Nagaland firing incident : ডিমা হাছাওত মমবাতি লৈ সমদল নগা সংগঠনৰ

author img

By

Published : Dec 6, 2021, 9:10 PM IST

paying tribute to the deceased of nagaland firing incident

নাগালেণ্ডত সংঘটিত হিংসাত্মক ঘটনাত 13 গৰাকী নগা লোক নিহত হোৱা ঘটনাক ধিক্কাৰ জনাইছে অসম নগা চি এছ অ’ আৰু জেমি কাউন্সিল অসমে (Naga organizations condemns Army Ambush in Nagaland) ৷ সেনাৰ গুলীত সাধাৰণ লোক নিহত হোৱাক ঘটনাক তীব্ৰ গৰিহণা দিয়ে সমদলকাৰীয়ে ৷

ডিমা হাচাও, 6 ডিচেম্বৰ : নাগালেণ্ডৰ মন জিলাৰ তিৰু আৰু অটিং বস্তিৰ সমীপত ভাৰতীয় সেনাবাহিনীৰ গুলীত 13 গৰাকী নিৰীহ লোকৰ মৃত্যু হোৱা ঘটনাৰ প্ৰতিবাদত ডিমা হাছাও জিলাত অসম নগা চি এছ অ’ আৰু জেমি কাউন্সিল অসমৰ মমবাতি লৈ সমদল (Candle march in Dima hassao) । ডিমা হাছাও জিলাৰ সদৰ চহৰ হাফলঙৰ নগা অধ্যুষিত লোদী গাঁৱত দেওবাৰে নিশা 8 বজাত অসম নগা চি এছ অ’ আৰু জেমি কাউন্সিল এই সমদল উলিওৱা হয় ৷

paying tribute to the deceased of nagaland firing incident
অসম নগা চি এছ ও আৰু জেমি কাউন্সিল অসমৰ শান্তি সমদল

সেনাৰ গুলীত সাধাৰণ লোক নিহত হোৱাক ঘটনাক তীব্ৰ গৰিহণা দিয়ে সমদলকাৰীয়ে ৷ জেমি কাউন্সিলৰ উপদেষ্টা নামকেই জেমিয়ে কয় যে, ‘‘আমি অসমত থাকিলেও মন জিলাত যি সকল লোকৰ মৃত্যু হৈছে ইয়াৰ প্ৰতিবাদত আমি এই সমদলৰ আয়োজন কৰিছো’’ । ঘটনাত মৃত্যু হোৱা সকলৰ আত্মাৰ সদগতি কামনা কৰে সমদলকাৰীসকলে ৷

paying tribute to the deceased of nagaland firing incident
অসম নগা চি এছ ও আৰু জেমি কাউন্সিল অসমৰ শান্তি সমদল

লগতে পঢ়ক : Armed Forces Special Powers Act নালাগে শান্তিপূৰ্ণ নাগালেণ্ডত :নেফিঅ’ ৰিঅ’

উল্লেখ্য যে, নাগালেণ্ডৰ মন জিলাৰ তিৰু অঞ্চলত উগ্ৰপন্থীৰ উপস্থিতিৰ খবৰ লাভ কৰিছিল সেনাই ৷ এই খবৰৰ ভিত্তিত ভাৰতীয় সেনাৰ 21 পেৰা কামাণ্ডোৰ এটা বাহিনীয়ে সন্দেহযুক্ত অঞ্চলটোত অভিযান চলায় ৷ সেই সময়তে এখন বাহন উক্ত স্থানেৰে পাৰ হ’বলৈ খোজাত সেনাই ৰখিবলৈ নিৰ্দেশ দিয়ে ৷ কিন্তু এই নিৰ্দেশ অমান্য কৰি পলাবলৈ চেষ্টা কৰে বাহনত থকা লোক কেইজনে ৷ ফলত গুলী চলাবলৈ বাধ্য হয় সেনাৰ দল (Army ambush in Nagaland)৷

বাহনখনত থকা 8 জন লোকৰ ভিতৰত 6 জনৰ থিতাতে মৃত্যু হয় ৷ পাচত জানিব পৰা যায় যে, এয়া আছিল সেনাৰ দ্বাৰা হৈ যোৱা এটা ভুল আক্ৰমণ ৷ আহত দুয়োজন লোকক সমীপৰ স্বাস্থ্য কেন্দ্ৰলৈ লৈ যোৱা হয় ৷ এই খবৰ বিয়পি পৰাৰ পাচতে স্থানীয় একাংশ লোকে সেনাৰ দলটোক ঘেৰি ধৰে ৷ উত্তেজিত লোকসকলে সেনাৰ দলটোক আক্ৰমণ কৰাৰ লগতে জ্বলাই দিয়ে সেনাৰ দুয়োখন বাহন ৷

লগতে পঢ়ক : Nagaland Firing Incident: নাগালেণ্ডৰ ঘটনাক ‘ভুল পৰিচয়ৰ ঘটনা' আখ্যা গৃহমন্ত্ৰীৰ

এই আক্ৰমণত এজন সেনা জোৱান শ্বহীদ হয় আৰু কেইবাজনো আহত হয় ৷ সেনাৰ দলটোৱে আত্মৰক্ষা তথা উত্তেজিত লোকক ছত্ৰভংগ দিয়াবৰ বাবে গুলী চলাবলৈ বাধ্য হয় (Army firing in Mon district) ৷ যাৰ ফলত আৰু 7 জন সাধাৰণ নাগৰিকৰ মৃত্যু হয় ৷ এই ঘটনাত আন কেইবাজনো সাধাৰণ লোক আহত হয় ৷ উত্তেজনাৰ মাজেৰেই পাৰ হ’ল সেই নিশা ৷

এই হিংসাত্মক ঘটনাৰ পাচত 5 ডিচেম্বৰৰ বিয়লি প্ৰায় 250 জনীয়া এটা উত্তেজিত জনতাৰ দলে আক্ৰমণ চলায় মন চহৰত থকা আছাম ৰাইফলচৰ এটা শিৱিৰত ৷ উত্তেজিত দলটোৱে শিৱিৰ লণ্ড-ভণ্ড কৰাৰ লগতে অগ্নি সংযোগ কৰে ৷ এই উত্তেজনা ৰোধৰ বাবে পুনৰ গুলী চালনা কৰে সেনাই ৷ ফলত মৃত্যু হয় আন এগৰাকী লোকৰ ৷ এই ঘটনা কেৱল উত্তৰ-পূৰ্বাঞ্চলতে নহয় দিল্লীতো ব্যাপক প্ৰভাৱ পেলাইছে ৷

লগতে পঢ়ক : Nagaland Civilians Deaths : নাগালেণ্ডৰ সেনা আক্ৰমণক দুৰ্ভাগ্যজনক আখ্যা অমিত শ্বাহৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.