কেৱল পুত্ৰই নহয়, পৱন সিং ঘাটোৱাৰ বিজেপিলৈ আহিলেও আপত্তি নাই প্ৰশান্ত ফুকনৰ

author img

By

Published : Sep 28, 2022, 10:47 AM IST

BJP

জ্যেষ্ঠ কংগ্ৰেছী পৱন সিং ঘাটোৱাৰৰ পুত্ৰ প্ৰাঞ্জল ঘাটোৱাৰে বিজেপি গমন কৰা বিষয়ক লৈ ৰাজ্যত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে (Pranjal Ghatowar BJP arrival issue)। ইয়াৰ মাজতে বিজেপি বিধায়ক প্ৰশান্ত ফুকনে পৱন সিং ঘাটোৱাৰকো দললৈ আমন্ত্ৰণ জনালে । তেওঁলোক বিজেপিলৈ আহিলে কোনো আপত্তি নাই ফুকনৰ ।

মৰাণ,২৮ ছেপ্টেম্বৰ : ডিব্ৰুগড়ৰ প্ৰাক্তন সাংসদ তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী পৱন সিং ঘাটোৱাৰ আৰু মৰাণ সমষ্টিৰ তিনিবাৰৰ বিধায়িকা জীৱনতাৰা ঘাটোৱাৰৰ পুত্ৰ যুৱ কংগ্ৰেছী নেতা প্ৰাঞ্জল ঘাটোৱাৰ বিজেপিলৈ গমন কৰিব নেকি ? সম্প্ৰতি অসমৰ ৰাজনীতিত অন্যতম চৰ্চিত বিষয় হৈ পৰিছে (Pranjal Ghatowar to Possibly Joins BJP)। যাক লৈ বিজেপি আৰু কংগ্ৰেছৰ ভিতৰচ'ৰাত বিভিন্ন গুণাগথা চলি আছে । ইয়াৰ সত্যতা কোনেও নাজানিলেও কিন্তু নিজৰ নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ।

এই চৰ্চিত বিষয়টো সন্দৰ্ভত এইবাৰ ডিব্ৰুগড় বিধায়ক তথা বিতৰ্কিত বিজেপি নেতা প্ৰশান্ত ফুকনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে (Dibrugarh MLA on Pranjal Ghatowar BJP arrival)। ডিব্ৰুগড়ৰ বহু বিজেপি নেতাই প্ৰাঞ্জল ঘাটোৱাৰৰ বিজেপি গমনৰ বিৰোধিতা কৰিছে যদিও প্ৰশান্ত ফুকনে তেওঁক আদৰণি জনাইছে । কেৱল প্ৰাঞ্জল ঘাটোৱাৰে নহয় তেওঁৰ পিতৃ তথা জ্যেষ্ঠ কংগ্ৰেছী পৱন সিং ঘাটোৱাৰ বিজেপিলৈ আহিলেও তেওঁৰ আপত্তি নাই ।

পৱন সিং ঘাটোৱাৰ বিজেপিলৈ আহিলেও আপত্তি নাই প্ৰশান্ত ফুকনৰ

তেওঁৰ মতে বিজেপিৰ নীতি আদৰ্শৰ প্ৰতি আকৰ্ষিত হৈ কোনো লোকে দলত যোগদান কৰিলে দলটোৰ ভেটি শক্তিশালীহে হ'ব । তেওঁ বিচাৰে যাতে বিজেপিলৈ আহি সকলোৱে দলৰ হৈ আৰু ৰাইজৰ স্বাৰ্থত কাম কৰে ।

অৱশ্যে প্ৰশান্ত ফুকন নিশ্চিত যে বিজেপিৰ পৰা কিবা পোৱাৰ আশা লৈ তেওঁ দলত যোগদান কৰিব বিচৰা নাই । ইফালে প্ৰাঞ্জল ঘাটোৱাৰৰ দৰে যুৱ নেতাই বিজেপিত যোগ দিলে বাকী একাংশ জ্যেষ্ঠ বিজেপি নেতা শংকিত হ'ব নালাগে বুলিও তেওঁ উল্লেখ কৰে । কিয়নো তেওঁৰ মতে দলৰ নেতাসকলে দলৰ হৈ কি কাম কৰিছে সেয়া শীৰ্ষ নেতৃত্বই নিৰীক্ষণ কৰি আছে ।

উল্লেখ্য যে প্ৰাঞ্জল ঘাটোৱাৰে বিজেপিত যোগ দিব বুলি ইয়াৰ পূৰ্বেও এক খবৰ ওলাইছিল । আনকি কংগ্ৰেছ আৰু বিজেপিৰ মাজত ইয়াক লৈ বিভিন্ন ধৰণৰ প্ৰতিক্ৰিয়াও হৈছিল । এইবাৰ পুনৰ তেওঁৰ বিজেপি গমনৰ বিষয়টোৱে বিভিন্ন মহলত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে (Pranjal Ghatowar BJP arrival issue)। একাংশই দাবী কৰা মতে অহা ৮ অক্টোবৰত গুৱাহাটীত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জেপি নাড্ডা, গৃহ মন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত প্ৰাঞ্জল ফুকনকে ধৰি কংগ্ৰেছৰ বহু কেইজন নেতাই বিজেপিত যোগদান কৰিব ।

লগতে পঢ়ক :প্ৰাঞ্জল ঘাটোৱাৰৰ বিজেপিত যোগদান সন্দৰ্ভত দলৰ নেতৃত্বই সিদ্ধান্ত ল'ব: যোগেন মহন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.