Birth anniversary of Netaji: হাফলঙত নেতাজী সুভাষ চন্দ্ৰ বসুৰ 127 সংখ্যক জয়ন্তী উদযাপন

author img

By

Published : Jan 23, 2023, 9:21 PM IST

8 foot statue of Netaji Subhas Chandra Bose unveiled at Haflong

হাফলঙত উন্মোচন হ’ল স্বাধীনতা সংগ্ৰামী নেতাজী সুভাষ চন্দ্ৰ বসুৰ 8 ফুট উচ্চতাৰ মমৰ প্ৰতিমূৰ্তি (Netaji Subhas Chandra Bose Statue) ৷ উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেবলাল গাৰ্লোচাই উন্মোচন কৰে প্ৰতিমূৰ্তিটো ।

নেতাজী সুভাষ চন্দ্ৰ বসুৰ 8 ফুট মমৰ প্ৰতিমূৰ্তি উন্মোচন

ডিমা হাছাও, 23 জানুৱাৰী: আজি স্বাধীনতা সংগ্ৰামী নেতাজী সুভাষ চন্দ্ৰ বসুৰ 127 সংখ্যক জন্ম জয়ন্তী (127th birth anniversary of Subhas Chandra Bose) ৷ দেশৰ ভিন্ন প্ৰান্তত নেতাজীৰ জন্মজয়ন্তী উপলক্ষে আয়োজন কৰা হৈছে বিভিন্ন কাৰ্যসূচী ৷ দেশৰ লগতে অসমতো নেতাজীৰ জন্মজয়ন্তী পালন কৰা পৰিলক্ষিত হৈছে (Freedom fighter Netaji Subhas Chandra Bose) ৷ অসমৰ অন্যতম পাহাৰীয়া জিলা ডিমা হাছাওৰ সদৰ চহৰ হাফলঙত নেতাজীৰ জন্ম জয়ন্তী উপলক্ষে দেখা গ’ল এক ব্যতিক্ৰমী দৃশ্য ৷

হাফলঙত আজি উন্মোচন কৰা হয় স্বাধীনতা সংগ্ৰামী নেতাজী সুভাষ চন্দ্ৰ বসুৰ 8 ফুট উচ্চতাৰ মমৰ প্ৰতিমূৰ্তি ৷ উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেবলাল গাৰ্লোচাই উন্মোচন কৰে এই প্ৰতিমূৰ্তিটো । হাফলং চহৰৰ হাগজাৰ নগৰ আৰু টেক্সি ষ্টেণ্ডৰ মাজতে স্থাপন কৰা হৈছে নেতাজীৰ 8 ফুট উচ্চতাৰ মমৰ প্ৰতিমূৰ্তিটো (Subhas Chandra Bose Statue unveiled at Haflong)।

উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদ আৰু স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেবলাল গাৰ্লোচাৰ উদ্যোগত হাফলং চহৰত স্থাপন কৰা হয় নেতাজীৰ প্ৰতিমূৰ্তিটো (Birth anniversary celebrations of Netaji)। নেতাজী মমৰ প্ৰতিমূৰ্তি উদযাপন আৰু নেতাজীৰ 127 সংখ্যক জন্মজয়ন্তীটো বিভিন্ন কাৰ্যসূচীৰ জৰিয়তে নেতাজী জন্মজয়ন্তী উদযাপন কমিটিয়ে তিনিদিনীয়াকৈ উদযাপন কৰে ।

তিনিদিনীয়া কাৰ্যসূচী অনুসৰি যোৱা 21 জানুৱাৰীত অৰ্থাৎ প্ৰথম দিনা অনুষ্ঠিত হয় বাস্কেট বল প্ৰতিযোগিতা । আকৌ দেওবাৰে স্কুলৰ ছাত্ৰ-ছাত্ৰীৰ মাজত অনুষ্ঠিত হয় অংকন প্ৰতিযোগিতা আৰু আকস্মিক বক্তৃতা প্ৰতিযোগিতা।

দেওবাৰে অনুষ্ঠিত হয় হাফলং অসামৰিক চিকিৎসালয়ত ৰক্তদান শিবিৰ (126th birth anniversary celebrations of Netaji at Haflong) ৷ লগতে হাফলং অসামৰিক চিকিৎসালয়ৰ ৰোগীসকলক বিতৰণ কৰা হয় ফল-মূলকে আদি কৰি বিভিন্ন খাদ্য সামগ্ৰী ৷ আজি পুৱা 10 টা বজাত হাফলং সাংস্কৃতিক ভৱনৰ পৰা এখনি শোভাযাত্ৰা আৰম্ভ হয় আৰু হাফলং চহৰ পৰিক্ৰমা কৰি নেতাজীৰ প্ৰতিমূৰ্তিটোৰ স্থানত অন্ত পৰে এই শোভাযাত্ৰা ৷

দিনৰ 11টা বজাত অনুষ্ঠানৰ মুখ্য অতিথি দেবলাল গাৰ্লোচাই নেতাজীৰ মমৰ প্ৰতিমূৰ্তিটো উন্মোচন কৰাৰ পিছতে দিনৰ 12 বজাত আজাদ হিন্দ ফৌজৰ পতাকা উত্তোলন কৰে । ইয়াৰ পিচতে অনুষ্ঠিত হয় এখন আলোচনা সভা । দিনৰ 2 টা বজাত হাফলং সাংস্কৃতিক ভৱনৰ পৰা এটা মটৰ চাইকেল ৰেলী উলিয়াই জাতিংগা পইন্টৰ ৰাণী গাইডালোৰ প্ৰতিমূৰ্তিৰ পইন্টৰ পৰা পুনৰ নেতাজীৰ প্ৰতিমূৰ্তিৰ ওচৰতে আহি অন্ত পৰে ।

লগতে পঢ়ক: 127th birth anniversary of Netaji; নেতাজী বঙালী বা অসমীয়াৰ সম্পদ নহয়, দেশৰ সম্পদ বিশ্বৰ সম্পদ : মুখ্যমন্ত্ৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.