KMSS protest in Dibrugarh: খিলঞ্জীয়াক উচ্ছেদৰ বিৰুদ্ধে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ খিলঞ্জীয়া গৰ্জন

author img

By

Published : Nov 21, 2022, 6:34 PM IST

KMSS protest against BJP govt in Dibrugarh

‘‘খিলঞ্জীয়াক উচ্ছেদ কৰিব পাৰে চৰকাৰে ৷ কিন্তু বাংলাদেশীয়ে বেদখল কৰা ভূমিহে উচ্ছেদ কৰিব নোৱাৰে বিজেপি ৰাজ্য চৰকাৰখনে ৷’’ ডিব্ৰুগড়ত খিলঞ্জীয়াক উচ্ছেদ কৰাৰ বিৰোধিতাৰে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ৰূপায়ন কৰে বিশাল প্ৰতিবাদ (KMSS protest against BJP govt in Dibrugarh) ৷

ডিব্ৰুগড়, 21 নৱেম্বৰ : ‘‘আমাক উচ্ছেদ নকৰিব; আমাৰ মাটি আমাক দিয়ক; আমি বাংলাদেশী নহয়, আমি খিলঞ্জীয়া’’ ইত্যাদি শ্ল’গান সম্বলিত বেনাৰ পোষ্টাৰ লৈ ৰাজপথত এজাক খিলঞ্জীয়া ৷ সোমবাৰে প্ৰতিবাদ মুখৰ হৈ পৰিল ডিব্ৰুগড় জিলাৰ লেঙেৰী নামদাং ৷ লেঙেৰী নামদাং অঞ্চলত বসবাস কৰা খিলঞ্জীয়াক উচ্ছেদ বন্ধ কৰাৰ বিৰোধিতাৰে পুনৰবাৰ প্ৰতিবাদত নামিল কৃষক মুক্তি সংগ্ৰাম সমিতি (KMSS protest in Dibrugarh) ৷

119 নং টিংখাং বিধানসভা সমষ্টিৰ অন্তৰ্গত নামদাং বনাঞ্চলত 100 বছৰো অধিক কাল বসবাস কৰি অহা আহোম, সোণোৱাল কছাৰী, ঠেঙাল কছাৰী, চাহ-জনগোষ্ঠী আৰু নেপালী আদি লোকসকলক কোনো আগজাননী নিদিয়াকৈ উচ্ছেদ কৰাত আতংকিত হৈ পৰিছে সমগ্ৰ অঞ্চলটো ৷

মন্ত্ৰী বিমল বৰাৰ সমষ্টিত বছৰ বছৰ ধৰি ভোগ দখল কৰি খিলঞ্জীয়া ৰাইজৰ ওপৰত চলোৱা উচ্ছেদ অভিযানৰ বিৰুদ্ধে ডিব্ৰুগড় উপায়ুক্ত কাৰ্যালয়ত লেঙেৰী আঞ্চলিক কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে বিশাল প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে (KMSS protest against BJP govt in Dibrugarh)।

জাতি-মাটি-ভেঁটি সুৰক্ষাৰ কথা কোৱা বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰে ৰাজ্যিক চিৰিয়াখানা নিৰ্মাণৰ নামত খিলঞ্জীয়াৰ ভূমি উচ্ছেদ কৰিব খোজা চৰকাৰৰ হঠকাৰী নীতিক কঠোৰ ভাষাৰে সমালোচনা কৰে প্ৰতিবাদকাৰীসকলে । আনকি কোলাত কেঁচুৱা লৈ প্ৰতিবাদকাৰীসকলে চহৰখনৰ দূৰদৰ্শন কেন্দ্ৰৰ পৰা বিশাল প্ৰতিবাদী সমদল বাহিৰ বিভিন্ন চৰকাৰ বিৰোধী শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি তোলে ।

খিলঞ্জীয়াকহে উচ্ছেদ কৰে চৰকাৰে : KMSS

আনহাতে, কোনোধৰণৰ আগজাননী নিদিয়াকৈ বছৰ বছৰ ধৰি ভোগ দখল কৰি থকা খিলঞ্জীয়া লোকসকলক উচ্ছেদ চলোৱা কাৰ্যক মানি নোলোৱাৰ হুংকাৰ প্ৰদান কৰিছে । আনকি খিলঞ্জীয়াক ভূমিৰ পট্টা প্ৰদানৰ বিপৰীতে তেওঁলোকৰ ঘৰবাৰী, শস্য ভূমি আদি বন বিভাগে উচ্ছেদ কৰাত ক্ষুব্ধ হৈ পৰে প্ৰতিবাদকাৰী ।

ককা-আজুককা দিনৰে পৰা এই ভূমিত ভোগ দখল কৰি বসবাস কৰি পৰিয়াল পোহপাল দি থকা এই খিলঞ্জীয়া লোকসকল যাব ক'লৈ ? কাজিৰঙাত অবৈধ বাংলাদেশীয়ে বেদখল কৰা ভূমি উচ্ছেদ কৰিব নোৱাৰা চৰকাৰখনে পুনৰ কা’ আইনৰ যোগেদি হিন্দু বাংলাদেশীক সংস্থাপন দিবলৈ এই পদক্ষেপ লোৱা বুলি গুৰুতৰ অভিযোগ ভুক্তভোগীৰ ।

তেওঁলোকৰ দাবী যুগ যুগ ধৰি ভোগ দখল কৰি অহা ভূমি কেতিয়াও এৰি নিদিয়ে বৰঞ্চ চৰকাৰক ম্যাদী পট্টা প্ৰদানৰ দাবী তুলিছে এইসকল প্ৰতিবাদকাৰীয়ে ।

লগতে পঢ়ক : Dangerous Elephant Safari: কাজিৰঙাত ব্যক্তিগত হাতীৰ মাউতৰ অতপালি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.