জনজাতিকৰণ আৰু স্বায়ত্ব শাসনৰ দাবীত সোণাৰিত উত্তাল প্ৰতিবাদ টাইপাৰ

author img

By

Published : Sep 19, 2022, 2:29 PM IST

protest-programme-by-taypa-at-sonari

জনজাতিকৰণ আৰু স্বায়ত্ব শাসনৰ দাবীত টাইপাৰ উত্তাল প্ৰতিবাদ(protest programme by TAYPA) ৷ প্ৰধানমন্ত্ৰী আৰু অসমৰ মুখ্যমন্ত্ৰীৰ প্ৰতিকৃতি দাহ ৷

ডিব্ৰুগড়,19 ছেপ্টেম্বৰ: সোমবাৰে জনজাতিকৰণ আৰু স্বায়ত্ব শাসনৰ দাবীত সোণাৰিত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে টাই আহোম যুৱ পৰিষদ চমুকৈ টাইপাই(Tai Ahom Youth Council) । কেন্দ্ৰীয় কেবিনেটে 5 ৰাজ্যৰ 12 জনগোষ্ঠীক দিয়া জনজাতিৰ তালিকাত অসমৰ ছয় জনগোষ্ঠীৰ নাম নথকাৰ পাছতে ৰাজ্যজুৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে দল-সংগঠন সমূহে(ST status to six communities of Assam) ।

জনজাতিকৰণ আৰু স্বায়ত্ব শাসনৰ দাবীত সোণাৰিত উত্তাল প্ৰতিবাদ টাইপাৰ

জনজাতিকৰণ আৰু স্বায়ত্ব শাসনৰ দাবীত টাইপাৰ চৰাইদেউ জিলা সমিতিয়ে গ্ৰহণ কৰে অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰ । সোণাৰিৰ লাচিত উদ্যানত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে সংগঠনটোৱে । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ ধ্বনিৰে উত্তাল কৰে সোণাৰি (Assam CM Himanta Biswa Sarma)।

ইফালে টাইপাৰ অন্য এটা গোটে জনজাতিকৰণৰ দাবীত সোণাৰি নগৰৰ মাজমজিয়াৰ ভজো চাৰিআলিত প্ৰধান মন্ত্ৰী আৰু অসমৰ মুখ্যমন্ত্ৰীৰ প্ৰতিকৃতি দাহ কৰি উত্তাল প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে । সংগঠনটোয়ে প্ৰতাৰক আখ্যা দিয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ।

লগতে পঢ়ক: ছয় জনগোষ্ঠীক জনজাতিকৰণৰ বিষয়টো বিজেপিৰ বাবে ৰাজনৈতিক হাথিয়াৰ: লুৰীণজ্যোতি গগৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.