Accused teacher sent to Police custody: আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ অভিযুক্ত শিক্ষকক

author img

By

Published : Nov 5, 2022, 10:12 PM IST

Minor house maid girl mysterious suicide case

বনকৰা কিশোৰীক যৌন নিৰ্যাতন চলাই হত্যা কৰা ঘটনাৰ ন্যায়ৰ দাবীত ডিব্ৰুগড়ৰ টেঙাখাটত উত্তাল প্ৰতিবাদ(Minor house maid girl mysterious suicide case) ৷ সাতদিনৰ আৰক্ষী জিম্মালৈ প্ৰেৰণ অভিযুক্ত শিক্ষক চেনিৰাম দাসক ৷

ডিব্ৰুগড়, 5 নৱেম্বৰ: ডিব্ৰুগড় জিলাৰ টেঙাখাট চাচনীৰ নিৱাসী শিক্ষক চেনিৰাম দাসে বনকৰা কিশোৰীক যৌন নিৰ্যাতন চলাই পাছত হত্যা কৰি আত্মহত্যাৰ ৰূপ দিয়া ঘটনাক কেন্দ্ৰ কৰি উত্তাল হৈ আছে জিলাখন(Minor girl suicide case) ৷ টেঙাখাট আৰক্ষীয়ে শনিবাৰে শিক্ষক চেনিৰাম দাসক গ্ৰেপ্তাৰ কৰি আদালতত হাজিৰ কৰে(Teacher accused of sexually assaulting and killing) ৷ আদালতে অভিযুক্ত চেনিৰাম দাসক সাতদিনৰ আৰক্ষী জিম্মালৈ প্ৰেৰণ কৰে । ইফালে এই ঘটনা সংঘটিত হোৱা পিছৰে পৰা দোষীক উপযুক্ত শাস্তি বিহাৰ দাবীত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি আহিছে আটছা, আছাসহ জনগোষ্ঠীটোৰ ভাতৃ সংগঠনকেইটাই ৷

আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ অভিযুক্ত শিক্ষকক

ভুক্তভোগী তথা মৃত আদিবাসী সম্প্ৰদায়ৰ কিশোৰীগৰাকীৰ মৃত্যুৰ উচ্চস্তৰীয় দণ্ডাধীশ পৰ্যায়ৰ তদন্ত কৰি দোষীক কঠোৰতম শাস্তি বিহাৰ দাবীত আজি টেঙাখাট আৰু দুলীয়াজানত আটছাই উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷ আটছাৰ কৰ্মকৰ্তাসকলে টেঙাখাটৰ ভূপেন হাজৰিকা ৰংগমঞ্চৰ পৰা সমদল বাহিৰ কৰি ডিব্ৰুগড় -দুলীয়াজান সংযোগী মূল পথ আৰু টেঙাখাট ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয় ঘেৰাও কৰি বিভিন্ন প্ৰতিবাদী শ্লোগানেৰে উত্তাল কৰে টেঙাখাট চহৰ । এই ঘটনা সংঘটিত হোৱা ৫টা দিন উকলি যোৱাৰ পিছতো কিশোৰীগৰাকীৰ মৰণোত্তৰ পৰীক্ষাৰ ফলাফল নহাত সমগ্ৰ বিষয়টো সন্দেহৰ আৱৰ্তত সোমাই পৰিছে বুলি দাবী উত্থাপন কৰিছে প্ৰতিবাদকাৰীসকলে ৷

প্ৰতিবাদকাৰীসকলে এই ঘটনাৰ উচিত তদন্ত দাবী কৰি দোষীক কঠোৰতম শাস্তি বিহাৰ দাবীত ৰাজহ চক্ৰ বিষয়াৰ যোগেদি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ এখন স্মাৰকপত্ৰও প্ৰেৰণ কৰে ৷ উল্লেখ্য যে, বিগত 8 মাহ ধৰি টেঙাখাট চাচনীৰ নিৱাসী শিক্ষক চেনিৰাম দাসৰ ঘৰত এগৰাকী আদিবাসী কিশোৰীয়ে বনকৰা ছোৱালী হিচাপে বাস কৰিছিল ৷ কিন্তু কিশোৰীগৰাকী থাকিবলৈ লোৱাৰ কিছুদিনৰ পিছতে বিভিন্ন সময়ত তেওঁক মালিক তথা শিক্ষকজনে শাৰীৰিক অত্যাচাৰ চলোৱাৰ লগতে যৌন নিৰ্যাতন চলোৱাৰ কথাও ওলাইছিল (Sexually assaulting and killing teenage girl) ৷

ইয়াৰ পিছতে এই ঘটনা গাপ দিবলৈ শিক্ষকজনে কিশোৰীগৰাকীক ঘৰৰ পৰা ওলোৱা বন্ধ কৰি দিয়াৰ লগতে বলপূৰ্বকভাৱে তেওঁলোকৰ ঘৰত থাকিবলৈ বাধ্য কৰিছিল বুলি গুৰুতৰ অভিযোগ উত্থাপন হৈছিল (Teacher accused of sexually assaulting and killing) ৷ অৱশেষত আশ্চৰ্যজনকভাৱে যোৱা 30 অক্টোবৰত কিশোৰীগৰাকীয়ে আত্মহত্যা কৰে বুলি খবৰ প্ৰচাৰ হয় ৷ ইয়াৰ পিছতে অঞ্চলটোৰ লগতে কিশোৰীগৰাকীৰ ঘৰতো হুৱাদুৱা লাগে ৷ কিশোৰীগৰাকীৰ অস্বাভাৱিক মৃত্যুক মানি ল’ব পৰা নাই কিশোৰীগৰাকীৰ পৰিয়ালে ৷ এই ঘটনাক পৰিকল্পিত হত্যাকাণ্ড বুলি অভিযোগ উত্থাপন কৰিছে কিশোৰীগৰাকীৰ পৰিয়ালে ৷

লগতে পঢ়ক : Minor girl suicide case: বনকৰা কিশোৰীক যৌন নিৰ্যাতন চলাই হত্যা কৰি আত্মহত্যাৰ ৰূপ দিয়াৰ চেষ্টা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.