, অসম আৰক্ষীৰ কনিষ্টবল হাবিবুৰ ৰহমান হত্যাৰ গোচৰত সাক্ষ্য দিয়াৰ পৰা বিৰত থকাৰ বাবে বিকাশ থাওচেনৰ পৰিয়াল আৰু তেওঁক অপহৰণ কৰি হত্যাৰ ভাবুকি দিয়াটো অতি দুৰ্ভাগ্যজনক ।

হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত চলি থকা বিজেপি চৰকাৰখনে অপৰাধ আৰু দুৰ্নীতিৰ ক্ষেত্ৰত শূন্য সহনশীলতা (Zero tolerance in crime and corruption) গ্ৰহণ কৰিছে । তেনে অৱস্থাত এনে এটা হত্যাকাণ্ডৰ লগত জড়িত সংবিধানৰ গুৰুত্বপূৰ্ণ পদত অধিষ্ঠিত উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পদৰ পৰা দেৱলাল গাৰ্লোছাক অপসাৰণ কৰাৰ লগতে এনে অপৰাধীক কঠোৰ শাস্তি দিব লাগে বুলিও দাবী জনায় ।

এফালে এই হত্যাকাণ্ডৰ প্ৰত্যক্ষদৰ্শী তথা একমাত্ৰ সাক্ষীক চৰকাৰে নিৰাপত্তা প্ৰদান কৰিব, আনফালে এনে অপৰাধীক সাংবিধানিক পদত বহুৱাই ৰাখিব- সেয়া কেতিয়াও হ'ব নোৱাৰে বুলি কংগ্ৰেছ মুখপাত্ৰজনে কয় । এনে অৱস্থাত অসমৰ আৰক্ষীৰ কনিষ্টবল হাবিবুৰ ৰহমানৰ হত্যাকাণ্ডৰ লগতে জড়িত থকাৰ বাবে অনতিপলমে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পদৰ পৰা দেৱলাল গাৰ্লোছাক অপচাৰণ কৰি উচিত শাস্তি প্ৰদান কৰাৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ওচৰত দাবী জনায় (CM Himanta Biswa Sarma) ডিমা হাছাও জিলা কংগ্ৰেছৰ মুখপাত্ৰ সমৰজিত হাফলংবাৰে । উক্ত সংবাদমেলত উপস্থিত থাকে অসম প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক নিৰ্মল লাংথাচা আৰু কংগ্ৰেছ নেতা মহেন্দ্ৰ কেম্প্ৰাই ।

লগতে পঢ়ক :গৌৰীসাগৰত উত্তেজনা, সোপাধৰাৰ সন্দেহত আক্ৰমণ এজন অচিনাকী ব্যক্তিক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.