দুৰ্গা পূজাত সন্ধিয়া ৮ বজাৰ ভিতৰত বন্ধ কৰিব লাগিব ডিব্ৰুগড়ৰ পূজা মণ্ডপসমূহ

author img

By

Published : Sep 24, 2021, 5:36 PM IST

New SOP announced for puja

ক'ভিডৰ সংক্ৰমণ অব্যাহত থকাৰ মাজতে এইবাৰ সাৱধনতা অৱলম্বন কৰি শাৰদীয় দুৰ্গোৎসৱ উদযাপন কৰিব ৰাজ্যবাসীয়ে । ৰাজ্য চৰকাৰে পূজা অনুষ্ঠিত কৰাৰ অনুমতি দিছে যদিও কেতবোৰ নিয়ম বান্ধি দিছে । ডিব্ৰুগড় জিলা প্ৰশাসনেও শান্তিপূৰ্ণভাৱে দুৰ্গা পূজা উদযাপনৰ বাবে এক নিৰ্দেশ জাৰি কৰিছে পূজা সমিতিসমূহলৈ । বৃহস্পতিবাৰে উপায়ুক্তৰ কাৰ্যালয়ত হোৱা বৈঠকত পূজা সমিতিসমূহৰে এই বিষয়ে আলোচনা কৰে উপায়ুক্ত পল্লৱ গোপাল ঝাই ।

মৰাণ, ২৪ ছেপ্টেম্বৰ : ক'ভিড(COVID) নীতি-নিয়ম মানি শাৰদীয় দুৰ্গা পূজা(DURGA PUJA) উদযাপন কৰা হ'ব বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা(HIMANTA BISWA SARMA)ই ঘোষণা কৰাৰ পাছতে ডিব্ৰুগড়ত শান্তিপূৰ্ণভাৱে পূজা অনুষ্ঠিত কৰিবলৈ তৎপৰ হৈছে ডিব্ৰুগড় জিলা প্ৰশাসন । দুৰ্গোৎসৱ উদযাপন সন্দৰ্ভত বৃহস্পতিবাৰে ডিব্ৰুগড় জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত উপায়ুক্ত পল্লৱ গোপাল ঝা(PALLAB GOPAL JHA)ৰ সভাপতিত্বত এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত কৰা হয় । এই সভাত পূজাৰ আয়োজক সমিতিৰ সভাপতি, সম্পাদকসকল উপস্থিত থাকে । অসম চৰকাৰৰ নিৰ্দেশ মানি ক'ভিড-১৯ৰ বিধি উলংঘা নকৰাকৈ এক শান্তিপূৰ্ণ পৰিৱেশত কেনেদৰে পূজা উদযাপন কৰিব পাৰি সেই বিষয়ে সভাত আলোচনা কৰা হয় ।

New SOP announced for puja
সন্ধিয়া ৮ বজাৰ ভিতৰত বন্ধ কৰিব লাগিব ডিব্ৰুগড়ৰ পূজা মণ্ডপসমূহ

উপায়ুক্তগৰাকীয়ে সভাত উপস্থিত থকা পূজাৰ আয়োজক সমিতিৰ সভাপতি, সম্পাদকসকলক সমিতিৰ প্ৰতিজন সদস্যই ক'ভিড-১৯ৰ প্ৰতিষেধক গ্ৰহণ কৰাটো নিশ্চিত কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰিবলৈ কয় । লগতে পূজাৰ মণ্ডপসমূহ সন্ধিয়া ৮ বজাৰ ভিতৰত বন্ধ কৰিবলৈ উপায়ুক্তগৰাকীয়ে নিৰ্দেশ দিয়ে । ইয়াৰ উপৰিও কোনো ধৰণৰ মেলা, সাংস্কৃতিক সন্ধিয়া আদি অনুষ্ঠিত কৰাৰ অনুমতি প্ৰদান কৰা নহয় বুলি তেওঁ স্পষ্ট কৰি দিয়ে । পঞ্চমীৰ দিনা সমিতিৰ সকলো স্বেচ্ছাসেৱকে ক'ভিড-১৯ পৰীক্ষা কৰোটো বাধ্যতামূলক বুলি উপায়ুক্তগৰাকীয়ে জানিবলৈ দিয়ে ।

