ডিব্ৰুগড়ৰ পৰা তেজপুৰলৈ ৰাওনা ৰাজনাথ সিং

author img

By

Published : Sep 29, 2022, 4:50 PM IST

Defence Minister Rajnath Singh leaves for Tezpur

দিনজান সেনা শিৱিৰত বুধবাৰে নিশা কটাই দিনজানত সেনাৰ শীৰ্ষ বিষয়াৰ সৈতে এক আলোচনাত মিলিত হয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে ( Defence Minister Rajnath Singh in Assam) । আজি ডিব্ৰুগড়ৰ পৰা তেজপুৰলৈ ৰাওনা হোৱাৰ সময়ত মোহনবাৰী বিমান বন্দৰত তেওঁক বিদায় সম্ভাষণ জনাই কৃষি মন্ত্ৰী অতুল বৰাই ।

মৰাণ, 29 ছেপ্টেম্বৰ: তিনিদিনীয়া কাৰ্যসূচী লৈ উত্তৰ-পূৱৰ অসম আৰু অৰুণাচল প্ৰদেশ ভ্ৰমণলৈ অহা প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং বৃহস্পতিবাৰে তেজপুৰলৈ (Defence Minister Rajnath Singh leaves for Tezpur) ৰাওনা হয় । ডিব্ৰুগড়ৰ পৰা তেজপুৰলৈ ৰাওনা হোৱাৰ সময়ত মোহনবাৰী বিমান কোঠত (Mohanbari Airport at Jorhat) তেওঁক বিদায় সম্ভাষণ জনাই ৰাজ্য় চৰকাৰৰ কৃষি মন্ত্ৰী অতুল বৰা, বিধায়ক প্ৰশান্ত ফুকন, ডিব্ৰুগড়ৰ জিলা উপায়ুক্ত বিশ্বজিত পেগু আৰু আৰক্ষী অধীক্ষক শ্বেতাংক মিশ্ৰাই ।

বুধবাৰে নিশা উত্তৰ-পূৱৰ অন্যতম সামৰিক ঘাটি হিচাপে পৰিচিত দিনজান সেনা শিৱিৰত (Dinjan Army Camp) কটাই দিনজানত সেনাৰ শীৰ্ষ বিষয়াৰ সৈতে এক আলোচনাত মিলিত হয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে । প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে ভাৰতীয় সেনাৰ জোৱান সকলৰে চাহ মেল আৰু এক মত-বিনিময় অনুষ্ঠানত অংশগ্ৰহণ কৰে ।

Defence Minister Rajnath Singh leaves for Tezpur
ডিব্ৰুগড়ৰ পৰা তেজপুৰলৈ ৰাওনা ৰাজনাথ সিঙৰ

ইয়াৰ পিছতে তেওঁ ভাৰতীয় সেনাৰ জি অ' চি (GoC of Indian Army) আৰু ৩ কৰ্পছ'কে ধৰি সেনাৰ বহু শীৰ্ষ বিষয়াৰে এক পৰ্যালোচনা বৈঠকত (Defence minister review meeting with army) মিলিত হয় ।

দিনজান সেনা শিৱিৰৰ ২ ক'ৰত অনুষ্ঠিত হোৱা বৈঠকত সেনা প্ৰধান মনোজ পাণ্ডে (Army Chief Manoj Pandey), পি ভি এছ এম, এ ভি এছ এম, ভি এছ এম, এডিচি আৰু লেফটেনেণ্ট জেনেৰেল আৰ পি কলিতা ইউ ৱাই এছ এম, এ ভি এছ এম, এছ এম, ভি এছ এম আৰ্মি কমাণ্ডাৰ ইষ্টাৰ্ণ কমাণ্ডৰ লগতে অন্যান্য জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে । অন্যহাতে এই বৈঠকত অৰুণাচল প্ৰদেশৰ সংবেদনশীল উত্তৰ-পূৱ প্ৰান্ত ভ্ৰমণৰ আগমুহুৰ্তত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে চীনৰ গতিবিধিৰ সন্দৰ্ভত পৰ্যালোচনা কৰে ।

লগতে পঢ়ক : গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া দলীয় সমাৱেশক লৈ তৎপৰ মন্ত্ৰী অজন্তা নেওগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.