আধাৰশিলা হ’ল; কিন্তু পথটো নিৰ্মানহে নহ’ল - এয়াই নেকি উন্নতি !

author img

By

Published : Jul 2, 2022, 12:58 PM IST

Poor road condition of Tingkhong

ৰাজ্যৰ তদানিন্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে (Ex Cabinet minister Sarbananda Sonowal) সাংসদ ৰামেশ্বৰ তেলীৰ উপস্থিতিত প্ৰায় 40 লাখ টকা আৱণ্টনেৰে ২২.৭৮ কিলোমিটাৰ পথ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰিছিল ৷ ইয়াৰ পিছত প্ৰায় ন-কিলোমিটা দৈৰ্ঘৰ পথ নিৰ্মাণ হ'ল যদিও বাকী অংশত পুখুৰীসদৃশ গাঁতৰ সৃষ্টি হোৱাত এতিয়া যমৰ যাতনা ভোগ কৰিবলগীয়া হৈছে বৃহত্তৰ অঞ্চলটোৰ জনসাধাৰণে (Road was not built in Tingkhong) ৷

টিংখং, 2 জুলাই: এফালে ৰাজ্যত বিজেপি চৰকাৰৰ উন্নয়নৰ জয়গান আৰু আনফালে ইয়াৰ এখন বিপৰীত দৃশ্য ৷ 2017 চনতেই আধাৰশিলা স্থাপন কৰা এটা পথৰ দুৰৱস্থা দেখিলে আপুনি হয়তো কবলৈ বাধ্য হ’ব- এয়াই নেকি উন্নতি ! টিংখং সমষ্টিৰ তিনিআলি চাহবাগিচাৰ পৰা বামুনবাৰী সংযোগী এই পথটো তদানিন্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে (Ex Cabinet minister Sarbananda Sonowal) সাংসদ ৰামেশ্বৰ তেলীৰ উপস্থিতিত প্ৰায় 40 লাখ টকা আৱণ্টনেৰে ২২.৭৮ কিলোমিটাৰ পথ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰিছিল ৷

কিন্তু তাৰ পিছৰ পথটোৰ কিয়দাংশ কাম কৰি আধাতে সামৰিলে নিৰ্মাণ কাৰ্য (Road was not built in Tingkhong) ৷ প্ৰেভাৰচ ব্লকেৰে বামুনবাৰীৰ পৰা আঘোণীবাৰীলৈ প্ৰায় ন-কিলোমিটাৰ পথ নিৰ্মাণ হ'ল যদিও বাকী অংশত পুখুৰীসদৃশ গাঁতৰ সৃষ্টি হোৱাত এতিয়া যমৰ যাতনা ভোগ কৰিবলগীয়া হৈছে বৃহত্তৰ অঞ্চলটোৰ জনসাধাৰণে (Poor road condition of Tingkhong) ৷ এতিয়া পথটোৰ এনে বিধ্বস্ত অৱস্থাত যিকোনো জৰুৰীকালীল সেৱা বিশেষকৈ ৰোগী এগৰাকীক নিবৰ বাবেও পথটোৰে সোমাব নোৱাৰে এখন এম্বুলেঞ্চ ৷ সেই স্থানৰ ৰোগীক যিকোনো প্ৰকাৰে চিকিৎসালয়লৈ নিবৰ হ'লেও লগত অতিৰিক্ত মানুহ লৈহে যাব লাগিব ৷ কাৰণ প্ৰকাণ্ড গাঁতত গাড়ী সোমাই বাহন আবদ্ধ হ’ব লাগিলে ৰোগীক লৈ এক অভাৱনীয় পৰিস্থতিৰ সৃষ্টি হোৱাটো নিশ্চিত ৷

5 বছৰে ধৰি সম্পূৰ্ণ নহ'ল পথ নিৰ্মাণৰ কাম

ইয়াৰোপৰি স্কুল কলেজৰ ছাত্ৰ-ছাত্ৰীয়েও পথৰ দুৰৱস্থাৰ বাবে বহু অশুবিধাৰ সন্মুখীন হৈ আহিছে ৷ উল্লেখযোগ্য যে অঞ্চলটোৰ লোকসকলে স্থানীয় বিধায়ক তথা অসম চৰকাৰৰ মন্ত্ৰী বিমল বড়াক এই বিষয়ে অৱগত কৰিছে যদিও অঞ্চলবাসীয়ে আজি পৰ্যন্ত লাভ নকৰিলে কোনো সুফল ৷

বাৰিষাৰ বাহিৰেও খৰালিতো ধূলি আৰু বৃহৎ গাঁতৰ ওপৰেদি পথচোৱা পাৰ হ'ব লগা হয় জনসাধাৰণে ৷ সেয়েহে অতি সোনকালে পথটো নিৰ্মাণৰ কাতৰ অনুৰোধ জনাইছে মন্ত্ৰী বিমল বড়াৰ লগতে সংশ্লিষ্ট কৰ্তৃপক্ষক ৷ যদিহে পথটো নিৰ্মাণত ঠিকাদাৰে হেমাহি কৰি আহিছে, তেনেহ'লে তাৰো সঠিক তদন্ত কৰি সেই ঠিকাদাৰৰ বিৰুদ্ধে বিহিত ব্যৱস্থা লবলৈ আহ্বান জনালে স্থানীয় ৰাইজে ৷

লগতে পঢ়ক: Ganja seized in Nazira: শিমলুগুৰিত বৃহৎ পৰিমাণৰ গাঞ্জাসহ আটক মহিলা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.