মৰাণত থলুৱা শিল্পীৰ পৰশত প্ৰাণ পাই উঠিছে বাঁহেৰে নিৰ্মিত বিশাল মণ্ডপ

author img

By

Published : Sep 29, 2022, 1:44 PM IST

Durga Puja at Maran Tea estate

শাৰদীয় দুৰ্গোৎসৱলৈ মাজত মাত্ৰ কেইটামান দিন (Durga Puja in Dibrugarh) ৷ শংখ, ঘন্টা, বৈদিক মন্ত্ৰোচ্চাৰণেৰে মুখৰিত হ'ব ৰাজ্যৰ আকাশ-বতাহ ৷ দুৰ্গা পূজাক লৈ এতিয়া ব্যস্ততাৰ অন্ত নাই ৰাজ্যৰ মৃৎ শিল্পীসকলৰ ৷ দিনে নিশাই ব্যস্ত হৈ পৰিছে শিল্পী সকল ।

মৰাণ, ২৯ ছেপ্টেম্বৰ: কঁহুৱা-কোমল উশাহ লৈ, শেৱালি কোমল হাঁহিটিৰে শৰৎ আকৌ আহিছে । বতাহত লহপহকৈ হালি উঠা কঁহুৱাৰ লয়-লাস-ছন্দই শৰতৰ মধুময় দিনৰ আদৰণি জনাইছে । শেৱালি সুবাসেৰে আমোলমোল কৰা পদুলিমুখত নিয়ৰসিক্ত দুবৰিৰ দলিচাত যাওঁ বুলি যাবই নোখোজা মন এটা লৈ আহি আছে শৰৎ ।

শাৰদীয় দুৰ্গা পূজালৈ মাজত মাথো কেইদিনমান বাকী (Durga Puja 2022 in Assam)। দুৰ্গাদেৱীৰ আগমনত পূজা-অৰ্চনাৰ বাবে সকলো সাজু হৈছে । জাক-জমকতাৰে ভৰি পৰিছে ৰাজ্যৰ বিভিন্ন পূজা মণ্ডপ । ব্যস্ততা বাঢ়িছে পূজা সমিতি,মৃন্ময় শিল্পী সকলৰ । ভক্ত সকলক আকৰ্ষণ কৰিবলৈ পূজা মণ্ডপ সমূহত অঘোষিত প্ৰতিযোগীতা চলিছে । ইয়াৰ ব্যতিক্ৰম নহয় মৰাণৰ পূজা মণ্ডপ সমূহ ।

মৰাণত আৰ্কষনীয় পূজা মণ্ডপ

সমগ্ৰ ৰাজ্যৰ লগতে ডিব্ৰুগড় (Durga Puja at Dibrugarh) আৰু চৰাইদেউ (Durga Puja at Charaideo) জিলাৰ সীমাত অৱস্থিত মৰাণত দেখা পোৱা গৈছে শাৰদীয় দুৰ্গোৎসৱকলৈ উৎসাহ উদ্দীপনা । মৰাণৰ প্ৰতিখন পূজা সমিতিৰ দুৰ্গা পূজা উপলক্ষে ব্যাপক প্ৰস্তুতি দেখিবলৈ পোৱা গৈছে । এইবাৰ মৰাণত ৩৭ খন পূজাৰ প্ৰস্তুতি চলিছে ।

ৰাইজক আকৰ্ষিত কৰিবলৈ পূজা মণ্ডপ নিৰ্মাণৰ বাবে পূজা সমিতিসমূহে লৈছে ন ন কৌশল । বিশেষকৈ চৰকাৰৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই Vocal for local থীম লৈ এইবাৰ সাজি উলিয়াইছে আকৰ্ষণীয় পূজা মণ্ডপ আৰু মৃন্ময় প্ৰতিমা । বিশেষকৈ পিয়লি নগৰ সাৰ্বজনীন দুৰ্গা পূজা,মা শক্তি আৰাধনা সমিতিৰ দুৰ্গা পূজা সমিতিয়ে অসমীয়া থলুৱা শিল্পীৰ পৰশত প্ৰাণ পাই উঠিছে আটক ধুনীয়া বাঁহেৰে নিৰ্মিত বিশাল মণ্ডপ । সম্পূৰ্ণ থলুৱা কাৰিকৰ আৰু বাঁহেৰে নিৰ্মাণ কৰি থকা এই পূজা সমিতিৰ ভিতৰত দুখনক লৈ চৰ্চা হৈছে ।

ইফালে,মৰাণত চাহ বাগিচা (Durga Puja at Maran Tea estate) অঞ্চলৰ পৰা চহৰলৈকে অনুষ্ঠিত ৩৭ খন পূজা যাতে শান্তিপূৰ্ণ ভাৱে অনুষ্ঠিত হয় তাৰ বাবে মৰাণৰ প্ৰশাসে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে । পূজা সমিতিসমূহৰ লগত কেইবালানিও বৈঠক অনুষ্ঠিত কৰিছে মৰাণ প্ৰশাসনে ।

লগতে পঢ়ক:ধুবুৰীৰ যুৱ শিল্পী অলিভিয়া মণ্ডলে কাগজৰ কাৰ্টনৰে নিৰ্মাণ কৰিলে দুৰ্গা প্ৰতিমা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.