Story of Football Player: ৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকিছে নামৰূপৰ চিৰঞ্জীত গগৈ

author img

By

Published : May 26, 2023, 6:31 PM IST

Namrup footballer Chiranjit Gogois achievement

ৰাষ্ট্ৰীয় পৰ্যায়ত দু-ভৰিৰ ছন্দৰে ফুটবল ক্লাবসমূহৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে নামৰূপৰ চিৰঞ্জীত গগৈ । দেশৰ কেইবাটাও আগশাৰী ক্লাবেৰে চুক্তি অসম সন্তানৰ (Namrup footballer Chiranjit Gogois achievement) । আৰ্থিক দৈন্যৰ বিপৰীতে নিজকে সুদক্ষ ফুটবল খেলুৱৈৰূপে প্ৰতিষ্ঠা কৰাত দৃঢ় প্ৰতিজ্ঞ চিৰঞ্জীত ।

নাহৰকটীয়া,২৬ মে': দৰিদ্ৰতাকো নেওচি প্ৰবল আত্মবিশ্বাস আৰু দৃঢ়তাৰ বাবে দু-ভৰিৰ যাদুৰে দেশৰ কেইবাটাও আগশাৰীৰ ফুটবল ক্লাৱক মোহিত কৰিবলৈ সক্ষম হৈছে নামৰূপৰ এজন ২৪ বৰ্ষীয়া যুৱ ফুটবলাৰ চিৰঞ্জীত গগৈ (Namrup footballer Chiranjit Gogois achievement) । নামৰূপ নিবাসী জীতেন গগৈ আৰু নিজৰা গগৈৰ সন্তান চিৰঞ্জীতৰ নামৰূপৰ খেলপথাৰতে ফুটবলক লৈ সপোনৰ পোখা মেলিছিল ।

ঘৰখনৰ আৰ্থিক দৈন্যকো প্ৰত্যাহ্বান জনাই একপ্ৰকাৰে এজন ভাল ফুটবল খেলুৱৈ হোৱাৰ মানসেৰে দৈনিক কঠোৰ পৰিশ্ৰম কৰি গৈছে চিৰঞ্জীতে । সন্তানৰ ফুটবলৰ প্ৰতি অনুৰাগ দেখি পেশাদাৰীৰূপত গঢ় দিয়াৰ বাবে চিৰঞ্জীতক ষ্টেট একাডেমী নামৰ গুৱাহাটী সৰুসজাইত এটা ফুটবল কোচিং চেন্টাৰত নামভৰ্তি কৰাই দিছিল অভিভাৱকে (Story of Football Player) ।

ইয়াৰ পিচৰ পৰাই নিজ প্ৰতিভাৰে দেশৰ আগশাৰী ক্লাৱ শ্বিলং লাজং, ইষ্ট বেংগল ক্লাৱ, এটিকে কলকাটা, কেৰেলা ব্লাষ্টাৰ্চ, পাঞ্জাৱ মিনাৰ্ভা আদিৰ সৈতে পেশাদাৰী ক্ষেত্ৰখন স্ব-ছন্দৰেৰে উজ্বলি উঠিছে চিৰঞ্জীত । ভাৰতৰ হৈ সুব্ৰত কাপ আন্তঃৰাষ্ট্ৰীয় ফুটবল প্ৰতিযোগিতাৰ লগতে দেশৰ ফুটবল মেগা ইভেন্ট ডুৰাণ্ড কাপ, সন্তোষ ট্ৰফী আদি বিভিন্ন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে চিৰঞ্জীতে ।

সম্প্ৰতি বেংগালুৰু ফুটবল ক্লাবৰ সৈতে চুক্তিবদ্ধ হৈ থকা চিৰঞ্জীতৰ অবৰ্তমানত তেওঁৰ মাতৃ নিজৰা গগৈয়ে সাংবাদিকৰ আগত পুত্ৰৰ খেলুৱৈ কেৰিয়াৰৰ বিষয়ে অৱগত কৰাৰ লগতে আৰ্থিক দিশত ভুগি অহা বিভিন্ন সমস্যাৰ কথা উল্লেখ কৰে । পুত্ৰৰ খেলৰ বাবে হাতত মাত্ৰ ৫০ টকা লৈ গুৱাহাটী পৰ্যন্ত যোৱাৰ কথা কৈ আৱেগিক হৈ পৰে তেওঁৰ মাতৃ ।

ৰাজ্যৰ ক্ৰীড়া বিভাগে বিশেষ জলপানী অথবা সু প্ৰশিক্ষণৰ ব্যৱস্থা কৰিলে তেওঁৰ পুত্ৰৰ লগতে উঠি অহা ফুটবল খেলুৱৈয়ো উপকৃত হ’ব বুলি উল্লেখ কৰি চৰকাৰক ব্যৱস্থা ল’বলৈ আহ্বান জনায় । এতিয়াও ফুটবল মহাক্ষেত্ৰত বহুদুৰ আগুৱাই যাবলৈ বাকী থকা চিৰঞ্জীত দেশৰ এগৰাকী পৰিচিত ফুটবল খেলুৱৈ হওঁক তাৰ বাবে মাতৃয়ে সকলোৰে আশীৰ্বাদ বিচাৰে । আনহাতে নাজিৰা মহাবিদ্যালয়ৰ স্নাতক চূড়ান্ত বৰ্ষৰ ছাত্ৰজনে বিদ্যায়তনিক দিশত মহাবিদ্যালয়খনৰ সহযোগিতা পোৱাৰ কথা উল্লেখ কৰি মাতৃগৰাকীয়ে অসমৰ ফুটবল তাৰকা দূৰ্গা বড়ো, এলেন দেউৰীৰ দিহা পৰামৰ্শৰ কথাও অকপটে স্বীকাৰ কৰে ।

লগতে পঢ়ক: Example of humanity: আমগুৰিত মানৱতাৰ অপূৰ্ব নিদৰ্শন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.