Wushu Player Pranita Chutia: জে’লৰ পৰা মুকলি হৈ খেললৈ বুলি ৰাওনা হ’ল প্ৰণিতা চুতীয়া

author img

By

Published : Aug 6, 2022, 10:22 PM IST

Wushu Player Pranita Chutia

জেলৰ পৰা মুকলি হৈ মৰাণৰ পৰা খেললৈ বুলি ৰাওনা হ'ল প্ৰণিতা চুতীয়া (Wushu Player Pranita Chutia)৷ দুৰ্বল স্বাস্থ্যৰে কাইলৈ গুৱাহাটীত চিনিয়ৰ উশ্বু চেম্পিয়নছিপত অংশগ্ৰহণ কৰিব প্ৰণিতাই ৷

ডিব্ৰুগড়, 6 আগষ্ট: সামাজিক মাধ্যমত নিষিদ্ধ ঘোষিত সংগঠন আলফা(স্বা)ক সমৰ্থন কৰি প্ৰায় ৪৭ টা দিন শিৱসাগৰ জিলা কাৰাগাৰত কাৰাবাস খটাৰ পাছত শুকুৰবাৰে জামিনত মুকলি ৰাষ্ট্ৰীয় পৰ্যায়ৰ উশ্বু খেলুৱৈ প্ৰণিতাই আপোন ঘৰত কটালে এটা নিশা । ৭ জুলাইত গুৱাহাটীত আছে প্ৰণিতাৰ এখন গুৰুত্বপূৰ্ণ খেল । যাৰ বাবে ঘৰত এনিশা থাকি আজি মৰাণৰ পৰা খেললৈ বুলি ৰাওনা হ'ল প্ৰণিতা চুতীয়া(Wushu Player Pranita Chutia) ।

দুৰ্বল স্বাস্থ্যৰে কাইলৈ গুৱাহাটীত চিনিয়ৰ উশ্বু চেম্পিয়নছিপত অংশগ্ৰহণ কৰিব প্ৰণিতাই(Wushu championship in Guwahati) । মৰাণৰ বহু কেইজন হৃদয়বান লোকে খেলুৱৈগৰাকীক সহযোগিতা কৰিছে । আজি মৰাণৰ সমাজকৰ্মী দুই যুৱক ক্ৰমে অকণ ভূঞা আৰু ৰাজু শৰ্মাই প্ৰণিতাক ডে’ ছুপাৰেৰে খেলৰ বাবে গুৱাহাটীলৈ যোৱাৰ সু-ব্যৱস্থা কৰি দিয়ে । অসমবাসীৰ পৰা আৰ্শীবাদ বিচাৰিলে প্ৰণিতাই । কিয়নো অসমৰ ৰাইজৰ দাবী, আহ্বানৰ অন্তত শুকুৰবাৰে কাৰাগাৰৰ পৰা মুকলি হৈ ৪৭ দিনৰ মূৰত ঘৰ পালেহি ৰাষ্ট্ৰীয় খেলুৱৈ প্ৰণিতা চুতীয়া ।

জে’লৰ পৰা মুকলি হৈ খেললৈ বুলি ৰাওনা হ’ল প্ৰণিতা চুতীয়া

উল্লেখযোগ্য যে, সংবাদ মাধ্যমত প্ৰচাৰিত এক বাতৰিত সামাজিক মাধ্যম অৰ্থাৎ ফে'চবুকৰ কমেণ্টত প্ৰণিতা চুতীয়াই (মাইনা) আলফাৰ সমৰ্থনত মন্তব্য দিছিল (Facebook comment supporting ULFA I)। তাৰ ভিত্তিত চৰাইদেউ জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ এটা দলে মৰাণহাট আৰক্ষী থানাত 36/22 গোচৰ নম্বৰত ভাৰতীয় দণ্ডবিধি আইনৰ 120 (B)/121/121A IPC, R/W- Sec- 10/13/18 (B) UA(P) Act & R/W- Sec- 67 of IT Act 2000 ধাৰাত গোচৰ ৰুজু কৰি শিৱসাগৰ জিলা কাৰাগাৰলৈ পঠাইছিল প্ৰণিতাক । তাতেই তেওঁ ডেৰ মাহে বন্দীত্বৰ জীৱন কটাইছিল ।

লগতে পঢ়ক: Jihadi arrested by Barpeta police: আত্মসমৰ্পণকাৰী জেহাদী আবু বক্কৰ ছিদ্দিকক গ্ৰেপ্তাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.