১০০ বছৰ গৰকা হাফলঙৰ এখন বিশেষ পূজা

author img

By

Published : Oct 14, 2021, 7:32 PM IST

Haflong

ডিমা হাছাও জিলাৰ জগন্নাথ মন্দিৰৰ এশ বছৰ গৰকা পূজাখনে বিশেষ চৰ্চা লাভ কৰিছে । অৱশ্যে ক'ভিড পৰিস্থিতিৰ বাবে অনুষ্টূপীয়াকৈ আয়োজন কৰা হৈছে এই পূজা ।

ডিমা হাছাও, ১৪ অক্টোবৰ : ৰাজ্যত এতিয়া দুৰ্গা পূজাৰ (Durga Puja) আনন্দ উল্লাহ । সকলোতে দেৱী দুৰ্গাৰ পূজা অৰ্চনা চলিছে । ইয়াৰ মাজতে বিশেষ চৰ্চা লাভ কৰিছে ডিমা হাছা জিলাৰ এখন পূজাই । কিয়নো হাফলঙৰ জগন্নাথ মন্দিৰৰ এই পূজাখনে ভৰি দিলে ১০০ বছৰত ।

১০০ বছৰ গৰকা হাফলঙৰ এখন বিশেষ পূজা

অৱশ্যে ক'ভিড পৰিস্থিতিৰ (Covid situation) বাবে পূজাখনৰ ১০০ বৰ্ষপূৰ্তি স্বত্বেও কোনো বিশেষ জাক জমকতা কৰা হোৱা নাই । কেৱল পৰম্পৰাগত নীতি-নিয়মৰ মাজেৰেই পূজাৰ আয়োজন কৰা হৈছে । ইফালে ঐতিহ্যমণ্ডিত এই জগন্নাথ মন্দিৰেও ১১০ বছৰ অতিক্ৰম কৰিছে । মন্দিৰত দুৰ্গা পূজাৰ তিনিদিন মাহ প্ৰসাদৰ ব্যৱস্থা কৰা হয় কিন্তু এই বছৰ ক'ভিড পৰিস্থিতিৰ বাবে মাহ প্ৰসাদৰ কোনো ব্যৱস্থা কৰা নাই আয়োজকসকলে ।

অৱশ্যে মহা নৱমীৰ দিনা ভক্ত তথা দর্শনাৰ্থীৰ বাবে মাহ প্ৰসাদৰ ব্যৱস্থা কৰা হৈছে বুলি জানিবলৈ দিয়ে হাফলং জগন্নাথ মন্দিৰ কমিটিৰ উপ-সভাপতি অজয় চক্ৰৱৰ্তীয়ে । তেওঁ কয় যে এই বছৰ ক'ভিড বিধি (Covid protocol) মানি আৰু চৰকাৰীভাৱে দিয়া নীতি নিয়মৰ মাজেৰে পূজাৰ আয়োজন কৰা হৈছে । ক'ভিড পৰিস্থিতিৰ মাজতো কিন্তু ভিন্ন প্ৰান্তৰ পৰা ভক্তসকলে আহি ঐতিহ্যমণ্ডিত জগন্নাথ মন্দিৰত দেৱী দুৰ্গাক আৰাধনা কৰা দেখা গৈছে ।

লগতে পঢ়ক :১১১ বছৰীয়া লাহোৱাল পূজা মন্দিৰত পুৱাৰে পৰা আৰম্ভ হৈছে নৱমী পূজা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.