মাইবাং ৰেল ষ্টেচনৰ সমীপত চাইনীজ গ্ৰেণেড উদ্ধাৰ

author img

By

Published : Sep 12, 2021, 9:41 PM IST

chinese-grenade-recovered-at-maibang-in-dima-hasao

দেওবাৰে সন্ধিয়া মাইবাং ৰেল ষ্টেচনৰ সমীপত এটা চাইনীজ গ্ৰেণেড উদ্ধাৰ হোৱা ঘটনাই সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ ৷ ঘটনাকলৈ আতংকিত স্থানীয় ৰাইজ ৷ আৰক্ষীৰ তদন্ত অব্যাহত আছে ৷

ডিমা হাছাও, 12 ছেপ্টেম্বৰ : মাইবাং ৰেল ষ্টেচনৰ সমীপত দেওবাৰে সন্ধিয়া উদ্ধাৰ হয় এটা চাইনীজ গ্ৰেণেড ৷ সন্ধিয়া ষ্টেচনৰ সমীপৰ ৰেল লাইনৰ কাষতে এই চাইনীজ গ্ৰেণেডটো উদ্ধাৰ হয় বুলি জানিব পৰা গৈছে ৷ আৰক্ষীয়ে দিয়া তথ্য অনুসৰি মাইবাং ৰেল ষ্টেচনৰ সমীপত এটা শনি মন্দিৰৰ সমীপত দুখন ৰেল লাইনৰ মাজতে এই চাইনীজ গ্ৰেণেডটো উদ্ধাৰ কৰে মাইবাং আৰক্ষীয়ে ৷ সাধাৰণ ৰাইজৰ নিৰাপত্তাৰ স্বাৰ্থত বৰ্তমান আৰক্ষীয়ে সমগ্ৰ এলেকাটো ঘেৰি ৰাখিছে ৷

উল্লেখ্য যে, গ্ৰেণেডটো উদ্ধাৰো হোৱাৰ পাছতে গ্ৰেণেডটো নিষ্ক্ৰীয় কৰাৰ বাবে ঘটনাস্থলীত উপস্থিত হয় বোম স্কোৱাডৰ দল ৷ বোম স্কোৱাডৰ দলে বোমাটো নিষ্ক্ৰীয় কৰাৰ পাছতে পৰিৱেশটো শান্ত হয় ৷ কিন্তু কটকটীয়া নিৰাপত্তা বেষ্টনিৰ মাজতো এই গ্ৰেণেডটো কোনে, কেতিয়া পেলাই থৈ গ'ল সেই বিষয়টোক লৈ চিন্তিত হৈ পৰিছে সাধাৰণ লোকৰ লগতে আৰক্ষী-প্ৰশাসন ৷ বৰ্তমানলৈকে এই সংক্ৰান্তত কোনো উগ্ৰপন্থী সংগঠনে বিবৃতি দিয়া নাই ৷ ঘটনা সন্দৰ্ভত বৰ্তমান তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷

লগতে পঢ়কঃ অস্ত্ৰধাৰী সংগঠন শেষ নোহোৱালৈকে অসমত থাকিব AFSPA : হিমন্ত বিশ্ব শৰ্মা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.