Sattriya dance workshop: গুৰুজনাৰ সৃষ্টিৰাজিক নৱপ্ৰজন্মৰ মাজত জীয়াই ৰখাৰ প্ৰয়াস

author img

By

Published : Jul 26, 2022, 8:22 AM IST

successful-conclusion-of-satriya-dance-workshop-held-in-tingkhong

টিংখাঙত মাহমৰা থুলাই অৰুণোদয় যুৱ সমাজৰ উদ্যোগত তথা মাহমৰা বিহু কৰ্মশালা সমিতি আৰু বৃহত্তৰ মাহমৰাবাসী ৰাইজৰ সহযোগত গ্ৰীষ্মকালীন বন্ধ উপলক্ষে অনুষ্ঠিত কৰা ১৪ দিনীয়া সত্ৰীয়া নৃত্য কৰ্মশালাৰ সফল সামৰণি(Sattriya dance workshop in Tingkhong) ৷ গুৰুজনাৰ সৃষ্টি সত্ৰীয়া নৃত্যৰ লয়লাসেৰে মুখৰিত টিংখাঙৰ আদৰ্শ বিদ্যাপীঠ ৷

মৰাণ, 26 জুলাই : সত্ৰীয়া নৃত্যৰ লয়লাসেৰে মুখৰিত টিংখাঙৰ এখন বিদ্যালয় । টিংখাঙৰ মাহমৰা আদৰ্শ বিদ্যাপীঠত কণ কণ মইনাহঁতৰ সত্ৰীয়া নৃত্যৰ মধুৰ ভংগীমা । টিংখাঙৰ মাহমৰা থুলাই অৰুণোদয় যুৱ সমাজৰ উদ্যোগত তথা মাহমৰা বিহু কৰ্মশালা সমিতি আৰু বৃহত্তৰ মাহমৰাবাসী ৰাইজৰ সহযোগত গ্ৰীষ্ম বন্ধ উপলক্ষে অনুষ্ঠিত কৰা ১৪ দিনীয়া সত্ৰীয়া নৃত্যৰ কৰ্মশালাখনিৰ সোমবাৰে সফল সামৰণি পৰে(Successful conclusion of Sattriya dance workshop) ।

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ড৹ ভূপেন হাজৰিকা পৰিৱেশ্য কলাৰ সত্ৰীয়া নৃত্য বিভাগৰ প্ৰশিক্ষক ৰাজশ্ৰী কোঁৱৰে প্ৰশিক্ষণ প্ৰদান কৰা উক্ত কৰ্মশালাত অঞ্চলটোৰ ৪৫ গৰাকী শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰে । কৰ্মশালাৰ সামৰণি অনুষ্ঠানত প‌্ৰশিক্ষাৰ্থী সকলৰদ্বাৰা পৰিবেশন কৰা সত্ৰীয়া নৃত্যৰ মোহময়ী চন্দই উপস্থিত সকলোকে মন্ত্ৰমুগ্ধ কৰি তোলে ।

গুৰুজনাৰ সৃষ্টি সত্ৰীয়া নৃত্যৰ লয়লাসেৰে মুখৰিত টিংখাঙৰ আদৰ্শ বিদ্যাপীঠ

ইফালে, সামৰণি অনুষ্ঠানত বিশিষ্ট নাট্যকাৰ তথা কৃতি শিক্ষক ডিম্বেশ্বৰ কোঁৱৰ, কৃতি শিক্ষক অজিত গগৈ, ভৱ গগৈ, কন্ঠশিল্পী ৰহন চান আদিকে ধৰি বহুকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে । অনুষ্ঠানত প্ৰশিক্ষাৰ্থীসকলক মানপত্ৰ বিতৰণ কৰাৰ লগতে প্ৰশিক্ষক ৰাজশ্ৰী কোঁৱৰক প্ৰশিক্ষাৰ্থীসকলে গুৰুসেৱা আগবঢ়ায় ।

উল্লেখযোগ্য যে, সত্ৰীয়া নৃত্যক ভাৰতৰ সংগীত নাটক একাডেমীয়ে শাস্ত্ৰীয় নৃত্য হিচাপে স্বীকৃতি প্ৰদান কৰা ৮ টা নৃত্য শৈলীৰ অন্যতম । মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ প্ৰতিষ্ঠিত সত্ৰসমূহৰ যোগেৰে প্ৰায় ১৫শ শতিকাৰ পৰাই এই নৃত্যধাৰা অসমত প্ৰচলিত । কিন্তু কালক্ৰমত গুৰুজনাৰ এই সৃষ্টিৰাজি ক্ৰমাত হেৰাই যোৱাৰ উপক্ৰম হৈছে । সেয়ে নতুন প্ৰজন্মৰ মাজত গুৰুজনাৰ সৃষ্টিৰাজিসমূহ প্ৰচাৰ কৰাৰ উদ্দেশ্যে অনুষ্ঠিত কৰা হৈছিল এই কৰ্মশালা (Try to keep works of Sankardeva alive among new generation) । আনহাতে, অনুষ্ঠানৰ লগত সংগতি ৰাখি থুলাই অৰুণোদয় যুৱ সমাজৰ উদ্যোগত এখন গ্ৰন্থ বিপনীৰো ব্যৱস্থা কৰা হয় ৷

লগতে পঢ়ক : Sangeet Vaswar Award: লখিমপুৰৰ নমিতা বৰুৱা ভূঞাক সংগীত ভাস্বৰ বঁটা প্ৰদান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.