Baby Dead Body in Moran: পাষাণ পিতৃ-মাতৃৰ নিৰ্লজ্জ কাণ্ড

author img

By

Published : Mar 18, 2023, 10:43 PM IST

New Born Baby Dead Body Recovered in Moran

মৰাণৰ খোৱাঙত চাঞ্চল্যকৰ ঘটনা । খোৱাং ৰাংচালি গ্ৰান্টৰ বাগিচাৰ কুঁৱাত উদ্ধাৰ নৱজাতকৰ মৃতদেহ । পাষাণ পিতৃ-মাতৃয়ে দেৱ শিশুটিক কুঁৱাত পেলাই থৈ যোৱাৰ সন্দেহ স্থানীয় ৰাইজৰ(New Born Baby Dead Body Recovered in Moran) ।

খোৱাং ৰাংচালি গ্ৰান্টৰ বাগিচাৰ কুঁৱাত উদ্ধাৰ নৱজাতকৰ মৃতদেহ

মৰাণ,১৮ মাৰ্চ: ৰাজ্যত আকৌ সংঘটিত হৈছে মানৱ সমাজক ভূ-লুণ্ঠিত কৰা এক ঘটনা ৷ মুখলজ্জাৰ ভয়ত অথবা অন্য কাৰণত বস্তাত ভৰাই কুঁৱাত পেলাই থৈ গ'ল সদ্যোজাত শিশুৰ মৃতদেহ । মৰাণত সংঘটিত হৈছে মানৱ সমাজক লজ্জানত কৰা এই চাঞ্চল্যকৰ ঘটনা । ডিব্ৰুগড় জিলাৰ খোৱাং আৰক্ষী থানাৰ অন্তৰ্গত ৩১৭ নং খোৱাং ৰাংচালি গ্ৰান্টৰ প্ৰকাশ আগৰৱালাৰ বাগিচাৰ এটি কুঁৱাত উদ্ধাৰ হয় এটি নৱজাতকৰ মৃতদেহ(New Born Baby Dead Body Recovered in Moran) । দিনৰ ভাগত বাগিচাত কাম কৰিবলৈ যোৱা শ্ৰমিকে কুঁৱাৰ পৰা পানী আনিবলৈ গৈ প্ৰত্যক্ষ কৰে নৱজাতক শিশুটিৰ মৃতদেহটো ।

গাঁওৰক্ষী বাহিনীৰ লোকক এই খবৰ লাভ কৰি আৰক্ষীক সমগ্ৰ ঘটনাৰ বিষয়ে অৱগত কৰে ৷ ঘটনাৰ খবৰ লাভ কৰাৰ লগে লগে ঘটনাস্থলীত আৰক্ষীৰ লোক উপস্থিত হৈ মৃতদেহটি উদ্ধাৰ কৰে আৰু মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে । কোনো হৃদয়হীন লোকে নিকৃষ্ট কাণ্ড সংঘটিত কৰি অৱশেষত বাগিচাৰ কুঁৱাত নৱজাতক শিশু পেলাই থৈ যোৱা বুলি সন্দেহ কৰিছে স্থানীয় লোকে (Baby Dead Body in Moran) । ঘটনা সন্দৰ্ভত আৰক্ষীয়ে ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে । সমগ্ৰ ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে(Death body of new born baby rescued at Dibrugarh) ।

উল্লেখযোগ্য যে কিছুদিন পূৰ্বে ভোগালীৰ আনন্দৰ মাজতেই ডিব্ৰুগড়ত সংঘটিত হৈছিল আন এক চাঞ্চল্যকৰ ঘটনা । ডিব্ৰুগড় শ্মশানপাড়া পি ডব্লিউ ডি কলনীত উদ্ধাৰ হৈছিল এটি নৱজাতকৰ চিন্ন মুণ্ড । মুণ্ডটো ছোৱালীৰ বুলি সন্দেহ কৰা হৈছিল । পথচাৰীয়ে প্ৰত্যক্ষ কৰিছিল নৱজাতকৰ চিন্ন মুণ্ডটো । বস্তাত ভৰাই ৰখা অৱস্থাত এটা কুকুৰে লৈ আনিছিল মূৰটো । কুকুৰে নৱজাতকৰ সকলো অংগ ভক্ষণ কৰাৰ পাছত এনেদৰে মূৰটো লৈ ফুৰিছিল ।

ডিব্ৰুগড়ত জিলাখনত এনে ঘটনা প্ৰায়ে সংঘটিত হৈ থকা পৰিলক্ষিত হয় । আৰক্ষীক সঠিক তদন্ত কৰি এই সকল পাষাণ চৰিত্ৰৰ লোকক কঠোৰ শাস্তি প্ৰদান কৰিবলৈ দাবী সচেতন ৰাইজৰ ।

লগতে পঢ়ক: Child Labour in Tea garden : বৰডুবি চাহ বাগিচাত উদ্ধাৰ ২৪ গৰাকী শিশু শ্ৰমিক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.