একে সময়ত ৫০ জন ভক্তইহে পূজাস্থলীত প্ৰৱেশ কৰিব পাৰিব । আনহাতে, বিশেষ অনুমতি লৈ কেৱল দ্বিতীয় পালি প্ৰতিষেধক গ্ৰহণ কৰা ভক্ত একেলগে ২০০ জন পূজাস্থলীত প্ৰৱেশ পাৰিব বুলিও উপায়ুক্তগৰাকীয়ে জনায় ।

New SOP announced for puja
সন্ধিয়া ৮ বজাৰ ভিতৰত বন্ধ কৰিব লাগিব ডিব্ৰুগড়ৰ পূজা মণ্ডপসমূহ

ইয়াৰ উপৰিও দেৱীৰ প্ৰতিমা বিসৰ্জন কৰিবলগীয়া ঘাটসমূহত নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত প্ৰতিমা বিসৰ্জন দিব লাগিব আৰু ইয়াৰ বাবে আগতেই স্বেচ্ছাসেৱকসকলৰ নাম আৰু ক'ভিডৰ পৰীক্ষাৰ ৰিপ’ৰ্ট উপায়ুক্তৰ কাৰ্যালয়ত জমা দিব লাগিব । পূজা উদযাপন কৰাৰ বাবে অনুমতি ল'বলৈ আগতীয়াকৈ জিলা উপায়ুক্তৰ কাৰ্যালয়ত আবেদন কৰিবলৈ উপায়ুক্তগৰাকীয়ে সকলোকে অনুৰোধ জনায় ।

অনুমতি লাভ কৰা পূজা মণ্ডপসমূহত জিলা প্ৰশাসনৰ তীক্ষ্ণ দৃষ্টি থাকিব আৰু কোনো মণ্ডপত যদি নিৰ্ধাৰিত বিধিসমূহ উলংঘা কৰা দেখা পৰিলক্ষিত হয়, তেন্তে লগে লগে সেই সমিতিৰ পূজা উদযাপনৰ অনুমতি বাতিল কৰিব বুলি উপায়ুক্তগৰাকীয়ে সকীয়াই দিয়ে । ভক্তসকলক নিয়মবোৰ অৱগত কৰোৱাৰ বাবে পূজা মণ্ডপৰ ঠায়ে ঠায়ে “কেৱল প্ৰথম পালি প্ৰতিষেধক গ্ৰহণ কৰা সকলেহে পূজা মণ্ডপত সোমাব পাৰিব” বুলি লিখা পোষ্টাৰ, বেনাৰ আঁৰিবলৈ নিৰ্দেশ দিয়া হৈছে ।

New SOP announced for puja
সন্ধিয়া ৮ বজাৰ ভিতৰত বন্ধ কৰিব লাগিব ডিব্ৰুগড়ৰ পূজা মণ্ডপসমূহ

লগতে পূজাস্থলীসমূহ সঘনাই ছেনিটাইজ কৰিবলৈও নিৰ্দেশ দিয়ে জিলা প্ৰশাসনে । উক্ত সভাত জিলা আৰক্ষী অধীক্ষক স্বেতাংক মিশ্ৰ, উন্নয়ন আয়ুক্ত পাৰ্থ প্ৰতিম বৈৰাগী, অতিৰিক্ত উপায়ুক্ত বিশ্বজিৎ ফুকন, ডিব্ৰুগড় পূৱ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া ঝৰ্ণা পাটগিৰি, পৌৰসভাৰ কাৰ্যকৰী বিষয়া শ্ৰাৱণা সোনোৱাল, সহকাৰী আয়ুক্ত জ্যোতিকণা চেতিয়া আৰু আন বিভাগৰ বিভাগীয় কৰ্তৃপক্ষসকলো উপস্থিত থাকে ।

লগতে পঢ়ক:ছিপাঝাৰৰ ধলপুৰৰ লগতে দাঁতিকাষৰীয়া অঞ্চলত ১৪৪ ধাৰা জাৰি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.