HSLC question paper leak : ১০০ টকাতো বিক্ৰী হৈছিল প্ৰশ্নকাকত !

author img

By

Published : Mar 16, 2023, 1:11 PM IST

Updated : Mar 16, 2023, 3:53 PM IST

HSLC question paper leak

হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল গোচৰৰ তদন্তৰ সময়তে চিআইডি আৰু আৰক্ষীয়ে নতুন নতুন তথ্য উদ্ধাৰ কৰিছে (Assam HSLC question paper leak case)। আৰক্ষী সঞ্চালক প্ৰধানৰ মতে এই অপৰাধত জড়িত কোনো লোকক ৰেহাই দিয়া নহয় । পলাতক লোকসকলক আত্মসমৰ্পণ কৰিবলৈ আহ্বান ।

আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙৰ সংবাদমেল

মৰাণ,১৬ মাৰ্চ : "হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল কৰা কোনো ব্যক্তিয়ে ৰেহাই নাপাই ।" এই মন্তব্য অসমৰ আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙৰ (Assam DGP warns culprit involved in paper leak case)। ডিব্ৰুগড়ত সংবাদমেল সম্বোধন কৰি প্ৰশ্নকাকত ফাদিলত জড়িত লোকসকলক সকীয়নি প্ৰদান কৰে আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে । ইয়াত কৈও গুৰুত্বপূৰ্ণ কথাটো হ'ল যে প্ৰশ্নকাকতৰ বিনিময়ত ১০০ টকাৰ পৰা ৩০০০ টকা পৰ্যন্ত ধনৰ লেনদেন হৈছিল । আৰক্ষীৰ তদন্তত এই তথ্য পোহৰলৈ আহিছে ।

উল্লেখ্য যে বুধবাৰে চি আৰ পি এফ, কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থা, উজনি অসমৰ আৰক্ষী অধীক্ষক তথা শীৰ্ষ আৰক্ষী বিষয়াসকলৰ সৈতে এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয় জি পি সিং । ৬ ঘণ্টীয়া বৈঠকত বহুকেইটা বিষয়ত আলোচনা কৰা হয় । আৰক্ষী চাউনিৰ ১৭১ নং চি আৰ পি এফৰ সৈতে হোৱা বৈঠকৰ পাছতে জিলা কেন্দ্ৰীয় কাৰাগাৰ পৰিদৰ্শন কৰে জি পি সিঙে (DGP G P Singh Dibrugarh visits)।

ইফালে উজনি অসমৰ ডিব্ৰুগড়, শিৱসাগৰ, লখিমপুৰ, তিনিচুকীয়া, চৰাইদেউ, ধেমাজি জিলাৰ আৰক্ষী অধীক্ষকসকলৰে আৰক্ষী অতিথিশালাত হোৱা বৈঠকত আইন-শৃংখলাজনিত ঘটনাৰ পৰ্যালোচনা কৰা হয় । তদুপৰি জি-২০ক লৈয়ো আৰক্ষী অধীক্ষকসকলৰ সৈতে আলোচনা কৰে আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে (Assam police meeting on G20 at Dibrugarh)। প্ৰশ্নকাকত ফাদিল সন্দৰ্ভতো নিশা আৰক্ষীৰ শীৰ্ষ বিষয়াসকলৰ সৈতে আলোচনাত মিলিত হয় সঞ্চালক প্ৰধান জি পি সিং ।

প্ৰশ্নকাকত ফাদিল গোচৰৰ তদন্তৰ দায়িত্ব চি আই ডিক অৰ্পণ কৰিলেও আৰক্ষীৰ সৈতে টীম আছাম হিচাপে তদন্ত প্ৰক্ৰিয়া চলাই থকাৰ কথা প্ৰকাশ কৰে জি পি সিঙে । আনকি বুধবাৰে নিশাৰ ভাগত ২৫ গৰাকী লোকক আটক কৰাৰ কথাও তেওঁ উল্লেখ কৰে । চি আই ডিয়ে আটাইকেইজনক ৩ দিনৰ জিন্মাত ৰাখি সোধা-পোছা অব্যাহত ৰাখিছে (Total arrested on HSLC question paper leak)। তদন্তৰ অন্তত প্ৰমাণ লাভ কৰিলে তেওঁলোকক গ্ৰেপ্তাৰ কৰা হ'ব বুলিও উল্লেখ কৰে জি পি সিঙে ।

ইফালে আৰক্ষীৰ তদন্তত পোহৰলৈ আহিছে যে প্ৰশ্নকাকত ধনৰ বিনিময়ত ফাদিল কৰা হৈছে । ১০০ টকাৰ পৰা ৩০০০ টকা পৰ্যন্ত ধনৰ বিনিময়ত প্ৰশ্নকাকত ফাদিলৰ তথ্য লাভ কৰিছে আৰক্ষীয়ে । প্ৰশ্নকাকতৰ আদান প্ৰদান হোৱাটচএপৰ জৰিয়তে কৰা হৈছিল আৰু ধনৰ লেনদেন গুগল পে, পে টিএম আদি ডিজিটেল মাধ্যমৰ জৰিয়তে হৈছিল । ঘটনাৰ লগত জড়িত কেইবাজনো পলাতক হৈ আছে বুলি জি পি সিঙে উল্লেখ কৰে ।

পলাতক হৈ থকা অভিযুক্তসকলক আত্মসমৰ্পণৰ আহ্বান জি পি সিঙৰ । অন্যথা কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰো সকীয়নি প্ৰদান কৰে আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে । ইফালে মাজুলী, লখিমপুৰ, ধেমাজি, তিনিচুকীয়া, শদিয়া, ডিব্ৰুগড়ত চীল কৰা প্ৰশ্নকাকত চি আই ডিক অৰ্পণ কৰা হ'ব লগতে অতি সোনকালে তদন্ত প্ৰক্ৰিয়াৰ সামৰণি পৰিব বুলিও তেওঁ জানিবলৈ দিয়ে ।

তদন্ত প্ৰক্ৰিয়া সঠিক দিশত আগবাঢ়িছে আৰু অগ্ৰগতি লাভ কৰিছে বুলিও তেওঁ উল্লেখ কৰে । উল্লেখ্য যে, মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মতে মেট্ৰিক পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ ঘটনাৰ তদন্তৰ বুজ ল'বলৈ বুধবাৰে ডিব্ৰুগড়ত উপস্থিত হৈছিল অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জি পি সিং ।

লগতে পঢ়ক :9 detained in Dibrugarh: ৫০০ টকাৰ পৰা ২০০০ টকাৰ বিনিময়ত বিক্ৰী মেট্ৰিকৰ প্ৰশ্নকাকত

Last Updated :Mar 16, 2023, 3:53 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.