9 বজাৰ 10 টা শীৰ্ষ বাতৰি

author img

By

Published : Sep 29, 2022, 9:12 AM IST

top-10-at-9-am

9 বজাৰ 10 টা শীৰ্ষ বাতৰি

বিগত 24 ঘণ্টাত জম্মু কাশ্মীৰত দুটাকৈ বোমা বিস্ফোৰণ, আহত দুজন ব্যক্তি

জম্মু-কাশ্মীৰৰ উধামপুৰ চহৰত বোমা বিস্ফোৰণ (Blast in Jammu and Kashmir) ৷ বিগত ৮ ঘণ্টাত জিলাখনত সংঘটিত হয় দুটাকৈ বিস্ফোৰণ ৷

তিনিদিনীয়া ভ্ৰমণ সূচীৰে উত্তৰ-পূৰ্বাঞ্চলত উপস্থিত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং

তিনিদিনীয়া ভ্ৰমণ সূচীৰে উত্তৰ-পূৰ্বাঞ্চলত উপস্থিত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং(Defance minister Rajnath Singh)৷ মোহনবাৰী বিমান বন্দৰত প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীক আদৰণি জনালে কৃষিমন্ত্ৰী অতুল বৰা আৰু ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকনে ৷

ধেমাজিত বান ক্ষতিগ্ৰস্ত মথাউৰি পৰিদৰ্শন মন্ত্ৰী পীযুষ হাজৰিকাৰ

বুধবাৰে ধেমাজিত উপস্থিত হৈ মন্ত্ৰী পীযুষ হাজৰিকাই জীয়াঢল নৈৰ মথাউৰি ভাঙি বানে ক্ষতি কৰা অঞ্চলসমূহ পৰিদৰ্শন কৰে (Minister Pijush Hazarika in Dhemaji) ৷ লগতে মন্ত্ৰীগৰাকীয়ে ভাৰতীয় জনতা পাৰ্টিৰ উদ্যোগত আয়োজন কৰা এখন প্ৰদৰ্শনী মেলাত অংশগ্ৰহণ কৰি দলীয় কৰ্মীৰ সৈতে আলোচনাত মিলিত হয় ৷

চৰকাৰী আচঁনি ৰূপায়নত দুৰ্নীতি হোৱাৰ অভিযোগেৰে AJYP ৰ তদন্তৰ দাবীত প্ৰতিবাদ

বিভিন্ন চৰকাৰী আচঁনি ৰূপায়নৰ নামত দুৰ্নীতি চলিছে (Corruption in government scheme implementation) ৷ এই অভিযোগ অসম জাতীয়তাবাদী যুৱ পৰিষদৰ ৷ অসম জাতীয়তাবাদী যুৱ পৰিষদৰ ধেমাজি জিলা সমিতিয়ে ধেমাজি জিলাৰ চিচিবৰগাঁও উন্নয়ন খণ্ডৰ অধীনৰ পঞ্চায়ত সমূহত বিভিন্ন চৰকাৰী আঁচনি ৰূপায়নৰ নামত ব্যাপক দুৰ্নীতি সংঘটিত কৰাৰ অভিযোগ উত্থাপন কৰি বুধবাৰে এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে (AJYP conducting protest) ৷

দৰঙত চুলাই মদৰ বিৰুদ্ধে উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকৰ অভিযান

ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে দৰঙত অবৈধ নিচা জাতীয় সামগ্ৰী তথা চুলাই মদ সৰবৰাহৰ বিৰুদ্ধে তৎপৰ হৈছে আৰক্ষী (Operation against illegal wine in Darrang ) ৷ এইবাৰ চুলাই মদ বিৰোধী অভিযানত নামিল খোদ জিলাখনৰ উপায়ুক্ত প্ৰণৱ কুমাৰ শৰ্মা আৰু আৰক্ষী অধীক্ষক প্ৰশান্ত শইকীয়া ৷

দেশৰ পৰৱৰ্তী প্ৰতিৰক্ষা মুৰব্বী লেফটেনেণ্ট জেনেৰেল অনিল চৌহান

দেশৰ পৰৱৰ্তী প্ৰতিৰক্ষা মুৰব্বীৰ নাম ঘোষণা প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ ৷ লেফটেনেণ্ট জেনেৰেল অনিল চৌহানক (অৱসৰপ্ৰাপ্ত) নিযুক্তি দিয়া হৈছে দেশৰ পৰবৰ্তী প্ৰতিৰক্ষা মুৰব্বী(CDS) হিচাপে ।

ৰূপহীহাটত তীৰখেলৰ সামগ্ৰীসহ আটক পাঁচ জুৱাৰী

ৰূপহীহাটত তীৰখেলৰ বিৰুদ্ধে আৰক্ষীৰ মাৰাথন অভিযান (Police raid against archery) ৷ যোৱা কেইবাদিন ধৰি ৰূপহীহাটত তীৰ খেল চলাই থকাৰ অভিযোগ লাভ কৰিছিল আৰক্ষীয়ে । অভিযোগৰ ভিত্তিতে ৰূপহীহাটৰ নতুন বজাৰত ৰূপহীহাট আৰক্ষীয়ে বুধবাৰে নিশা তিৰ খেলৰ বিৰুদ্ধে চলাই অভিযান (Gamblers arrested with archery equipment) ৷

শৰাইঘাটত আন এখন দুখলপীয়া দলঙ নিৰ্মাণৰ বাবে কেন্দ্ৰৰ ৯৯৬.৭৫ কোটি টকা অনুমোদন

প্ৰধানমন্ত্ৰীৰ গতিশক্তি মিছনৰ অধীনত ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ হ’ব ৰেল আৰু পথ সংযোগী দুখলপীয়া দলং। টুইট যোগে এই কথা সদৰি কৰে কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীয়ে(Road Transport and Highways minister Nitin Gadkari) । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীক ধন্যবাদ জ্ঞাপন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ।

কৰ দিবলৈ অমান্তি হোৱাৰ বাবেই লেচিয়ে মহিলা ব্যৱসায়ীক প্ৰহাৰৰ অভিযোগ

সোণাৰিৰ নামতোলাত বুধবাৰে সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতি (Tense situation in Sonari)। নাগালেণ্ডৰ এগৰাকী মহিলা ব্যৱসায়ীক প্ৰহাৰৰ অভিযোগ নামতোলাৰ লেচি অৰ্থাৎ হাটখোৱাৰ বিৰুদ্ধে । নাগালেণ্ডৰ মন জিলাৰ টিজিতৰ পৰা সোণাৰিত ব্যৱসায়ৰ বাবে অহা মহিলা ব্যৱসায়ীৰ পৰা অত্যাধিক কৰ সংগ্ৰহৰ অভিযোগ লেচিৰ বিৰুদ্ধে ।

গুৱাহাটীৰ GST কাৰ্যালয়ত CBIৰ অভিযান

জিএছটিৰ পৰা বহু প্ৰতিষ্ঠানক ৰেহাই দি অহাৰ অভিযোগ প্ৰতিষ্ঠানটোৰ বিৰুদ্ধে(CBI Raids in GST office at Guwahati) ৷ চিবিআইৰ 12জনীয়া এটা দলে চলাইছে এই অভিযান ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.