AAP Joining program in Dibrugarh: ডিব্ৰুগড়ত আপৰ বিশাল যোগদান কাৰ্যসূচী

author img

By

Published : Jul 31, 2022, 9:37 PM IST

joining-program-of-aap-in-dibrugarh

প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ গৃহ জিলাৰ চিৰিং দাইনিজান গাঁও পঞ্চায়তৰ তিনি শতাধিকে যোগদান কৰিলে আপত ৷ ৰাজ্যিক যুটীয়া সমন্বয়ক মনোজ ধানোৱাৰৰ সৱল নেতৃত্বত ডিব্ৰুগড় জিলা পেঞ্চনাৰ ভৱনত অনুষ্ঠিত যোগদান কাৰ্যসূচী ৷

মৰাণ, 31 জুলাই : ডিব্ৰুগড়ত আপৰ বিশাল যোগদান কাৰ্যসূচী । প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ গৃহ জিলাৰ চিৰিং দাইনিজান গাঁও পঞ্চায়তৰ তিনি শতাধিক লোকে আনুষ্ঠানিকভাৱে আপত যোগদান কৰে(AAP Joining program in Dibrugarh) । ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে ডিব্ৰুগড়তো আপে দলীয় ভেঁটি শক্তিশালীকৰণ কৰাৰ বাবে বৰ্তমান তৎপৰতাৰে কাম কৰা পৰিলক্ষিত হৈছে ।

ডিব্ৰুগড়ত আপৰ বিশাল যোগদান কাৰ্যসূচী

ৰাজ্যিক যুটীয়া সমন্বয়ক মনোজ ধানোৱাৰৰ সৱল নেতৃত্বত ডিব্ৰুগড় জিলা পেঞ্চনাৰ ভৱনত অনুষ্ঠিত হোৱা যোগদান কাৰ্যসূচীত চিৰিং দাইনিজান গাঁও পঞ্চায়তৰ ৰাইজে মুক্ত মনে আপত যোগদান কৰে ।

উল্লেখ্য যে, বৰ্তমানৰ চৰকাৰখনে সাধাৰণ জনসাধাৰণক মূল্যবৃদ্ধিয়ে কোঙা কৰাত সাধাৰণ জনসাধাৰণ অতিষ্ঠ হৈ এই সিদ্ধান্ত গ্ৰহণ কৰা বুলি সদৰী কৰে৷ লগতে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ নীতি আদৰ্শৰ প্ৰতি সন্তুষ্টি প্ৰকাশ কৰি দেওবাৰে আনুষ্ঠানিক ভাৱে আপত যোগদান কৰে বহু পুৰুষ-মহিলাসহ যুৱক-যুৱতী (Joining program of AAP in Dibrugarh)। যোগদান কাৰ্যসূচীত আপৰ ৰাষ্ট্ৰীয় তত্ত্বাৱধাক ৰাজেশ শৰ্মাৰ লগতে কেইবাগৰাকীও দলৰ কৰ্মকৰ্তাসকল উপস্থিত থাকে ।

লগতে পঢ়ক : AAP Joining program: সৰভোগত আম আদমী পাৰ্টীৰ যোগদান কাৰ্যসূচী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.