৩০ ছেপ্টেম্বৰৰ পৰা তিনিদিনীয়াকৈ পালন কৰা হ’ব ডিব্ৰুগড় জিলা দিৱস

author img

By

Published : Sep 23, 2022, 10:46 AM IST

Updated : Sep 23, 2022, 11:25 AM IST

district day will held by administration

ডিব্ৰুগড় জিলা প্ৰশাসনে আয়োজন কৰিবলৈ ওলাইছে জিলা দিৱস(District Day will held in Dibrugarh) । ৩০ ছেপ্টেম্বৰৰ পৰা ২ অক্টোবৰলৈ তিনিদিয়াকৈ অনুষ্ঠিত কৰিব জিলা দিৱসৰ । জিলা দিৱসত অনুষ্ঠিত কৰিবলগীয়া কাৰ্যসূচী সন্দৰ্ভত সংবাদমেলযোগে সদৰি কৰে জিলা উপায়ুক্ত বিশ্বজিত পেগুৱে(Press conference of DC Biswajit Pegu) ।

ডিব্ৰুগড়,২৩ অক্টোবৰ: ডিব্ৰুগড় জিলা প্ৰশাসনে তিনিদিনীয়াকৈ আয়োজন কৰিছে জিলা দিৱসৰ(District Day will held in Dibrugarh) । ১৯৭১ চনৰ ২অক্টোবৰত প্ৰতিষ্ঠা লাভ কৰা ডিব্ৰুগড় জিলাৰ প্ৰতিষ্ঠা বৰ্ষ উপলক্ষে আয়োজন কৰিছে এই জিলা দিৱসৰ । বৰ্ণাঢ্য সাংস্কৃতিক কাৰ্যসূচীৰে আয়োজন কৰা জিলা দিৱসৰ বিস্তৃত কাৰ্যসূচী সন্দৰ্ভত বৃহস্পতিবাৰে উপায়ুক্ত বিশ্বজিত পেগুৱে অনুষ্ঠিত কৰে এখন সংবাদমেলৰ(Press conference of DC Biswajit Pegu) ।

উপায়ুক্ত পেগুৱে সংবাদমেলযোগে জনায় যে, ৩০ ছেপ্টেম্বৰৰ পৰা ২ অক্টোবৰলৈ অনুষ্ঠিত হ'বলগীয়া জিলা দিৱসৰ কাৰ্যসূচী উপলক্ষে ৩০ ছেপ্টেম্বৰত সাহিত্য আৰু সাংস্কৃতিক অনুষ্ঠানেৰে কাৰ্যসূচী শুভাৰম্ভ হ'ব(District Day to be held from September 30 to Oct 2) । পুৱা ১০ বজাত বিশাল সাংস্কৃতিক শোভাযাত্ৰা বাহিৰ কৰাৰ লগতে প্ৰদৰ্শনী, ডিব্ৰুগড়ৰ বিষয়ত অনুষ্ঠিত হ'ব কুইজ প্ৰতিযোগিতা । ইয়াৰ পিছতে লেখক আৰু কবি সকলৰ মাজত মত বিনিময় আৰু সন্ধিয়া 'তোৰে মোৰে আলোকৰে যাত্ৰা' শীৰ্ষক সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত কৰা হ'ব ।

৩০ ছেপ্টেম্বৰৰ পৰা তিনিদিনীয়াকৈ ডিব্ৰুগড় জিলা দিৱস

দ্বিতীয় দিনাৰ কাৰ্যসূচীত পুৱা চাইকেল ৰেলীৰ পিছতে চিত্ৰাংকন প্ৰতিযোগিতা, পৰম্পৰাগত সাজপাৰ প্ৰতিযোগিতা, ডগ শ্বো, মানসিক ৰোগৰ চিকিৎসা শিবিৰ, ডিব্ৰুগড় জিলাৰ ঐতিহাসিক সমলক লৈ দৃশ্য শ্ৰব্য প্ৰদৰ্শন আৰু ন-পুৰণি শিল্পীক লৈ সন্ধিয়া সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰিছে প্ৰশাসনে । সেইদৰে গান্ধী জয়ন্তী অৰ্থাৎ ২ অক্টোবৰৰ সামৰণি অনুষ্ঠানৰ উপলক্ষে স্বচ্ছ ভাৰত অভিযানৰ অধীনত চাফাই অভিযান, স্মৃতিগ্ৰন্থ উন্মোচন আৰু দিনৰ ভাগত অনুষ্ঠিত হ'ব বঁটা বিতৰণী আৰু সম্বৰ্ধনা অনুষ্ঠান ।

ইফালে জিলা দিৱসৰ দিনটোত জিলাখনৰ প্ৰতিটো চক্ৰ বিষয়া কাৰ্যালয়ত বৰ্নাঢ্য অনুষ্ঠান আয়োজনৰ নিৰ্দেশ প্ৰদান কৰা হৈছে । অইল ইণ্ডিয়া লিমিটেডকো এইক্ষেত্ৰত বিশেষভাৱে আহ্বান জনোৱাৰ কথা প্ৰকাশ কৰিছে উপায়ুক্ত পেগুৱে । অন্যহাতে ২ অক্টোবৰত সন্ধিয়া ঘৰে ঘৰে বন্তি প্ৰজ্বলনৰ বাবে উপায়ুক্ত গৰাকীয়ে জিলাখনৰ সকলো লোককে আহ্বান জনাইছে ।

লগতে পঢ়ক: চোৰৰ টিঘিলঘিলনি; হাতে লোটে আটক চিলনী চোৰক

Last Updated :Sep 23, 2022, 11:25 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.