Wushu player Pronita Chutia: অৱশেষত মুকলি আকাশৰ তললৈ মাইনা চুতীয়া ওৰফে প্ৰণীতা

author img

By

Published : Aug 5, 2022, 4:59 PM IST

Wushu player Pronita Chutia

মুকলি আকাশৰ তললৈ অহাৰ পথ প্ৰশস্ত হ’ল উশ্বু খেলুৱৈ মাইনা চুতীয়া ওৰফে প্ৰণীতাৰ (Wushu player Pronita Chutia)৷ শিৱসাগৰ কাৰাগাৰত বন্দী হৈ থকা খেলুৱৈগৰাকীয়ে লাভ কৰিলে জামিন ৷

ডিব্ৰুগড়, 5 আগষ্ট: সামাজিক মাধ্যমত আলফা স্বাধীনক মুকলি সমৰ্থন কৰি দুটা বছৰে কাৰাৰুদ্ধ হৈ থকা ৰাষ্ট্ৰীয় পৰ্যায়ৰ মৰাণ ৰাইদঙীয়া গাঁৱৰ ২৩ বছৰীয়া যুৱতী খেলুৱৈগৰাকী(Wushu player Pronita Chutia) আজি জে’লৰ পৰা মুকলি হ'ব ।

অৱশেষত মুকলি আকাশৰ তললৈ মাইনা চুতীয়া ওৰফে প্ৰণীতা

ডেৰমাহৰ পূৰ্বে সংবাদ মাধ্যমত প্ৰচাৰিত এক বাতৰিত সামাজিক মাধ্যম অৰ্থাৎ ফেচবুকৰ কমেণ্টত মাইনা চুতীয়া (প্ৰণিতা চুতীয়া)ই " আলফাৰ লিংক পালে মইও যাম, আই লভ আলফা " বুলি লিখিছিল । তাৰ ভিত্তিত চৰাইদেউ জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ এটা দলে মৰাণহাট আৰক্ষীথানাত গোচৰ নং- 36/22ত 120 (B)/121/121A IPC, R/W- Sec- 10/13/18 (B) UA(P) Act & R/W- Sec- 67 of IT Act 2000 ধাৰাত গোচৰ ৰুজু কৰি আটক কৰিছিল মাইনা চুতীয়াক ।

শিৱসাগৰ কাৰাগাৰত থকা খেলুৱৈগৰাকী মুকলি আকাশৰ তললৈ অহা খবৰে আনন্দিত কৰি তুলিছে ক্ৰীড়া অনুৰাগীক (Pronita Chutia got bail)। উল্লেখযোগ্য যে অহা ৭ আগষ্টৰ পৰা গুৱাহাটীত হ'বলগীয়া জিলাভিত্তিক চিনিয়ৰ উশ্বু চেম্পিয়নছিপত(Wushu Championship in Guwahati) অংশগ্ৰহণ কৰিব প্ৰণীতা চুতীয়াই।

লগতে পঢ়ক: Journalist Drama: এদল সাংবাদিকৰ নাট্যপ্ৰতিভাৰে প্ৰাণ পাব অসম বুৰঞ্জীৰ ঐতিহাসিক বীৰ চৰিত্ৰ জোঙালবলহু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.