Assam Microfinance Incentive News : ডিমা হাছাওত প্ৰথম পৰ্যায়ত 75 গৰাকী মহিলাক চেক প্ৰদান

author img

By

Published : Nov 30, 2021, 9:13 PM IST

Micro Finance relief cheques distribute among borrowers in dima hasao

ডিমা হাছাও জিলাত মাইক্ৰ’ফাইনেঞ্চৰ ঋণ প্ৰকল্প(Assam Micro Finance Incentive and Relief Scheme)ৰ অধীনত প্ৰথম পৰ্যায়ত 75 গৰাকী মহিলাক চেক প্ৰদান(Micro Finance relief cheques distribute among borrowers in Dima Hasao) ৷ মহিলাসকলক প্ৰতিগৰাকীকে 25 হাজাৰ টকাৰ চেক প্ৰদান কৰা হয় ৷

ডিমা হাছাও, 30 নৱেম্বৰ : বিধানসভা নিৰ্বাচনৰ সময়ত প্ৰতিখন নিৰ্বাচনী জনসভাত মহিলাসকলৰ মাইক্ৰ’ফাইনেঞ্চৰ ঋণ ৰেহাই দিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ মঙলবাৰে হাফলঙৰ পুথিভঁৰাল প্ৰেক্ষাগৃহত ডিমা হাছাও জিলাৰ মুঠ 75 গৰাকী মহিলাক মাইক্ৰ’ফাইনেঞ্চৰ ঋণ প্ৰকল্প(Assam Micro Finance Incentive and Relief Scheme)ৰ অধীনত 25 হাজাৰ টকাৰ চেক প্ৰদান(Micro Finance relief cheques distribute among borrowers in Dima Hasao) কৰা হয় ৷

ডিমা হাছাও জিলাৰ জিলা উপায়ুক্ত নাজৰিন আহমেদ আৰু উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ কাৰ্যনিৰ্বাহক সদস্য নম্রথাং মাৰেই প্ৰদান কৰে চেকসমূহ ৷ চেক প্ৰদান কৰি জিলা উপায়ুক্ত নাজৰিন আহমেদে কয় যে, মহিলাসকলক মাইক্ৰ’ফাইনেঞ্চৰ ঋণ ৰেহাই দিয়াতো মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ সপোন আছিল ৷

Micro Finance relief cheques distribute among borrowers in dima hasao
ডিমা হাছাওত মাইক্ৰ’ফাইনেঞ্চৰ চেক প্ৰদান

ৰাজ্যত প্ৰথম পৰ্যায়ত 11 লাখ মহিলাক 25 হাজাৰ টকাৰ চেক প্ৰদান কৰা হ’ব, অৱশ্যে ঋণৰ কিস্তি নিয়মিতভাৱে ঘূৰাই দিয়া সকলকহে চেক প্ৰদান কৰা হ’ব বুলি জিলা উপায়ুক্তগৰাকীয়ে সদৰী কৰে ৷ উল্লেখ্য যে, বিগত বিধানসভা নিৰ্বাচনৰ পূৰ্বে দিয়া প্ৰতিশ্ৰুতি অনুসৰি, মাইক্ৰ’ফাইনেঞ্চৰ পৰা লোৱা মহিলাৰ অনাদায় ধন আদায়ৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে চৰকাৰে (Assam Government process on micro finance loan) ৷

ইতিমধ্যে মাইক্ৰ’ফাইনেঞ্চ কোম্পানীসমূহৰ ওচৰত ঋণী হৈ থকা ৰাজ্যৰ প্ৰায় 12 লাখ মহিলাক(Microfinance Loan Waiver) সকাহ দিয়াৰ পৰ্ব আৰম্ভ হৈছে চৰকাৰে । এই প্ৰক্ৰিয়াৰ আৰম্ভণিৰ প্ৰথম পৰ্যায়ত ৰাজ্যৰ 8 খন জিলাক সামৰি লোৱা বুলি মুখ্যমন্ত্ৰী শৰ্মাই জানিবলৈ দিছে ৷

প্ৰথম পৰ্যায়ত অন্তৰ্ভুক্ত জিলাসমূহৰ ভিতৰত আছে- শোণিতপুৰ, মাজুলী, শিৱসাগৰ, যোৰহাট, ডিমা হাছাও, পশ্চিম কাৰ্বি আংলং, চৰাইদেউ আৰু গোলাঘাট জিলা । দুটাকৈ পৰ্যায়ত সম্পন্ন কৰিবলগীয়া চেক প্ৰদানৰ বাবে চৰকাৰৰ ব্যয় হ’ব প্ৰায় 7 হাজাৰ কোটি টকা । এয়া অসমৰ মাতৃ সমাজৰ বাবে চৰকাৰৰ এক উপহাৰ বুলি সদৰী কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷

লগতে পঢ়ক : Microfinance Loan Waiver : প্ৰথম পৰ্যায়ত এইসকল মহিলাকহে ধন দিব চৰকাৰে !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.