লুৰীণ জ্যোতি গগৈক কটাক্ষ মন্ত্ৰী পীযুষ হাজৰিকাৰ

author img

By

Published : Sep 29, 2022, 10:11 AM IST

Pijush

অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণ জ্যোতি গগৈক আক্ৰমণ পীযুষ হাজৰিকাৰ (Pijush Hazarika slams Lurin Jyoti Gogoi)। এবাৰলৈ বিধায়ক হোৱাৰ বাবে লুৰীণ জ্যোতি গগৈক শুভেচ্ছা জনালে মন্ত্ৰীগৰাকীয়ে । চাবুৱাত উপস্থিত হৈ এই মন্তব্য মন্ত্ৰীগৰাকীৰ ।

মৰাণ,২৯ ছেপ্টেম্বৰ : অহা ৮ অক্টোবৰত গুৱাহাটীলৈ আহিব বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জেপি নাড্ডা আৰু গৃহ মন্ত্ৰী অমিত শ্বাহ (JP Nadda and Amit Shah to come Guwahati)। দুয়োগৰাকী কেন্দ্ৰীয় নেতাক আদৰিবলৈ ৰাজ্যিক বিজেপিয়ে তৎপৰতা আৰম্ভ কৰিছে । ৰাজ্যৰ প্ৰতিটো সমষ্টিৰ পৰা দলীয় কৰ্মকৰ্তাক সভালৈ যাতে আনিব পাৰে তাৰ বাবেও বিশেষ প্ৰস্তুতি চলিছে (Assam BJP preparation for Amit Shah Program)।

ইফালে এই কাম সফল কৰিবলৈ মুখ্যমন্ত্ৰীয়ে মন্ত্ৰী-বিধায়কসকলক বিশেষ দায়িত্ব দিছে । দলৰ দুই শীৰ্ষ নেতাৰ অসম আগমনৰ আগমুহূৰ্তত বুধবাৰে নিশা চাবুৱাত উপস্থিত হৈছে কেবিনেট মন্ত্ৰী পীযুষ হাজৰিকা (Pijush Hazarika at Chabua)। লাহোৱালৰ বিধায়ক বিনোদ হাজৰিকাৰ গৃহত দলীয় কৰ্মীসকলৰ সৈতে আলোচনাত মিলিত হয় মন্ত্ৰী মন্ত্ৰী পীযুষ হাজৰিকা ।

লুৰীণ জ্যোতি গগৈক কটাক্ষ মন্ত্ৰী পীযুষ হাজৰিকাৰ

এই অনুষ্ঠানতেই অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণ জ্যোতি গগৈক তীব্ৰ সমালোচনা কৰে মন্ত্ৰীগৰাকীয়ে । কাজিৰঙাত আয়োজিত চিন্তন শিবিৰ অনুষ্ঠানৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰীয়ে দেশৰ প্ৰধানমন্ত্ৰী হোৱাৰ সপোন ৰচিছে বুলি কোৱা কথাৰ প্ৰত্যুত্তৰ দিয়ে মন্ত্ৰী গৰাকীয়ে ।

মন্ত্ৰী গৰাকীয়ে কয় যে সভাপতিগৰাকীয়ে কোৱা কথাটো সংবাদ মাধ্যমত প্ৰচাৰ হোৱাৰ পাছত ৰাইজে লুৰীণ জ্যোতি গগৈক গালি পাৰিছে । পীযুষ হাজৰিকাৰ মতে মুখ্যমন্ত্ৰীয়ে ৰাইজৰ কাম কৰিছে, কেতিয়াও প্ৰধানমন্ত্ৰী হ'ব বিচৰা নাই । আনহাতে লুৰীণ জ্যোতি গগৈক এবাৰলৈ বিধায়ক হ'বলৈ শুভেচ্ছা জ্ঞাপন কৰে মন্ত্ৰীগৰাকীয়ে ।

লগতে পঢ়ক :ধেমাজিত বান ক্ষতিগ্ৰস্ত মথাউৰি পৰিদৰ্শন মন্ত্ৰী পীযুষ হাজৰিকাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.