Minor girl suicide case: বনকৰা কিশোৰীক যৌন নিৰ্যাতন চলাই হত্যা কৰি আত্মহত্যাৰ ৰূপ দিয়াৰ চেষ্টা

author img

By

Published : Nov 3, 2022, 9:08 PM IST

Minor house maid girl mysterious suicide case at Tengakhat

বনকৰা কিশোৰীক যৌন নিৰ্যাতন চলাই হত্যা কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে এজন শিক্ষকৰ বিৰুদ্ধে (Minor house maid girl mysterious suicide case)৷ বনকৰা কিশোৰীক হত্যা কৰি আত্মহত্যাৰ ৰূপ দিলে শিক্ষকজনে ৷

মৰাণ, 3 নৱেম্বৰ: ৰাজ্যত পুনৰ শিক্ষক সমাজক কলুষিত কৰা ঘটনা সংঘটিত হৈছে (Minor girl suicide case) ৷ এইবাৰ বনকৰা কিশোৰীক যৌন নিৰ্যাতন চলাই হত্যা কৰি গুৰুতৰ অভিযোগ উত্থাপন হৈছে এজন শিক্ষকৰ বিৰুদ্ধে (Minor house maid girl mysterious suicide case)৷ বনকৰা কিশোৰীক হত্যা কৰি আত্মহত্যাৰ ৰূপ দিলে মালিকে ৷

ঘটনা অনুসৰি যোৱা 8 মাহ ধৰি টেঙাখাট চাচনীৰ নিৱাসী শিক্ষক চেনিৰাম দাসৰ ঘৰত এগৰাকী আদিবাসী কিশোৰীয়ে বনকৰা ছোৱালী হিচাপে বাস কৰিছিল ৷ কিন্তু কিশোৰীগৰাকী থাকিবলৈ লোৱাৰ কিছুদিনৰ পিছতে বিভিন্ন সময়ত তেওঁক মালিক তথা শিক্ষকজনে শাৰীৰিক অত্যাচাৰ চলোৱাৰ লগতে যৌন নিৰ্যাতন চলোৱাৰ কথাও ওলাইছিল (sexually assaulting and killing teenage girl) ৷ ইয়াৰ পিছতে এই ঘটনা গাপ দিবলৈ শিক্ষকজনে কিশোৰীগৰাকীক ঘৰৰ পৰা ওলোৱা বন্ধ কৰি দিয়াৰ লগতে বলপূৰ্বকভাৱে তেওঁলোকৰ ঘৰত থাকিবলৈ বাধ্য কৰিছিল বুলি গুৰুতৰ অভিযোগ উত্থাপন হৈছিল (Teacher accused of sexually assaulting and killing) ৷

অৱশেষত আশ্চৰ্যজনকভাৱে যোৱা 30 অক্টোবৰ তাৰিখে কিশোৰীগৰাকীয়ে আত্মহত্যা কৰে বুলি খবৰ প্ৰচাৰ হয় ৷ ইয়াৰ পিছতে অঞ্চলটোৰ লগতে কিশোৰীগৰাকীৰ গৃহটো হুৱাদুৱা লাগে (Teacher accused of sexually assaulting minor girl)৷ কিশোৰীগৰাকীৰ অস্বাভাৱিক মৃত্যুক মানি ল’ব পৰা নাই কিশোৰীগৰাকীৰ পৰিয়ালে ৷ এই ঘটনাক পৰিকল্পিত হত্যাকাণ্ড বুলি অভিযোগ উত্থাপন কৰিছে কিশোকীগৰাকীৰ পৰিয়ালে ৷

Minor girl suicide case: বনকৰা কিশোৰীক যৌন নিৰ্যাতন চলাই হত্যা কৰি আত্মহত্যাৰ ৰূপ দিয়াৰ চেষ্টা

পৰৱৰ্তী সময়ত চেনিৰাম দাসে আৰক্ষীৰ সহায়েৰে কিশোৰীগৰাকীৰ মৃতদেহটোৰ মৰণোত্তৰ পৰীক্ষা কৰাই কিশোৰীগৰাকীৰ মৃতদেহ পৰিয়ালৰ লোকক চমজাই দিয়ে ৷ ইতিমধ্যে পৰিয়ালৰ লোকে কিশোৰীগৰাকীৰ মৃতদেহটো সৎকাৰ কৰে ৷

ইয়াৰ পিছতে মৃত কিশোৰীগৰাকীৰ পৰিয়ালে তেওঁক যৌন নিৰ্যাতন চলাই হত্যা কৰাৰ অভিযোগ উত্থাপন কৰি টেঙাখাট আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে ৷ মৃত কিশোৰীগৰাকীৰ পিতৃ-মাতৃৰ ইতিমধ্যে মৃত্যু হোৱাত পৰিয়ালত জ্যেষ্ঠ কোনো ব্যক্তি নথকাৰ সুযোগ লৈ শিক্ষক চেনিৰাম দাসে প্ৰকৃত ঘটনা লুকুৱাৰ চেষ্টা কৰাৰো অভিযোগ উত্থাপন হৈছে ৷ এই সমগ্ৰ ঘটনাক লৈ সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই উদ্বেগ প্ৰকাশ কৰি আৰক্ষীক এই ঘটনাৰ উচিত তদন্ত কৰাৰ দাবী উত্থাপন কৰিছে ।

লগতে পঢ়ক: Cheating lover arrested : ৰঙিয়াত ভণ্ড প্ৰেমিক গ্ৰেপ্তাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.