প্ৰধানমন্ত্ৰীৰ জন্মদিনক সেৱা আৰু সমৰ্পণ দিৱস হিচাপে পালনৰ সিদ্ধান্ত ৰাজ্যিক বিজেপিৰ

author img

By

Published : Sep 17, 2021, 8:38 AM IST

Assam BJP to celebrate PM's birthaday as samarpan diwas

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মেডীৰ জন্মদিনক সেৱা আৰু সমৰ্পণ দিৱস হিচাপে পালনৰ সিদ্ধান্ত অসম ৰাজ্যিক বিজেপিৰ ৷ সেই উদ্দেশ্যে প্ৰায় 20 দিনজোৰা বিভিন্ন কাৰ্যসূচীৰে প্ৰধানমন্ত্ৰীৰ জন্মদিন উদযাপন কৰিব অসম ৰাজ্যিক বিজেপিয়ে ৷

ডিমা হাচাও, 17 ছেপ্তেম্বৰ : 17 ছেপ্তেম্বৰ অৰ্থাৎ আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ জন্মদিনক সেৱা আৰু সমৰ্পণ অভিযান দিৱস হিচাপে পালনৰ সিদ্ধান্ত লৈছে অসম ৰাজ্যিক বিজেপিয়ে ৷ সেয়েহে 17 ছেপ্তেম্বৰৰ পৰা অহা 7 অক্টোবৰলৈকে প্ৰায় 20 দিনজোৰা বিভিন্ন কাৰ্যসূচীৰে ৰাজ্যজুৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিন সেৱা আৰু সমৰ্পণ অভিযান হিচাপে পালনৰ কথা সদৰী কৰিছে অসম ৰাজ্যিক বিজেপিয়ে ৷

বৃহস্পতিবাৰে হাফলংস্থিত অটল বিহাৰী বাজপেয়ী ভৱনত ৰাজ্যিক বিজেপিৰ কাৰ্যনিৰ্বাহক সদস্য তথা ডিমা হাছাও জিলা বিজেপিৰ প্ৰভাৰী ৰতন টেৰণে সংবাদমেলযোগে এই কথা ঘোষণা কৰে ৷ 17 ছেপ্তেম্বৰত প্ৰধানমন্ত্ৰীৰ জন্মদিন উপলক্ষ্যে ৰাজ্যৰ সকলো মঠ-মন্দিৰ, সত্ৰ আৰু নামঘৰত প্ৰধানমন্ত্ৰীৰ সু-স্বাস্থ্য কামনা কৰি চাকি-বন্তি জ্বলোৱা হ’ব ।

আনহাতে, 17 আৰু 18 ছেপ্তেম্বৰত স্বচ্ছ ভাৰত অভিযানৰ অধীনত পথৰ কাষত পেলাই থোৱা বিশ্বকৰ্মা পূজাৰ মূৰ্তিসমূহ বিসৰ্জনৰ ব্যৱস্থা কৰিব বিজেপিৰ বুথ পৰ্যায়ৰ যুৱ মৰ্চাৰ কৰ্মীসকলে ৷

ইয়াৰ উপৰিও 20 আৰু 21 ছেপ্তেম্বৰত বিজেপিৰ জিলা ভিত্তিক অনুসূচীত জনজাতি, অন্যান্য পিছপৰা জাতি বা চাহ জনজাতীয় মৰ্চাৰ কৰ্মকৰ্তাসকলে অনাথ আশ্ৰম, বৃদ্ধাশ্ৰম, চিকিৎসালয়ত ফলমূল বিতৰণৰ ব্যৱস্থা কৰিব ৷ 22 ৰ পৰা 24 ছেপ্তেম্বৰত জিলা পৰ্যায়ত অসম ৰাজ্যিক বিজেপিয়ে বিনামূলীয়া স্বাস্থ্য শিবিৰৰ অয়োজন কৰিব ৷

27 ছেপ্তেম্বৰত বিজেপিৰ মৰ্চা কমিটীয়ে ৰক্তদান শিবিৰ অনুষ্ঠিত কৰিব ৷ 28 চেপ্টেম্বৰৰ পৰা 1 অক্টোবৰলৈ ৰাজ্যৰ আটাইকেইখন জিলাত অনুষ্ঠিত কৰা হ’ব চেমিনাৰ । ইয়াৰ উপৰিও প্ৰধানমন্ত্ৰীৰ 71 সংখ্যক জন্মদিন উপলক্ষে বিভিন্ন জিলাৰ 71 টা স্থানত 2 অক্টোবৰৰ পৰা 5 অক্টোবৰলৈকে পালষ্টিকৰ চাফাই অভিযান গ্ৰহণ কৰা হ’ব ।

6 আৰু 7 অক্টোবৰত ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিশেষভাৱে সক্ষম লোকসকলৰ মাজত বিভিন্ন সামগ্ৰী বিতৰণ কৰা হ’ব বুলি সংবাদমেলত ঘোষণা কৰে ৰতন টেৰণে ৷

লগতে পঢ়ক : স্বভাৱ বেয়া দেৱেশ্বৰ গাঁওবুঢ়াৰ...

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.