Nagen Saikia inaugurated book : অসমীয়া ভাষা সাহিত্য-সংস্কৃতিৰ চৰ্চাত বাঙালী শীৰ্ষক গ্ৰন্থ উন্মোচন কৰে শিক্ষাবিদ ড॰ নগেন শইকীয়াই

author img

By

Published : May 25, 2023, 5:27 PM IST

Dr Nagen Saikia inaugurated a book

ডিব্ৰুগড়ত উন্মোচিত হ’ল ‘‘অসমীয়া ভাষা সাহিত্য-সংস্কৃতিৰ চৰ্চাত বাঙালী’’ শীৰ্ষক গ্ৰন্থ (Dr Nagen Saikia inaugurated a book) ৷ এই গ্ৰন্থখনি উন্মোচন কৰে শিক্ষাবিদ তথা মিতভাষৰ স্ৰষ্টা ড॰ নগেন শইকীয়াই ৷

গৱেষক ড॰ মন্দিৰা দাসৰ গ্ৰন্থ উন্মোচন অনুষ্ঠান

ডিব্ৰুগড়, 25 মে’ : ডিব্ৰুগড়ত ‘‘অসমীয়া ভাষা সাহিত্য-সংস্কৃতিৰ চৰ্চাত বাঙালী’’ উন্মোচন কৰি কৰিলে শিক্ষাবিদ তথা মিতভাষৰ স্ৰষ্টা ড॰ নগেন শইকীয়াই (Dr Nagen Saikia inaugurated a book)। বুধবাৰে বিয়লি ডিব্ৰুগড়ত বিশিষ্ট গৱেষিকা তথা ডুমডুমা কলেজৰ বাংলা বিভাগৰ মুৰব্বী অধ্যাপক ড॰ মন্দিৰা দাসৰ গ্ৰন্থ ‘‘অসমীয়া ভাষা সাহিত্য-সংস্কৃতিৰ চৰ্চাত বাঙালী’’ শীৰ্ষক দুশ পৃষ্ঠাৰ গ্ৰন্থখনি উন্মোচন কৰে বিশিষ্ট সাহিত্যিকগৰাকীয়ে ।

সাহিত্যিকগৰাকীৰ বাসগৃহ ‘আশ্ৰয়’ তথা বৰ্ণমালাৰ সম্প্ৰসাৰিত গ্ৰন্থাগাৰৰ প্ৰেক্ষাগৃহত সাৰস্বত ন্যাস পৰিষদৰ দ্বাৰা আয়োজিত গাম্ভীৰ্যপূৰ্ণ উন্মোচনী অনুষ্ঠানত ভাষণ দি তেওঁ কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য কৰে ৷ প্ৰথিতযশা সাহিত্যিক, শিক্ষাবিদ তথা মিতভাষৰ স্ৰষ্টা ড॰ শইকীয়াই ভাষণ প্ৰসংগত কয় ‘‘ অসম সম্পৰ্কে বা বেজবৰুৱাৰ সম্পৰ্কে যদিহে কোনোবাই খৰছি মাৰি অধ্যয়ন কৰিছে সেয়া হৈছে গৱেষক ড॰ মন্দিৰা দাস’’ (Nagen Saikia inaugurated book) ৷

তেওঁ আৰু কয়, ‘‘ ড॰ মন্দিৰা দাসৰ পৰা গৱেষকসকলে বহুখিনি শিকিবলগা আছে ৷ কোনেও নকৰা এটা ভাল কাম সম্পাদন হ’ল । এই গৱেষণা গ্ৰন্থখনিয়ে অসমীয়া-বাঙালীৰ মাজত সমন্বয়ৰ সেঁতু গঢ়ি ভুল বুজাবুজি আঁতৰ কৰাত সহায় কৰিব’’ ৷

এই অনুষ্ঠানৰ আৰম্ভণিতে গ্ৰন্থখনিৰ লেখিকা ড॰ মন্দিৰা দাসে আদৰণি ভাষণ প্ৰদান কৰে ৷ লগতে গ্ৰন্থখনিৰ বাবে তথ্য সংগ্ৰহৰ সময়ত লাভ কৰা বিভিন্ন গুৰুত্বপূৰ্ণ দিশৰ কথা উল্লেখ কৰি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ভূতপূৰ্ব উপাচাৰ্য ড॰ মুকুন্দ মাধৱ শৰ্মা, সাহিত্যিক নগেন শইকীয়াই এইক্ষেত্ৰত কৰা সহযোগিতাৰ কথা শ্ৰদ্ধাৰে স্মৰণ কৰে ৷ সাৰস্বত ন্যাস পৰিষদৰ প্ৰচাৰ সচিব তথা সাংবাদিক ৰতন হাজৰিকাই অনুষ্ঠানটি আঁতধৰাৰ লগতে লেখিকাগৰাকীৰ জীৱন কৃতিৰ ওপৰতো চমুকৈ আলোকপাত কৰে ৷

ন্যাসৰ কাম-কাজৰ সম্পৰ্কত চমু বক্তব্য আগবঢ়ায় সম্পাদক বীৰেন বৰুৱাই ৷ এই অনুষ্ঠানত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰকাশন বিষয়া প্ৰকল্প ৰঞ্জন ভাগৱতী, অসম সাহিত্য সভাৰ ডিব্ৰুগড় আঞ্চলিক কাৰ্যালয়ৰ সহকাৰী সম্পাদক ভূৱন মোহন গোস্বামী, ডিব্ৰুগড় চৰকাৰী ল’ৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ হৃদয় চৌধুৰী, অসম আদিত্য কাকতৰ কাৰ্যবাহী সম্পাদক মনজিৎ বৰা, সমাজকৰ্মী, শিক্ষাবিদ প্ৰকাশ গগৈকে ধৰি কুৰিৰো অধিক বিশিষ্ট ব্যক্তি তথা লেখক-লেখিকা উপস্থিত থাকে ৷

লগতে পঢ়ক : Bhabesh Kalita Reacted on Internal Conflict : বিজেপিত কোনো ধৰণৰ বিসম্বাদ নাই; ভৱেশ কলিতা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.