আৰক্ষী বিষয়াৰ অকাল বিয়োগত মৰাণত শোকৰ ছাঁ

author img

By

Published : Sep 14, 2022, 1:01 PM IST

Police officer Pranjit Gogoi passed away

বিশেষ অনুসন্ধান শাখাৰ আৰক্ষী বিষয়াৰ অকাল বিয়োগত শোকস্তব্ধ মৰাণবাসী (Special Investigation Branch police officer passes away) ।

ডিব্ৰুগড়,14 ছেপ্টেম্বৰ: মৰাণ লাচিত নগৰৰ নিবাসী বিশেষ অনুসন্ধান শাখাৰ আৰক্ষী বিষয়া প্ৰাণজিৎ গগৈৰ মঙলবাৰে অকাল বিয়োগ ঘটে (Police officer Pranjit Gogoi passed away) । দীৰ্ঘদিন ধৰি আৰক্ষী বিষয়াগৰাকীয়ে বৃক্ক ৰোগত আক্ৰান্ত হৈ আছিল ।

ডিব্ৰুগড়ৰ এখন ব্যক্তিগত চিকিৎসালয়ত মঙলবাৰে বিষয়াজনৰ মৃত্যু ঘটে ৷ বিষয়াজনৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ পাছতে অঞ্চলজুৰি শোকৰ ছাঁ পৰে ৷ নিশা আৰক্ষী বিষয়াগৰাকীৰ মৰাণৰ গৃহত বিষয়াজনক শেষ শ্ৰদ্ধা জনাবলৈ উপস্থিত হয় দল-সংগঠনৰ প্ৰতিনিধি তথা মৰাণ আৰু চৰাইদেউ আৰক্ষী (Special Investigation Branch police officer passes away) ।

আৰক্ষী বিষয়াৰ অকাল বিয়োগত মৰাণত শোকৰ ছাঁ

শিৱসাগৰ জিলাত কৰ্মৰত সাহসী আৰক্ষী বিষয়াজনৰ মৃত্যুত দুখত ম্ৰিয়মান হৈ পৰিছে আৰক্ষী বিষয়াসকলৰ লগতে গুণমুগ্ধসকল । বিষয়াজনে মৃত্যুৰ সময়ত মাতৃ, পত্নী, দুই পুত্ৰ আৰু ভাতৃ বোৱাৰীক এই সংসাৰত এৰি থৈ যায় ।

লগতে পঢ়ক: এফালে খৰাং; আনফালে মজাপোকে তহিলং কৰিছে খেতি পথাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.