TAYPA Demand Tribalization: প্ৰথমে জনজাতিকৰণ কৰক, তাৰ পিছত সমষ্টি পুনৰ নিৰ্ধাৰণ, টাইপা

author img

By

Published : Jan 21, 2023, 2:14 PM IST

TAYPA

টাই আহোমসকলক প্ৰথমে জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰক (TAYPA demand tribalization) । তাৰ পিছতহে সমষ্টি বিলুপ্তি নতুবা নতুনকৈ নিৰ্ধাৰণ কৰক । এই দাবী টাইপাৰ । টাই পণ্ডিত টেঙাই মহন বঁটা ঘোষণা ।

সমষ্টি পুনৰ নিৰ্ধাৰণক লৈ টাইপাৰ পৰামৰ্শ

মৰাণ, ২১ জানুৱাৰী : অসমৰ প্ৰথম অভিধান প্ৰণেতা, টাই পণ্ডিত, প্ৰথমগৰাকী বিলাতলৈ যোৱা অসমীয়া টেঙাই মহনৰ স্মৃতিত টাই আহোম যুৱ পৰিষদে বিগত বৰ্ষৰ পৰা প্ৰদান কৰি আহিছে টাই পণ্ডিত টেঙাই মহন বঁটা (Tai scholar Tengai Mahan award) । বিগত বৰ্ষৰ দৰে এইবাৰো পণ্ডিত টেঙাই মহনৰ স্মৃতিত ২০২৩ বৰ্ষৰ বঁটা প্ৰদান কৰা হ'ব বিশিষ্ট শিক্ষাবিদ ডঃ দেৱব্ৰত শৰ্মাক (TAYPA declared Tengai Mahan award 2023) । ডিব্ৰুগড় জিলাৰ মৰাণৰ আৱৰ্ত ভৱনত এক সংবাদমেল সম্বোধন কৰি এই কথা জানিবলৈ দিয়ে টাইপাৰ কেন্দ্ৰীয় সমিতিয়ে ।

উল্লেখ্য, এই বঁটা আনুষ্ঠানিকভাৱে প্ৰদান কৰা হ'ব অহা ১১ ফেব্ৰুৱাৰীত টাইপাৰ (Tai Ahom Yuva Parisad Assam) ডিব্ৰুগড় জিলা সমিতিৰ উদ্যোগত ডিব্ৰুগড়ত অনুষ্ঠিত হ'বলগীয়া টেঙাই মহনৰ মৃত্যু বাৰ্ষিকী অনুষ্ঠানত । আনহাতে, একেখন সংবাদমেলতে সমষ্টি নিৰ্ধাৰণৰ বিষয়ত পুনৰ সৰৱ হৈ পৰে টাইপা । সংবাদমেলত সমষ্টি কৰ্তন নকৰিবলৈ সকীয়নি প্ৰদান কৰে টাইপাই (TAYPA reacts on constitution delimitation) । ইয়াৰ পৰিৱৰ্তে সমষ্টি বৃদ্ধি কৰিবলৈহে দাবী উত্থাপন কৰে টাইপাই ।

উক্ত সংবাদমেলতে জনজাতিকৰণ সন্দৰ্ভতো গুৰুত্বপূৰ্ণ মন্তব্য কৰে টাইপাৰ বিষয়ববীয়াসকলে । জনজাতিকৰণ বিষয়োটো সন্দৰ্ভত স্পষ্ট কৰি কয় যে টাই আহোমসকলক প্ৰথমতে জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰক (TAYPA demand tribalization) । তাৰ পিছতহে সমষ্টি কৰ্তন নতুবা নতুনকৈ নিৰ্ধাৰণ কৰাৰ আহ্বান জনায় টাইপাই । উল্লেখ্য, ৰাজ্য চৰকাৰে সমষ্টি পুনৰ নিৰ্ধাৰণ কৰিবলৈ তৎপৰ হোৱাৰ পাছতেই শনিবাৰে এইদৰে টাইপাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি বিজয় ৰাজখোৱা, সম্পাদক ৰুদ্ৰসাগৰ বুঢ়াগোহাঁই, ডিব্ৰুগড় জিলাৰ সভাপতি নিপন ফুকনৰ লগতে কেইবাজনো কেন্দ্ৰীয় আৰু জিলা নেতৃত্বই সংবাদমেল অনুষ্ঠিত কৰি এই গুৰুত্বপূৰ্ণ মন্তব্য কৰে । লগতে এই সন্দৰ্ভত চৰকাৰক তীব্ৰ সমালোচনা কৰে ।

এইখিনিতে প্ৰণিধানযোগ্য যে টাই আহোম যুৱ পৰিষদ চমুকৈ টাইপাই দীৰ্ঘদিন ধৰি জনজাতিকৰণৰ দাবীত আন্দোলন কৰি আহিছে । তেনে পৰিপ্ৰেক্ষিতত চৰকাৰক আহোমসকলক জনজাতিকৰণৰ মৰ্যাদা প্ৰদানৰ বিষয়টোত বৰ্তমান অধিক গুৰুত্ব প্ৰদান কৰা পৰিলক্ষিত হৈছে । লগতে চৰকাৰক প্ৰথমতে জনজাতিকৰণ প্ৰদান কৰি সমষ্টি পুনৰ নিৰ্ধাৰণৰ প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ দাবী জনায় ।

লগতে পঢ়ক :Devjit Bora VS Ajanta Neog : গোলাঘাট বিজেপিত অন্তঃকন্দল !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.