এফালে জাতি আনফালে পাৰ্টি: কাক এৰিব কাক ধৰিব তেৰচ গোৱালাই ?

author img

By

Published : Sep 21, 2022, 11:08 AM IST

MLA Teras Gowala reacts on ST status demand

ৰাজ্যজুৰি চৰ্চা লাভ কৰিছে ছয় জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যদা প্ৰদান কৰাৰ বিষয় ৷ জনজাতিৰ মৰ্যদা বিচাৰি বিগত ৩৩ বছৰে আন্দোলন কৰি আহিছে ৰাজ্যৰ ছয় জনগোষ্ঠীয়ে ৷ এইবাৰ নিজ জাতিৰ হকে নিজ দলৰ ওপৰতে বিক্ষোভ প্ৰকাশ বিধায়ক তেৰচ গোৱালাৰ (MLA Teras Gowala reacts on ST status demand) ৷

মৰাণ, 21 ছেপ্টেম্বৰ: "জনজাতিকৰণ হ'ব নে নহ'ব চৰকাৰে স্পষ্ট কৰি দিব লাগে । মানুহে আমাক প্ৰশ্ন কৰিছে আমি উত্তৰ দিব পৰা নাই ৷ মোৰ কাৰণে এইটো বৰ দুখৰ কথা ৷ মোৰ জনগোষ্ঠীতে প্ৰায় 100 মান সম্প্ৰদায় আছে ৷ আমাৰ চাহ জনগোষ্ঠীৰ যিখিনি লোক আছে আমি গোটেইখিনি যিকোনো পৰিস্থিতিতে একেলগে থাকিম’’ ৷ এই মন্তব্য বিজেপি বিধায়ক তেৰচ গোৱালাৰ ৷

তেওঁ লগতে কয়, ‘‘মই ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু দেশৰ প্ৰধানমন্ত্ৰীক এই দিশত বিশেষভাৱে পদক্ষেপ হাতত ল'বলৈ অনুৰোধ কৰিছো ৷ এইটো বহুত দীঘলীয়া সময়ৰ পৰা চৰ্চা হৈ থকা বিষয়, এই বিষয়টোৰ সোনকালে সমাধান হ’ব লাগে ৷ যদি অহা নিৰ্বাচনৰ আগে ছয় জনগোষ্ঠীক জনজাতিৰ মৰ্যদা প্ৰদান নকৰে তেতিয়া আমি বহু দিশত ৰাজনৈতিকভাৱে বিফল হ'ব লাগিব’’ ৷

নিজ চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ এই মন্তব্য কৰে দুলীয়াজান সমষ্টিৰ বিধায়ক তেৰচ গোৱালাই (MLA Teras Gowala reacts on ST status demand)৷

কাক এৰিব কাক ধৰিব তেৰচ গোৱালাই

ৰাজ্যজুৰি চৰ্চা লাভ কৰিছে ছয় জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যদা প্ৰদান কৰাৰ বিষয় ৷ জনজাতিৰ মৰ্য্যদা বিচাৰি বিগত ৩৩ বছৰে আন্দোলন কৰি আহিছে ৰাজ্যৰ ছয় জনগোষ্ঠীয়ে (6 community demanding ST Status) ৷ ৩৩ বছৰে প্ৰাপ্য দাবীৰ বাবে কৰি অহা প্ৰতিবাদৰ বিপৰীতে প্ৰতিখন চৰকাৰৰ পৰা কেৱল পাই আহিছে প্ৰতাৰণা ৷

চৰকাৰ আহিছে, চৰকাৰ গৈছে ৷ কিন্তু আজি পৰ্যন্ত ৰাজ্যৰ এই 6 জনগোষ্ঠীৰ লোকসকলৰ সমস্যাৰ সমস্যা হৈয়ে থাকিল (Controversy on demanding ST Status) ৷ প্ৰতিখন চৰকাৰে ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ নামত কেৱল প্ৰতিশ্ৰুতি আৰু প্ৰতাৰণা কৰি অহাৰ অভিযোগ উত্থাপন কৰি আহিছে জনগোষ্ঠীকেইটাৰ নেতৃত্ব লৈ অহা দল সংগঠনসমূহে (ST status demand)৷

মঙলবাৰে ডিব্ৰুগড়ত বিধায়ক তেৰচ গোৱালা সহ চাহ জনজাতি ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি ধীৰাজ গোৱালাই ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ মৰ্যদা প্ৰদানৰ সন্দৰ্ভত এক সংবাদমেল সম্বোধন কৰে ৷

সংবাদমাধ্যমৰ আগত সভাপতি ধীৰাজ গোৱালাই কয়,"ছয় জনগোষ্ঠীয় ঐক্য মঞ্চই আমি ইতিমধ্যে ধাৰাবাহিক আন্দোলনৰ ঘোষণা কৰিছো ৷ 22 ছেপ্টেম্বৰলৈ আমি জনতা ভৱন কাৰ্যসূচী হাতত লৈছো ৷ 26 তাৰিখে অসম বন্ধৰ কাৰ্যসূচী আছে৷ দিল্লীৰ জন্তৰ মন্তৰত আমি বিক্ষোভ কাৰ্যসূচী পালন কৰিম ৷ চৰকাৰৰ প্ৰতাৰণাৰ বিৰোধিতা কৰি ছয় জনগোষ্ঠীয় ঐক্য মঞ্চই ধাৰাবাহিক কাৰ্যসূচী হাতত লৈছো’’ ৷

ধীৰাজ গোৱালাই লগতে কয়, ‘‘শেহতীয়াকৈ শাসকীয় পক্ষৰ মুখপাত্ৰৰ এক ভাষ্য অনুসৰি মৰাণ আৰু মটক জনগোষ্ঠীক জনজাতিকৰণৰ তেওঁলোকৰ কোনো আপত্তি নাই, চুতীয়া জনগোষ্ঠীৰ লগত আংশিকভাৱে আপত্তি আছে ৷ কিন্তু চাহ জনগোষ্ঠী আৰু টাই আহোম জনগোষ্ঠীক চৰকাৰে জনজাতিকৰণৰ মৰ্যদা নিদিয়ে ৷ আদিবাসী শান্তি চুক্তিৰ কেইটামান অধ্যায়ক লৈ আমাৰ দুৰ্ঘোৰ আপত্তি আছে’’ ৷

লগতে পঢ়ক: ST status demand: জনজাতিকৰণৰ দাবীত ৰাজ্যৰ ভিন্ন স্থানত ATASUৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.