Covid 19 resurgence in Dibrugarh: মৰাণৰ নৱোদয় বিদ্যালয়ত ক'ভিডত আক্ৰান্ত 12 গৰাকী শিক্ষাৰ্থী

author img

By

Published : Jul 30, 2022, 5:28 PM IST

Covid 19 resurgence in  Dibrugarh

ৰাজ্যত আকৌ ক'ভিডৰ আতংক (Covid cases increase in Assam) ৷ এইবাৰ ডিব্ৰুগড়ৰ এখন বিদ্যালয়ত 12 জন শিক্ষাৰ্থীৰ দেহত ধৰা পৰিছে ক'ভিডৰ উপস্থিতি ৷ শংকিত এতিয়া বিদ্যালয়ৰ শিক্ষাৰ্থীৰ লগতে অভিভাৱকসকলো (Many student tested corona positive at Novodaya Vidyalaya)৷

মৰাণ, 30 জুলাই : মৰাণত পুনৰ ক'ভিডৰ আতংক (Covid cases increase at Moran) । এইবাৰ এখন বিদ্যালয়ত ক'ভিডৰ আক্ৰান্ত হৈছে 12 জনকৈ ছাত্ৰ-ছাত্ৰী । তথ্য অনুসৰি, ডিব্ৰুগড় জিলা মৰাণৰ নৱোদয় বিদ্যালয়ত ধৰা পৰিছে 12 জন ছাত্ৰ-ছাত্ৰীৰ দেহত ক'ভিডৰ উপস্থিতি (Many student tested corona positive at Novodaya Vidyalaya) ।

মৰাণৰ নৱোদয় বিদ্যালয়ত কৰ’ণাত আক্ৰান্ত 12 গৰাকী শিক্ষাৰ্থী

বিদ্যালয়খনৰ অধ্যক্ষগৰাকীয়ে উল্লেখ কৰা অনুসৰি, হঠাৎ বিদ্যালয়ৰ অধিকাংশ শিক্ষাৰ্থীৰ জ্বৰ, কাঁহ, মূৰৰ বিষ আদি লক্ষণে দেখা দিয়ে ৷ ফলত বিদ্যালয়ৰ কৰ্তৃপক্ষ কাষ চাপে চিকিৎসকৰ ৷ তাৰ পাচত খোৱাং খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অধীনত থকা বিদ্যালয়খনত স্বাস্থ্য বিভাগৰ এটা দলে উপস্থিত হৈ শিক্ষাৰ্থীসলৰ স্বাস্থ্য পৰীক্ষা কৰা হয় ৷

শিক্ষাৰ্থীসকলৰ স্বাস্থ্য পৰীক্ষা কৰাৰ অন্তত বিদ্যালয়খনৰ 12গৰাকী শিক্ষাৰ্থীৰ দেহত ধৰা পৰে ক'ভিড পজিটিভ ।

অৱশ্যে বৰ্তমানলৈকে বিদ্যালয়খনৰ সকলো শিক্ষাৰ্থীৰে স্বাস্থ্য পৰীক্ষা কৰা হোৱা নাই । তথ্য অনুসৰি বৰ্তমানলৈকে মুঠ 74 গৰাকী শিক্ষাৰ্থীৰ ক’ভিড পৰীক্ষা সম্পন্ন হৈছে । ইয়াৰ ভিতৰত 12 জনৰ দেহত পোৱা গৈছে কৰ’ণা ভাইৰাছৰ উপস্থিতি । আনকি ক’ভিডত আক্ৰান্ত হোৱা শিক্ষাৰ্থীসকলক হোম আইছ’লেশ্যনত ৰখা হৈছে বুলি জানিব পৰা গৈছে ৷

লগতে স্বাস্থ্য বিভাগৰ তৰফৰ পৰাও বিদ্যালয়খন সম্পূৰ্ণৰূপে চেনিটাইজেশ্যন কৰা হৈছে । ইফালে এই বাতৰিয়ে স্বাভাৱিকতে শংকিত কৰি তুলিছে শিক্ষাৰ্থীসকলৰ লগতে অভিভাৱকসকলকো ৷

লগতে পঢ়ক : Covid 19 resurgence in Majuli : এমাহ বিৰতিৰ মূৰত মাজুলীত পুনৰ ক’ভিডৰ আতংক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.