নামৰূপত অব্যাহত বন্যহস্তীৰ তাণ্ডৱ

author img

By

Published : Sep 23, 2022, 10:59 PM IST

Wild Elephant Terror

নামৰূপত অব্যাহত আছে বন্যহস্তীৰ ধ্বংসলীলা ৷ বিগত দুটাকৈ দিনত তিনিটাকৈ বাসগৃহত চলিল বন্যহস্তীৰ উপদ্ৰৱ (Wild Elephant Terror at Namrup in Dibrugarh) ৷ উপায়ন্তৰ এতিয়া অঞ্চলবাসী ৷

ডিব্ৰুগড়, 23 ছেপ্টেম্বৰ : ৰাজ্যত দিনক দিনে বৃদ্ধি পাব ধৰিছে হাতী মানুহৰ সংঘাত (Man elephant conflict)। খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা ওলাই অহা বন্যহস্তীৰ জাকে প্ৰতিদিনে জনাঞ্চলত চলাইছে তাণ্ডৱ । এইবাৰ নাহৰকটীয়াৰ নামৰূপ বন গাঁৱত বন্যহস্তীয়ে চলাইছে ধ্বংসলীলা (Wild Elephant Terror at Namrup in Dibrugarh)।

বৃহস্পতিবাৰে নিশা পাটকাই পৰ্বতৰ পৰা অহা বন্যহস্তীৰ জাকে বনগাঁৱৰ কল্পনা কোঁৱৰ নামৰ মহিলাগৰাকীৰ ঘৰ দুৱাৰ ভাঙি লণ্ড ভণ্ড কৰে বন্য হস্তীৰ এটা জাকে (House destroyed in wild elephant attack) ৷ লগতে মহিলাগৰাকীয়ে ঘৰত মজুত কৰি ৰখা ৰচদ-পাতি খাই তহিলং কৰে বন্যহস্তীৰ জাকটোৱে ।

নামৰূপত অব্যাহত বন্যহস্তীৰ তাণ্ডৱলীলা

অৱশ্যে শাৰীৰিক অসুস্থতাৰ বাবে নিশা আত্মীয়ৰ ঘৰত আশ্ৰয় গ্ৰহণ কৰাত বন্যহস্তী জাকৰ আক্ৰমণৰ পৰা ৰক্ষা পৰে পৰিয়ালটো । ইফালে বন্যহস্তীৰ জাকটোৱে নিশা একেখন গাঁৱৰে ঘনকান্ত কোঁৱৰ নামৰ লোকজনৰ ঘৰত উপদ্ৰৱ চলায় । নিশা প্ৰায় 12 বজাত অহা হাতীৰ জাকটোৱে ব্যক্তিগৰাকীৰ ঘৰৰ বেৰ-খিৰিকি আদি ভাঙি লণ্ড ভণ্ড কৰে ।

তেনে সময়তে প্ৰাণৰ মমতাত নিশাই ঘনকান্ত কোঁৱৰে পত্নী পুত্ৰসহ ঘৰৰ পৰা পলাইহে কথমপি ৰক্ষা পৰে । ইফালে, বুধবাৰে নিশাও বন্যহস্তীৰ জাকে নামৰূপ বনগাঁৱৰ যমুনা দেৱী নামৰ মহিলাগৰাকীৰ ঘৰ-দুৱাৰ ভাঙি লণ্ড ভণ্ড কৰিছিল । মন কৰিবলগীয়া যে, নামৰূপ বনগাঁৱত পাটকাই পৰ্বতৰ পৰা নামি অহা বন্যহস্তীৰ জাকে প্ৰতিদিনে অঞ্চলটোত তাণ্ডৱ চলাইছে যদিও কাণসাৰ নাই জয়পুৰ বন বিভাগৰ ।

এই অভিযোগ ভুক্তভোগী ৰাইজৰ ৷ বন্যহস্তীৰ জাকটোক গভীৰ অৰণ্যলৈ খেদি পঠাবলৈ বন বিভাগে আজি পৰ্যন্ত কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰিছে ভুক্তভোগী ৰাইজে ।

লগতে পঢ়ক : বন্যহস্তীৰ আক্ৰমণত সম্পূৰ্ণৰূপে ভাঙি চুৰমাৰ হ’ল এটা বাসগৃহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.