প্ৰাঞ্জল ঘাটোৱাৰৰ বিজেপিত যোগদান সন্দৰ্ভত দলৰ নেতৃত্বই সিদ্ধান্ত ল'ব: যোগেন মহন

author img

By

Published : Sep 27, 2022, 9:04 PM IST

Minister Jogen Mohan on Pranjal Ghatowar to Possibly Joins BJP

যোৱা 8 অক্টোবৰত গুৱাহাটীত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জেপি নাড্ডা, গৃহমন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত কংগ্ৰেছৰ বহু কেইজন নেতাই বিজেপিত যোগদান কৰিব বুলি খবৰ ৰাজহুৱা হোৱাৰ পাছতে ৰাজ্যৰ ৰাজনীতিত ধুমুহাৰ সৃষ্টি হৈছে (Minister Jogen Mohan on Pranjal Ghatowar to Possibly Joins BJP) ৷ এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ মন্ত্ৰী যোগেন মহনৰ ৷

ডিব্ৰুড়, 27 ছেপ্টেম্বৰ: "ডিব্ৰুগড়ৰ প্ৰাক্তন সাংসদ তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী পৱন সিং ঘাটোৱাৰ (EX minister Paban Singh Ghatowar) আৰু তেওঁৰ পুত্ৰ প্ৰাঞ্জল ঘাটোৱাৰে (Congress leader Pranjal Ghatowar) বিজেপিত যোগদানৰ প্ৰসংগ আমি যোৱা বছৰৰ পৰাই শুনি আছো (Pranjal Ghatowar to Possibly Joins BJP) ৷ এইটো সম্পূৰ্ণ ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক সমিতিৰ নেতৃত্বৰ কথা ৷ শেহতীয়াকৈ আমাৰ দলে কোনো লোক যদি যোগদান কৰিব খোজে তেনেহ’লে মণ্ডলৰ পৰা জিলালৈ, জিলাৰ পৰা ৰাজ্যিক পৰ্যায়ৰ অনুমোদন সাপেক্ষেহে যোগদান কৰিব পাৰিব’’ ৷ এই মন্তব্য মাহমৰা সমষ্টিৰ বিধায়ক তথা অসম চৰকাৰৰ মন্ত্ৰী যোগেন মহনে ৷

তেওঁ লগতে কয়, ‘‘কোনোবা দললৈ যদি আহিলে আমাৰ দলটোৰ ভাল হয়, শক্তিশালী হয় তেনেকুৱাকৈ যোগদান কৰাত আমাৰ আপত্তি নাথাকে ৷ কিন্তু এতিয়া আমি বহু ঠাইত দেখিছো কোনোবা দলত যোগদান কৰাৰ পিছতেই বহু ঠাইত কেলেংকাৰী ওলাই অথবা পূৰ্বতে গ্ৰেপ্তাৰ হৈছে, এনেকুৱা ধৰণৰ লোক যাতে দলত যোগদান কৰি দলৰ ভাৱমূৰ্তি নষ্ট কৰিব নোৱাৰে, সেইকাৰণে আমাৰ দলে এইখিনি সময়ত যোগদানৰ ক্ষেত্ৰত খুউব সাৱধান ৷" মঙলবাৰে মৰাণত এক সংবাদমেলযোগে এই মন্তব্য কৰে মন্ত্ৰী যোগেন মহনে (Minister Jogen Mohan on Pranjal Ghatowar to Possibly Joins BJP) ৷

প্ৰাঞ্জল ঘাটোৱাৰ বিজেপিত যোগদান কৰাত দলৰ নেতৃত্বই সিদ্ধান্ত ল'ব: যোগেন মহন

ৰাজ্যত পুনৰ চৰ্চাত প্ৰাঞ্জল ঘাটোৱাৰে বিজেপিত যোগদানৰ প্ৰসংগ ৷ যোৱা 8 অক্টোবৰত গুৱাহাটীত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জেপি নাড্ডা, গৃহমন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত কংগ্ৰেছৰ বহু কেইজন নেতাই বিজেপিত যোগদান কৰিব বুলি খবৰ ৰাজহুৱা হোৱাৰ পাছতে ৰাজ্যৰ ৰাজনীতিত ধুমুহাৰ সৃষ্টি হৈছে ৷

ডিব্ৰুগড়ৰ প্ৰাক্তন সাংসদ প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী পৱন সিং ঘাটোৱাৰ আৰু মৰাণ সমষ্টিৰ তিনিবাৰৰ বিধায়িকা জীৱনতাৰা ঘাটোৱাৰৰ পুত্ৰ যুৱ কংগ্ৰেছ নেতা প্ৰাঞ্জল ঘাটোৱাৰে পুনৰ বিজেপিত যোগদান কৰিব বুলি ওলোৱা খবৰে ৰাজনৈতিক মহলত ব্যাপক চৰ্চা লাভ কৰিছে ।

ইতিমধ্যে ডিব্ৰুগড় জিলাৰ কেইবাজনো বিধায়কে প্ৰাঞ্জল ঘাটোৱাৰে বিজেপিত যোগদানক লৈ মুকলিকৈ বিৰোধিতা কৰিছে ৷ এই সন্দৰ্ভত মন্ত্ৰী যোগেন মহনে কয় যে, বিধায়কৰ অসন্তুষ্টিৰ বিষয়ে বিধায়ক সকলে দলৰ নেতৃত্ব আৰু মুখ্যমন্ত্ৰীৰ লগত আলোচনা কৰি ল'ব ৷

উল্লেখ্য যে, প্ৰাঞ্জল ঘাটোৱাৰ বিজেপিত যোগদান কৰা বা নকৰাৰ সন্দৰ্ভত কোনো মন্তব্য প্ৰকাশ নকৰে মন্ত্ৰীগৰাকীয়ে ৷ মুঠৰ ওপৰত প্ৰাঞ্জল ঘাটোৱাৰৰ বিজেপি গমন যে প্ৰায় নিশ্চিত সেই কথা বিজেপিৰ নেতা মন্ত্ৰীৰ কথাৰ পৰাই প্ৰায় অনুমান কৰিব পাৰি ৷

মন কৰিবলগীয়া যে, ২০২১ ৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছ দলৰ হৈ মৰাণ সমষ্টিত প্ৰাৰ্থীত্ব আগবঢ়াই বিধায়ক চক্ৰধৰ গগৈৰ (MLA Chakradhar Gogoi) হাতত পৰাস্ত হৈছিল প্ৰাঞ্জল ঘাটোৱাৰ । ইয়াৰ পাছৰে পৰা নিজৰ ৰাজনৈতিক ভৱিষ্যত সুৰক্ষিত কৰাৰ স্বাৰ্থত বিজেপিলৈ যোৱাৰ চেষ্টা কৰা বুলি বাতৰি প্ৰচাৰ হৈ আহিছিল ৷

বৰ্তমান দিল্লীত বাহৰ পাতি আছে প্ৰাঞ্জল ঘাটোৱাৰে । প্ৰাঞ্জল ঘাটোৱাৰৰ বিজেপিত যোগদানৰ খবৰ সঁচা হ’লে ডিব্ৰুগড় লোকসভা সমষ্টি অথবা মৰাণ বিধানসভা সমষ্টিৰ বহু বিজেপি নেতাৰ ৰাজনৈতিক কেৰিয়াৰত আউল লগাৰ সম্ভৱনা প্ৰকট হৈ পৰিছে ।

লগতে পঢ়ক: দিল্লীত বাহৰ পাতি গেৰুৱা হোৱাৰ প্ৰস্তুতি কংগ্ৰেছ নেতা প্ৰাঞ্জল ঘাটোৱাৰৰ !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.